কলিয়াবৰ, ১৬ ফেব্ৰুৱাৰী : অৱশেষত দুটা ভাগত বিভক্ত হ'ল অসম সত্ৰ মহাসভা (Asom Satra Mahasabha Divided)। মহাসভাৰ সভাপতি আৰু প্ৰধান সম্পাদকৰ মইমতালিৰ অভিযোগেৰে পদত্যাগ কৰিবলৈ বাধ্য হল একাংশ বিষয়ববীয়াই । কলিয়াবৰত উপস্থিত হৈ বৃহস্পতিবাৰে এনেদৰে মন্তব্য কৰিলে সত্ৰ মহাসভাৰ পদত্যাগী কাৰ্যকৰী সভাপতি তথা মাজুলীৰ গড়মূৰ সৰু সত্ৰৰ সত্ৰাধিকাৰ হৰিদেৱ গোস্বামীয়ে (Satradhikar Haridev Goswami) । কলিয়াবৰ প্ৰেছ ক্লাবত আয়োজিত এখন সংবাদ মেলত মহাসভাৰ সভাপতি জিতেন্দ্ৰ নাথ প্ৰধানী, প্ৰধান সম্পাদক কুসুম কুমাৰ মহন্তৰ বিৰুদ্ধে সাংবিধানিকক নিয়ম ভংগৰ অভিযোগ উত্থাপন কৰে একাংশ ক্ষুব্ধ বিষয়ববীয়াই (Kaliabor press club)।
স্মৰ্তব্য যে, ৰাজনৈতিক বলেৰে বলীয়ান এইগৰাকী একছত্ৰী সম্পাদকে 'কা' আন্দোলনৰ সময়ত 'কা' ৰ সমৰ্থনত দিল্লীও পাইছিলগৈ । যাৰ ফলত সত্ৰ মহাসভাৰ পৰা নিলম্বিতও হৈছিল । পিছে লবীকেন্দ্ৰীক শক্তিৰে পুনৰ সম্পাদকৰ পদ লৈ নিজৰ স্বাৰ্থৰ বাবে মহাসভাৰ গৰিমা ভূ-লুণ্ঠিত কৰিয়ে ক্ষান্ত নাথাকি অসম সত্ৰ মহাসভাৰ একতাতো কুঠাৰাঘাট কৰিলে কুসুম মহন্তই (Asom Satra Mahasabha press meet in Kaliabor)।
উল্লেখযোগ্য যে, অসম সত্ৰ মহাসভাৰ বাৰ্ষিক অধিৱেশনখন চলিত বৰ্ষৰ ৯ ফেব্ৰুৱাৰীৰ পৰা ৪ দিনীয়া কাৰ্যসূচীৰে গোৱালপাৰা জিলাৰ বাগুৱানাৰ কেৱলীয়া হাটি সত্ৰত অনুষ্ঠিত হৈছিল । ৫২ সংখ্যক এই পূৰ্ণকালীন অধিৱেশনত পৰিলক্ষিত হৈছিল বিষয়কেন্দ্ৰিক বিবাদ । ধৰ্মীয় আগ্ৰাসন, জাতি সংস্কৃতিৰ উত্তৰণৰ বাবে সাংস্কৃতিক আৰু সামাজিক সুস্থ বাতাবৰণ সৃষ্টি কৰাত সত্ৰ মহাসভাৰ কৰণীয় বহুত আছে । চৰকাৰে প্ৰদান কৰা আৰ্থিক অনুদানেৰে কেৱল নামঘৰ-সত্ৰ নিৰ্মাণেৰে এটা জাতিৰ সাংস্কৃতিক পৰিকাঠামো ৰক্ষা নহয় বুলি উল্লেখ কৰে সদ্য পদত্যাগী বিষয়ববীয়াই ।
ধৰ্মীয় উদাৰতাবাদৰ বিপৰীতে সংকীৰ্ণতাবাদৰ পৰা মুক্ত হৈ জাতি জনগোষ্ঠীৰ মাজলৈ অসম সত্ৰ মহাসভাক লৈ যাবৰ বাবে সত্ৰ মহাসভাৰ একাংশ বিষয়ববীয়াই পদত্যাগ কৰিবলৈ বাধ্য হৈছে বুলি জানিবলৈ দিয়ে । আৰ্থিক খেলিমেলি, লবীবাদত এই অনুষ্ঠানটো আক্ৰান্ত হৈ পৰাৰ অভিযোগ উত্থাপন কৰিছে সংবাদমেলত উপস্থিত একাংশ বিষয়ববীয়াই । ৰজাঘৰীয়াক সন্তুষ্ট কৰিবৰ বাবে ধৰ্মীয় অনুষ্ঠান এটাৰ যোগেৰে প্ৰজাক বিপথে পৰিচালনা কৰাটো এক পৰিতাপৰ বিষয় বুলি উল্লেখ কৰে বিষয়ববীয়াসকলে ।
সদ্য পদত্যাগী সদস্যসকলক লৈ বৃহস্পতিবাৰে এখন সমিতি গঠন কৰা হয় ৷ হৰিদেৱ গোস্বামীক সভাপতি, নগাঁৱৰ গজৰাল সত্ৰৰ সত্ৰাধিকাৰ প্ৰান্তিক গোস্বামীক প্ৰধান সম্পাদক হিচাপে লৈ ইতিমধ্যে ৫১ জনীয়া এখন নতুন সমিতি গঠন কৰাৰ কথা সংবাদ মেলখনত সদৰি কৰে । ইতিমধ্যে ৰাজ্যৰ ২০ খনৰো অধিক জিলা সমিতিৰ প্ৰতিনিধিৰ সহযোগত সদৌ অসম সত্ৰ মহাসভাৰ পুৰ্ণাংগ সমিতি খনো গঠন কৰা হয় ।
সত্ৰাধিকাৰ ড০ সুনীল কুমাৰ গোস্বামী, সত্ৰাধিকাৰ হিৰণ্য কুমাৰ গোস্বামী, সত্ৰাধিকাৰ প্ৰান্তিক গোস্বামীৰ লগতে কেইবাগৰাকীও সত্ৰীয়া কৃষ্টি-সংস্কৃতিৰ সৈতে জড়িত লোক সংবাদমেলখনত উপস্থিত থাকে ৷
লগতে পঢ়ক : Arohan scheme in Assam : মেধাৱী শিক্ষাৰ্থীৰ বাবে বৰপেটা জিলাত মুকলি আৰোহণ আঁচনি