ETV Bharat / state

কলিয়াবৰত বীজ কেলেংকাৰী

author img

By

Published : Apr 25, 2019, 10:23 PM IST

কলিয়াবৰ কৃষি মহকুমা কাৰ্যালয়ৰ পৰা নীতি বহিৰ্ভূতভাবে মাটি মাহ আৰু মগু মাহৰ বীজ সৰবৰাহ কৰাৰ সময়তে কলিয়াবৰ আৰক্ষীয়ে আটক কৰে বাহনখন । নিৰ্বাচনী নিষেধাজ্ঞা চলি থকাৰ সময়তে AS-o2-BC-19o5 নম্বৰৰ বাহনখন বৃহৎ পৰিমাণৰ মাটি মাহ আৰু মগু মাহৰ বীজসহ  সন্দেহজনক অৱস্থাত আটক কৰে

কলিয়াবৰত বীজ কেলেংকাৰী

নগাঁও,25 এপ্ৰিলঃ কলিয়াবৰৰ কৃষি বিভাগত বীজ কেলেংকাৰী । কৃষকৰ বাবে আৱন্টিত কৃষি বীজসহ আটক বাহন ৷ কলিয়াবৰ কৃষি মহকুমা কাৰ্যালয়ৰ পৰা নীতি বহিৰ্ভূতভাবে মাটি মাহ আৰু মগু মাহৰ বীজ সৰবৰাহ কৰাৰ সময়তে কলিয়াবৰ আৰক্ষীয়ে আটক কৰে বাহনখন । নিৰ্বাচনী নিষেধাজ্ঞা চলি থকাৰ সময়তে AS-o2-BC-19o5 নম্বৰৰ বাহনখন বৃহৎ পৰিমাণৰ মাটি মাহ আৰু মগু মাহৰ বীজসহ সন্দেহজনক অৱস্থাত আটক কৰে । মাহৰ বীজখিনি কলিয়াবৰ মহকুমা কৃষি বিষয়াৰ কাৰ্যালয়ৰ পৰা ৰূপহীহাটলৈ বিভাগীয় নথি-পত্ৰ বিহীনভাবে তথা কৃষি বিভাগৰ কোনো বিষয়া-কৰ্মচাৰী নহোৱাকৈ লৈ যোৱাত সন্দেহ ওপজে ৰাইজৰ ৷ তাৰ পাচতে অৱগত কৰে আৰক্ষীক ৷ ঘটনাস্থলীত কলিয়াবৰ আৰক্ষী উপস্থিত হৈ জব্দ কৰে বীজভৰ্তি বাহনসহ চালকজন ৷

কলিয়াবৰত বীজ কেলেংকাৰী

আৰু পঢ়ক: ধান নহয় মোনে মোনে ওলাইছে পতান, কৃষকৰ আশাত চেঁচাপানী ঢালিলে কোনে ?

আনহাটে, ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে কলিয়াবৰ আৰক্ষীয়ে ৷ লগতে যোগাযোগ কৰিছে কলিয়াবৰ মহকুমা কৃষি বিষয়াৰে । নিৰ্দিষ্ট সময়ত বীজ সৰবৰাহৰ উপযুক্ত নথি-পত্ৰ জমা দিব নোৱাৰিলে আৰক্ষীয়ে ৰুজু কৰিব গোচৰ ।

Intro:কলিয়াবৰৰ কৃষি বিভাগত বীজ কেলেংকাৰী।
কৃষকৰ বাবে আৱন্টিত কৃষি বীজসহ বাহন আটক কলিয়াবৰত।Body:কলিয়াবৰ কৃষি মহকুমা কাৰ্যালয়ৰ পৰা নীতি বহিৰ্ভূতভাবে মাটি মাহ আৰু মগু মাহৰ বীজ খিনি সৰবৰাহ কৰাৰ সময়তে কলিয়াবৰ আৰক্ষীয়ে আটক কৰে বাহন খন। মাটি মাহ আৰু মগু মাহৰ বীজ সহ আটকাধীন বাহন খনৰ নম্বৰ হ'ল এ এছ ০২ বি চি ১৯০৫। নিৰ্বাচনী নিষেধাজ্ঞা চলি থকাৰ সময়তে বৃহৎ পৰিমাণৰ বীজৰ সৰবৰাহ সন্দেহজনক। সেয়ে নীতি বৰ্হিভূত ভাৱে বীজ সৰবৰাহৰ অভিযোগ স্থানীয় ৰাইজৰ। বুজন পৰিমাণৰ মাহৰ বীজখিনি কলিয়াবৰ মহকুমা কৃষি বিষয়াৰ কাৰ্যালয়ৰ পৰা ৰূপহীহাটলৈ নিবলৈ ধৰোতেই আৰক্ষীয়ে জব্দ কৰে বাহনখন। বাহনখনৰ চালকৰ হাতত মজুত নাছিল এই বুজন পৰিমাণ বীজ সৰবৰাহৰ কোনো বিভাগীয় নথি-পত্ৰ। বাহনত নাছিল কোনো কৃষি বিভাগৰ বিষয়া-কৰ্মচাৰী। যাৰ বাবে ৰাইজৰ সন্দেহ উপজিল কৃষি বিভাগৰ এই নীতি বৰ্হিভূত কাণ্ডৰ ওপৰত। লগে লগে অৱগত কৰে আৰক্ষীক। তাৰ পিচতে ঘটনাস্থলিত কলিয়াবৰ আৰক্ষী উপস্থিত হৈ জব্দ কৰে বীজভৰ্তি বাহনখন। আটক কৰিছে বাহনখনৰ চালকক। ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰখা কলিয়াবৰ আৰক্ষী যোগাযোগ কৰিছে কলিয়াবৰ মহকুমা কৃষি বিষয়াৰে। নিৰ্দিষ্ট সময়ত বীজ সৰবৰাহৰ উপযুক্ত নথি-পত্ৰ জমা দিব নোৱাৰিলে আৰক্ষীয়ে ৰুজু কৰিব গোচৰ।Conclusion:visuals
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.