ETV Bharat / state

বহু প্ৰতিভা সম্পন্ন কেশৱৰ বাঁহীত কিয় বাজি উঠে বিষাদৰ ৰাগ ? - কলিয়াবৰৰ প্ৰতিভাৱান বাঁহীবাদক, অভিনেতা, চিত্ৰশিল্পী কেশৱ পাচনী

কলিয়াবৰৰ প্ৰতিভাৱান বাঁহীবাদক, অভিনেতা, চিত্ৰশিল্পী কেশৱ পাচনী আক্ৰান্ত বৃক্কৰ জটিল ৰোগত ৷ বিকল হৈ পৰিছে শিল্পীগৰাকীৰৰ দুয়োটা বৃক্ক ৷ তৎকালীনভাৱে প্ৰয়োজন বৃক্ক সংৰোপনৰ কিন্তু টকাৰ অভাৱত এতিয়া আৰ্থিকভাৱে যুঁজিছে শিল্পীগৰাকীৰ পৰিয়ালবৰ্গই ৷

Artist of Kaliabor Suffers from Critical Disease
কলিয়াবৰৰ প্ৰতিভাৱান শিল্পী
author img

By

Published : Jan 28, 2020, 4:07 PM IST

কলিয়াবৰ,28 জানুৱাৰীঃ কলিয়াবৰৰ সাংস্কৃতিক আৰু শৈল্পিক জগতখনত এক চিনাকী নাম কেশৱ পাচনী । এগৰাকী বাঁহীবাদক, চিত্ৰশিল্পী আৰু অভিনয়-কুশলী বুলি সংস্কৃতিৰ প্ৰায় প্ৰতিটো ক্ষেত্ৰতে অনবদ‍্য দখল আছে, তেওঁৰ দখল আছে কেৰম খেলতো ৷ বাঁহীৰ সুৰেৰে আপ্লুত কৰা কেশৱ পাচনীয়ে তুলিকা তুলি ৰূপ দিয়ে সুন্দৰ চিত্ৰৰ, কেতিয়াবা ভাওনাৰ গায়ন-বায়ন সূত্ৰৰ ৰূপত, ৰুক্মিণীহৰণৰ কৃষ্ণৰ ৰূপত দৰ্শকৰ মন জয় কৰিছে, কেতিয়াবা আকৌ দুৰ্দান্ত কেৰম খেলি মানুহৰ দৃষ্টি আকৰ্ষণ কৰিছে ৷

কিন্তু দুখৰ বিষয় যে, এই প্ৰতিভাৱান শিল্পীগৰাকী বৰ্তমান শয্যাতীত ৷ বিকল হৈ পৰিছে শিল্পীগৰাকীৰৰ দুয়োটা বৃক্ক ৷ তৎকালীনভাৱে প্ৰয়োজন বৃক্ক সংৰোপনৰ, কিন্তু টকাৰ অভাৱত এতিয়া আৰ্থিকভাৱে যুঁজিছে শিল্পীগৰাকীৰ পৰিয়ালবৰ্গই ৷ উপায়হীন হৈ কেশৱ পাচনী আৰু তেওঁৰ পৰিয়ালবৰ্গই চিকিৎসাৰ বাবে এতিয়া সুহৃদজনৰ ওচৰত আৰ্থিক সাহাৰ্য বিচাৰি কাতৰ অনুৰোধ কৰিছে ৷

কলিয়াবৰৰ প্ৰতিভাৱান শিল্পী

এখন স্থানীয় ব্যক্তিগতখণ্ডৰ বিদ্যালয়ত কেশৱ পাচনীয়ে শিক্ষকতা কৰাৰ বাবে শেহতীয়াকৈ যোগদান কৰিছিল যদিও বৃক্কৰ এই জটিল ৰোগৰ ফলত উপস্থিত থাকিব পৰা নাই বিদ্যালয়ত। বিদ্যালয়ৰ শিক্ষক-কৰ্মচাৰী, ছাত্ৰ-ছাত্ৰী তথা বিদ্যালয় কৰ্তৃপক্ষই সহায়ৰ হাত আগবঢ়োৱাৰ ওপৰিও কলিয়াবৰৰ ব্যক্তিগত অনুষ্ঠান-প্ৰতিষ্ঠানে সহায় কৰিবলৈ আগবাঢ়ি আহিছে । এইক্ষেত্ৰত আগবাঢ়ি আহিছে কলিয়াবৰৰ শিল্পীসমাজ, অনুষ্ঠান প্ৰতিষ্ঠান, কেশৱ পাচনীৰ গুণমুগ্ধ । সকলোৱে আকুণ্ঠ চিত্তে যিয়েই যেনেকৈ পাৰিছে সহায়ৰ হাত আগবঢ়াইছে । তথাপিও পৰ্যাপ্ত নহয় এই সাহাৰ্য । পৰিয়ালৰ তৰফৰ পৰা অসমৰ মুখ্যমন্ত্ৰী আৰু স্বাস্থ্য মন্ত্ৰীৰো সহায় আশা কৰিছে । সেয়ে সকলোৱে আশা কৰিছে কলিয়াবৰৰ প্ৰতিটো শৈল্পীক কাৰ্য্যক্ৰমত একান্ত সহযোগী হৈ থিয় দিয়া কেশৱ পাচনীৰ সৈতে এই বিপদৰ সময়ত সকলো থিয় দিয়ক । কেশৱ পাচনীৰ চিকিৎসাৰ বাবে ইচ্ছুক সহানুভূতিশীল ব্যক্তিয়ে ভাৰতীয় ষ্টেট ব‍েঙ্কৰ কলিয়াবৰ শাখাৰ কেশৱ পাচনীৰ একাউণ্ট নং ১১৬৫৬৮০৮৮৯৫ (11656808895), IFSC SBIN0004273 ত আৰ্থিক সহায় আগবঢ়াবলৈ আহ্বান পৰিয়ালবৰ্গৰ ৷

