ETV Bharat / state

চামগুৰিৰ বৰালী গাঁও মজলীয়া বিদ্যালয়ত চুৰিকাণ্ড - সঘনাই সংঘটিত

নগাঁৱৰ চামগুৰিত দিনক দিনে বৃদ্ধি পাইছে চোৰৰ উপদ্ৰৱ । এইবাৰ চোৰৰ টাৰ্গেট শিক্ষানুষ্ঠান । মঙলবাৰে নিশা বৰালী গাঁও মজলীয়া বিদ্যালয়ত চোৰৰ চাফাই অভিযান । কুম্ভকৰ্ণ নিদ্ৰাত চামগুৰিৰ আৰক্ষী-প্ৰশাসন ।

নগাঁৱৰ চামগুৰিত দিনক দিনে বৃদ্ধি পাইছে চোৰৰ উপদ্ৰৱ

author img

By

Published : Nov 25, 2020, 4:11 PM IST

চামগুৰি, ২৫ নৱেম্বৰ: বিগত কেইবাদিনো ধৰি নগাঁৱৰ চামগুৰি আৰু আন কেইবাটাও স্থানতো নিতৌ চুৰিকাণ্ড সংঘটিত হৈছে । মঙলবাৰে নিশা চামগুৰিৰ বৰালী গাঁও মজলীয়া বিদ্যালয়ত চোৰে লুট-পাত চলায় । চোৰে বিদ্যালয়খনৰ কেইবাটাও সামগ্ৰী লুটি নিয়ে। লগতে বিদ্যালয়ৰ আলমিৰাৰ লকাৰ সমূহ ভাঙি গুৰুত্বপূৰ্ণ নথি-পত্রবোৰ মজিয়াতে পেলাই থৈ যায়। সম্প্ৰতি আৰক্ষীক খবৰ দিছে বিদ্যালয় কৰ্তৃপক্ষই ।

নগাঁৱৰ চামগুৰিত দিনক দিনে বৃদ্ধি পাইছে চোৰৰ উপদ্ৰৱ

সঘনাই সংঘটিত হৈ থকা চুৰিৰ ঘটনাক লৈ নিৰাপত্তাহীনতাত ভূগিছে চামগুৰিৰ ৰাইজ । সকলো দেখিও আৰক্ষীয়ে চকু মুদা কুলিৰ ভাও ধৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় লোকসকলে । কিয়নো নিতৌ চুৰিকাণ্ড সংঘটিত হৈ থকাৰ পিছতো আৰক্ষীয়ে সুৰক্ষা ব্যৱস্থা কটকটীয়া কৰাত কোনো গুৰুত্ব দিয়া নাই ।

অতি কষ্টেৰে জমা কৰা ধন, মূল্যৱান আ-অলংকাৰ চোৰে লুটি নিয়াৰ পিছত হুমুনিয়াহ কঢ়াৰ বাদে আন একো ৰাস্তা দেখা নাই চুৰিকাণ্ড সংঘটিত হোৱা ঘৰৰ গৃহস্থই । শেহতীয়াকৈ, চামগুৰিৰ শিক্ষানুষ্ঠান আৰু ধৰ্মীয় অনুষ্ঠানসমূহৰ ওপৰতো চোৰৰ কোপ দৃষ্টি পৰা পৰিলক্ষিত হৈছে ।

লগতে পঢ়ক:মৰিগাঁৱত অসম চেম্বাৰ্ছ অৱ কমাৰ্ছৰ শ্ৰদ্ধাঞ্জলি তৰুণ গগৈলৈ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.