ETV Bharat / state

নগাঁৱত অংগনবাড়ী কৰ্মী-সহায়িকাৰ প্ৰতিবাদী সমদল - কৰ্মী-সহায়িকাসকলে।

নতুন শিক্ষানীতিৰ বিৰোধিতাৰে ৰাজপথলৈ ওলাই আহিল নগাঁৱৰ অংগনবাড়ী কৰ্মী-সহায়িকা। চাকৰি নিয়মীয়াকৰণ, দৰমহা বৃদ্ধিকে ধৰি কেইবাটাও দাবীত অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী-সহায়িকা সন্থাৰ নগাঁও জিলা সমিতিৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ। প্ৰতিবাদী সমদল উলিয়াই ৩-৬ বছৰীয়া শিশুসকলক প্ৰাথমিক বিদ্যালয়ৰ অধীনলৈ নিয়াৰ ব্যৱস্থা কৰা নতুন শিক্ষানীতিৰ বিৰোধিতা কৰে কৰ্মী-সহায়িকাসকলে।

নগাঁৱত অংগনবাড়ী কৰ্মী-সহায়িকাৰ প্ৰতিবাদী সমদল

author img

By

Published : Nov 21, 2020, 6:32 PM IST

নগাঁও, ২১ নৱেম্বৰ: ৰাজ্যজুৰি শনিবাৰে প্ৰতিবাদ সাব্যস্ত কৰে অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী-সহায়িকা সন্থাই। নতুন শিক্ষানীতি অনুসৰি ৩-৬ বছৰীয়া শিশুসকলক প্ৰাথমিক বিদ্যালয়ৰ অধীনলৈ নিবলৈ এক নতুন নীতি গ্ৰহণ কৰা হৈছিল। এই নীতিৰ বিৰোধিতা কৰি শনিবাৰে সমগ্ৰ ৰাজ্যতে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে অংগনবাড়ী কৰ্মী-সহায়িকা সন্থাই। অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী-সহায়িকা সন্থাৰ নগাঁও জিলা সমিতিৰ উদ্যোগতো প্ৰতিবাদী সমদল উলিয়াই চৰকাৰ বিৰোধী শ্ল'গানেৰে ৰাজপথ উত্তাল কৰি তোলে শতাধিক প্ৰতিবাদকাৰীয়ে ।

নগাঁৱত অংগনবাড়ী কৰ্মী-সহায়িকাৰ প্ৰতিবাদী সমদল
নগাঁৱত অংগনবাড়ী কৰ্মী-সহায়িকাৰ প্ৰতিবাদী সমদল

তেওঁলোকৰ মতে, ৩-৬ বছৰীয়া শিশুসকলক প্ৰাথমিক বিদ্যালয়ৰ অধীনত শিক্ষাদান কৰিলে অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলে যথেষ্ট অসুবিদাৰ সন্মুখীন হ'ব লাগিব। লগতে বহু কৰ্মী আৰু সহায়িকা চাকৰি যাব বুলিও শংকিত হৈ পৰিছে। তদুপৰি, অংগনবাড়ী কৰ্মীসকলক ১৮ হাজাৰ টকা মাহিলী দৰমহা দিবলৈ চৰকাৰক দাবী জনাই অহাৰ পিছতো চৰকাৰে দৰমহা বৃদ্ধি কৰা নাই। একেদৰে অংগনবাড়ী কৰ্মী-সহায়িকাৰ ক্ষেত্ৰত পদোন্নতিৰো ব্যৱস্থা নাই বুলিও ক্ষোভ প্ৰকাশ কৰে কৰ্মী আৰু সহায়িকাসকলে।

অৱসৰ গ্ৰহণ কৰা অংগনবাড়ী কৰ্মীসকলক ২ লাখ টকা আৰু সহায়িকাসকলক ১.৫০ লাখ টকা এককালীন সাহায্য প্ৰদানৰ বাবে জনোৱা দাবীও চৰকাৰে আজি পৰ্যন্ত পূৰণ কৰা নাই বুলি অভিযোগ তোলে প্ৰতিবাদকাৰীয়ে। উক্ত দাবী সম্বলিত এখন স্মাৰক পত্ৰ জিলা উপায়ুক্তক প্ৰদান কৰে অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলে।

লগতে পঢ়ক:পৰম্পৰাগত ৰীতি নীতিৰে বিষ্ণুপুৰত ষট পূজা উদযাপন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.