ETV Bharat / state

বহুত মানুহ দেখাৰ বাবেই চৰ্চিত হ'ল গণশিল্পী সূৰ্য দাস - মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল

একেই স্থান, একেজন মানুহ, একেটা গীত ৷ পাৰ্থক্য মাথোঁ এটাই, পৃথক সময় আৰু পৃথক মঞ্চ ৷ স্বদেশ আৰু স্বজাতিৰ গান গাই ৰাইজৰ হৃদয়ত জাতীয় চেতনাৰ জোৱাৰ অনা তথা কা আন্দোলনৰ সময়ছোৱাত শাসনাধিস্থিত বিজেপি চৰকাৰক থকা সৰকা কৰা গণশিল্পী সূৰ্য দাস এতিয়া বিজেপি চৰকাৰৰ প্ৰশংসাত পঞ্চমুখ ৷

artist-surya-das-special
বহুত মানুহ দেখাৰ বাবেই চৰ্চিত হ'ল গণশিল্পী সূৰ্য দাস
author img

By

Published : Jan 7, 2021, 1:14 PM IST

Updated : Jan 7, 2021, 2:46 PM IST

নগাঁও,7জানুৱাৰী:একেই স্থান,একেজন মানুহ,একেটা গীত ৷ পাৰ্থক্য মাথোঁ এটাই পৃথক সময় আৰু পৃথক মঞ্চ ৷ মানুহজন হৈছে গণশিল্পী সূৰ্য দাস ৷ যি ৰাইজৰ বাবে গান গায় ৷ ৰাজ্যত যেতিয়া কা আন্দোলনৰ জুইয়ে আকাশ ভেদিছিল, সেই সময়ছোৱাত গণশিল্পী সূৰ্য দাসে শাসনাধিস্থিত বিজেপি চৰকাৰক থকা সৰকা কৰিছিল কথাৰে-গীতেৰে ৷ কিন্তু সময় বাগৰিল ৷ কা আন্দোলনৰ জুই উত্তাপো লাহে লাহে নোহোৱা হ'ল ৷ আৱেগবোৰ আকৌ গোট মাৰি বৰফ হ'ল ৷ যাৰ প্ৰমাণ দিলে সূৰ্য দাসৰ দৰে অভিজ্ঞতাপুষ্ট শিল্পীগৰাকীয়ে ৷ বুধবাৰে মৰিগাঁৱত অনুষ্ঠিত বিজেপিৰ কৃতজ্ঞতা সমাৰোহত গণশিল্পী সূৰ্য দাসে অসম,অসমীয়া আৰু অসমৰ জাতি-জনগোষ্ঠীক বচাবলৈ বিজেপিক লাগিবই বুলি মন্তব্য কৰে ৷ কিন্তু একেগৰাকী সূৰ্য দাসে এবছৰ পূৰ্বে ৰাইজক অনুৰোধ জনায় জয় আই অসম ম্লান হ'বলৈ নিদিব, নহ'লে পিছৰ প্ৰজন্ম বাছি নাথাকিব বুলি মন্তব্য কৰিছিল ৷

বহুত মানুহ দেখাৰ বাবেই চৰ্চিত হ'ল গণশিল্পী সূৰ্য দাস

এবছৰ পূৰ্বে নাগৰিকত্ব সংশোধনী আইন বুজি নোপোৱা গণশিল্পী সূৰ্য দাসে এবছৰৰ ভিতৰতে বুজি পালে নাগৰিকত্ব সংশোধনী আইন ৷ তদুপৰি কা আন্দোলনকাৰীক একপ্ৰকাৰ ভেঙুচালি কৰি বিজেপিৰ সভাত গণশিল্পীগৰাকীয়ে ক'লে, কা আন্দোলন চাবলৈ গৈ আমটো নপকোতেই দৰদাম হোৱাহে দেখিলোঁ বুলি কৈ আন্দোলনত নেতাহে জন্ম হ'ল বুলি কয় ৷ জনগণৰ সুৰক্ষাৰ বাবে কা’ৰ বিৰোধিতা কৰাৰ গত্যান্তৰ নাই বুলি কা আন্দোলনৰ সময়ত সংগ্ৰামী জনতাক আহ্বান জনোৱা শিল্পীগৰাকীয়ে আন্দোলন কৰি একো নাপালোঁ বুলিহে মন্তব্য কৰে ৷

ইপিনে কা আন্দোলনৰ মজিয়াত চৰকাৰক থকা-সৰকা কৰা গণশিল্পী সূৰ্য দাসে মৰিগাঁৱৰ সভাত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক বিশাল আকাশ আৰু বৰলুইতৰ সৈতে তুলনা কৰাৰ লগতে হিমন্ত বিশ্ব শৰ্মাক বৰ্তমান সময়ৰ শ্ৰী কৃষ্ণ বুলি অভিহিত কৰে ৷ প্ৰশ্ন হয়, স্বদেশ আৰু স্বজাতিৰ গান গাই ৰাইজৰ হৃদয়ত জাতীয় চেতনাৰ জোৱাৰ অনা গণশিল্পী সূৰ্য দাসে কিহৰ তাড়নাত পৰি বৰণ সলনি কৰিবলগীয়া হ'ল ? নিজকে সৰু মানুহ নহয় বুলি বিজেপিৰ সমাৰোহত মন্তব্য কৰা শিল্পীগৰাকীৰ এনে বহুধাবিভক্ত চৰিত্ৰই বাৰুকৈয়ে আচৰিত কৰি তুলিছে এতিয়া সচেতন মহলক তথা কা বিৰোধী ৰাইজক ৷

লগতে পঢ়কঃ'ৰাইজৰ দল'ৰ প্ৰথম ৰাজ্যিক অভিৱৰ্তনৰ বাবে শুভেচ্ছা বিধায়ক চক্ৰধৰ গগৈৰ

Last Updated : Jan 7, 2021, 2:46 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.