ETV Bharat / state

Lok Sabha election 2024: কলিয়াবৰৰ পৰা গৌৰৱ গগৈক উৎখাত কৰাৰ অভিযানত নামিছে অজন্তা - Kaliabor Lok Sabha Constituency

2024 চনৰ লোকসভা নিৰ্বাচনত কলিয়াবৰ লোকসভা সমষ্টি দখলৰ বাবে তৎপৰ হৈছে বিজেপি ৷ কলিয়াবৰ লোকসভা সমষ্টি বিজেপিৰ হাতলৈ অহাৰ লগতে পুনৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী হ’ব বুলি দাবী অজন্তা নেওগৰ (Lok Sabha election 2024) ৷

Lok Sabha election 2024
18698970
author img

By

Published : Jun 7, 2023, 8:47 PM IST

কাৰ হাতলৈ যাব কলিয়াৰ লোকসভা সমষ্টি ?

নগাঁও, 7 জুন: সমাগত 2024 ৰ লোকসভা নিৰ্বাচন (Lok Sabha election 2024) ৷ লোকসভাৰ আসন দখলৰ উদ্দেশ্যৰে ইতিমধ্যেই ৰাজ্যত প্ৰচাৰ অভিযান তীব্ৰতৰ কৰিছে প্ৰতিটো ৰাজনৈতিক দলে ৷ আনহাতে এইবাৰ কংগ্ৰেছৰ দখলত থকা অৰ্থাৎ সাংসদ গৌৰৱ গগৈৰ সমষ্টি কলিয়াবৰ নিজৰ দখললৈ অনাৰ বাবে ৰণনীতি প্ৰস্তুত কৰিছে বিজেপিয়ে ৷

বুধবাৰে কলিয়াবৰ লোকসভা সমষ্টিৰ বটদ্ৰৱাত উপস্থিত হৈ এই দাবী কৰে ৰাজ্যৰ বিত্ত আৰু সমাজ কল্যাণ বিভাগৰ মন্ত্ৰী অজন্তা নেওগে (Minister Ajanta Neog) ৷ চৰকাৰ আৰু জনসাধাৰণৰ মাজত এক সু-সম্পৰ্ক গঢ়ি তোলাৰ উদ্দেশ্যে দেশজুৰি বিজেপিয়ে পালন কৰিছে ‘মহা জনসম্পৰ্ক অভিযান’ (BJP Jana Samparka Abhiyaan) ৷ এই অভিযানৰ অংশ হিচাবে বটদ্ৰৱাৰ ৰাজহুৱা মঞ্চত অনুষ্ঠিত ভাৰতীয় জনতা পাৰ্টিৰ বুথ সন্মিলনত অংশগ্ৰহণ কৰে মন্ত্ৰী অজন্তা নেওগে (Assam BJP) ৷

লগতে পঢ়ক: BJP Maha Jansampark campaign:"মহা জনসম্পৰ্ক অভিযান” সন্দৰ্ভত বিজেপি OBC মৰ্চাৰ সাংগঠনিক সভা

বুথৰ বিষয়ববীয়া তথা কাৰ্যকর্তাসকলক সমষ্টি দুটাৰ সৰ্বাংগীন উন্নয়নৰ স্বাৰ্থত দলীয় কৰ্মসূচী আগুৱাই নিয়াৰ আহ্বান জনায় মন্ত্ৰী নেওগে ৷ লগতে আগন্তুক লোকসভা নিৰ্বাচনত পুনৰ কেন্দ্ৰত বিজেপিয়ে জয়লাভ কৰি পুনৰ নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী হ’ব বুলি দাবী কৰে অজন্তা নেওগে ৷ কলিয়াবৰত বিজেপি বৰ্তমান শক্তিশালী পৰ্যায়ত আছে বুলি উল্লেখ কৰি কলিয়াবৰ লোকসভা সমষ্টি দখল কৰি গৌৰৱ গগৈক (MP Gaurav Gogoi) বিদায় দিয়াৰ ইংগিত দিয়ে অজন্তা নেওগে (Kaliabor Lok Sabha Constituency) ৷

ইফালে ৰাজ্য চৰকাৰে লোৱা ঋণ সন্দৰ্ভত সাংবাদিকে সোধা এক প্ৰশ্নৰ উত্তৰত বিত্ত বিভাগৰ মন্ত্ৰী অজন্তা নেওগে কয় যে দেশৰ প্ৰতিখন ৰাজ্যই ঋণ ল’বলগীয়া হয় ৷ অসম চৰকাৰে লোৱা ঋণৰ ধন ৰাস্তা-ঘাট নিৰ্মাণৰৰ দৰে উন্নয়নৰ কামত ব্যৱহাৰ কৰা হৈছে বুলিও মন্ত্ৰী অজন্তা নেওগে মন্তব্য কৰে (Assam govt in Debt) ৷

লগতে পঢ়ক: Power Crisis in Assam : সামান্য বিদ্যুৎ উৎপাদন অসমৰ, কিনিছে চৰা দামত বিদুৎ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.