নগাঁও,20 মাৰ্চ: বৃহস্পতিবাৰে নিশা প্ৰায় 12 বজাত চিকিৎসাধীন অৱস্থাত ইহলীলা ত্যাগ কৰিলে অসমৰ খ্যাতিনামা দৰদী কণ্ঠশিল্পী পংকজ বৰদলৈয়ে ৷ দীৰ্ঘদিনৰ পৰা দুৰাৰোগ্য কৰ্কট ৰোগত আক্ৰান্ত হৈ আছিল শিল্পী গৰাকী ৷ শিল্পী গৰাকীৰ মৃত্যুত শোকৰ ছাঁ পৰিছে সমগ্ৰ ৰাজ্যত৷ উল্লেখ্য যে শিল্পী গৰাকীয়ে অসুস্থ দেহাৰেই 3 জানুৱাৰী তাৰিখে কা'ৰ বিৰুদ্ধে 'বজ্ৰ-নিনাদ' কাৰ্যসূচীতো অংশগ্ৰহণ কৰিছিল লগতে গাইছিল "লুইতৰ পাৰৰে আমি ডেকা ল'ৰা মৰিবলৈ ভয় নাই ৷ 'বজ্ৰ-নিনাদ' কাৰ্যসূচীত অংশগ্ৰহণ কৰি 2021 চনৰ বিধানসভাৰ নিৰ্বানচত গানেৰে বিজেপি চৰকাৰ উফৰাম বুলি হুংকাৰ প্ৰদান কৰিছিল শিল্পী জনে ৷ কিন্তু সেই আশা বুকুত বান্ধিয়েই যেন চিৰদিনৰ বাবে ইহসংসাৰৰ পৰা বিদায় ললে শিল্পী গৰাকীয়ে ৷
উল্লেখ্য যে শিল্পী গৰাকীৰ মহাপ্ৰস্থানত গভীৰ শোক প্ৰকাশ কৰাৰ লগতে পংকজ বৰদলৈৰ সতে পাৰ কৰা স্মৃতি ৰোমন্থন কৰি শোকাভিভূত হৈ পৰে প্ৰথিতযশা মঞ্চ শিল্পী ৰামেশ্বৰ হাজৰিকা ৷ কলিয়াবৰলৈ পথাৰৰ 'বগৰী তলৰ খানা" খাবলৈ পংকজ বৰদলৈ আৰু আৰু নাহে বুলি উল্লেখ কৰি বহু স্মৃতি সোঁৱৰিলে শিল্পী গৰাকীয়ে ৷ এসময়ৰ মঞ্চ জগতৰ বলিষ্ঠ কৌতূক অভিনেতা ৰামেশ্বৰ হাজৰিকাৰ সৈতে তেওঁৰ আছিল আন্তৰিক তথা ঘৰুৱা সম্পৰ্ক ৷
লগতে পঢ়কঃ কৰ'ণা ভাইৰাছ : ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে মোডীৰ ভিডিঅ' কনফাৰেন্স