Intro:কেশৱৰ বাঁহীত বিষাদ ৰাগ

দেহত বৃক্কৰ জটিল ৰোগ

বিচাৰিছে ৰাইজৰ আৰ্থিক সহযোগ

কলিয়াবৰৰ প্ৰতিভাৱান বাঁহীবাদক, অভিনেতা, চিত্ৰশিল্পী কেশৱ পাচনী বৃক্কৰ জটিল ৰোগত আক্ৰান্ত

বিকল দুয়োটা বৃক্ক, তৎকালীনভাৱে বৃক্ক সংৰোপনৰ প্ৰয়োজনBody:এগৰাকী সব‍্যসাচী শিল্পী বূলি ক'লে বঢ়াই কোৱা নহ'ব। কলিয়াবৰৰ সাংস্কৃতিক আৰু শৈল্পিক জগতখনত এক চিনাকী নাম কেশৱ পাচনী। এগৰাকী বাঁহীবাদক, চিত্ৰকৰ আৰু অভিনয় কুশলী বুলি সংস্কৃতিৰ প্ৰায় প্ৰতিটো ক্ষেত্ৰতে অনবদ‍্য দখল আছে, দখল আছে কেৰম খেলতো এই ব‍্যক্তিজনৰ।
বাঁহীৰ সুৰে আপ্লুত কৰা কেশৱ পাচনীয়ে তুলিকা তুলি ৰূপ দিয়ে সুন্দৰ চিত্ৰৰ, কেতিয়াবা ভাওনাৰ গায়ন-বায়ন সূত্ৰৰ ৰূপত, ৰুক্মিণীহৰণৰ কৃষ্ণৰ ৰূপত দৰ্শকৰ মন জয় কৰিছে, কেৰম খেলত আঙুলিৰ যাদুৰে ষ্ট্ৰাইকাৰৰ কৌশলী "ষ্টাইক"ত ইটোৰ-পিচত "মেন" পকেটত 'ইন' হৈছে।
কিন্তু আজি এই প্ৰতিভাৱান কলাকাৰজন অসুস্থ। বৃক্কৰ জটিল ৰোগত আক্ৰান্ত এই শিল্পীজন। দুয়োটা বৃক্ক বিটল হৈ পৰাত বৰ্তমান সময়ত বৃক্ক সংৰোপনৰ বাহিৰে নাই কোনো গত‍্যন্ত‍ৰ। পিচে আৰ্থিক দুৰৱস্থাই প্ৰতিভাৱান কলাকাৰজনৰ চিকিৎসা সুচাৰুৰূপে চলাই নিবলৈ পৰিয়ালে কৰাছে হাহাকাৰ। আৰ্থিকভাবে দুৰ্বল পৰিয়াটোৰ বাবে ৰোগৰ ব‍্যয়বহুল চিকিৎসাৰ ক্ষেত্ৰত খোজে প্ৰতি উজুটি খাইছে। কেশৱ পাচনী আৰু তেওঁৰ ৰোগীয়া বৃদ্ধ পিতৃ-মাতৃৰ লগতে পত্নী ব‍্যয়বহুল চিকিৎসাৰ বাবে এতিয়া সুহৃদজনৰ আৰ্থিক সহায়ৰ বাবে আকুলতাৰে আহ্বান জনাইছে।

বৰ্তমান স্থানীয় এখন ব‍্যক্তিগতখণ্ডৰ বিদ‍্যালয়ত কৰ্মৰত কেশৱ পাঁচনীয়ে শেহতীয়াকৈ যোগদান কৰিছিল যদিও বৃক্কৰ জটিল ৰোগৰ ফলত উপস্থিত থাকিব পৰা নাই বিদ‍্যালয়ত। বিদ‍্যালয়ৰ শিক্ষক-কৰ্মচাৰী, ছাত্ৰ-ছাত্ৰী তথা বিদ‍্যালয় কৰ্তৃপক্ষই সহায়ৰ হাত আগবঢ়োৱাৰ ওপৰিও কলিয়াবৰৰ ব‍্যক্তিগতভাবে, অনুষ্ঠান-প্ৰতিষ্ঠানে সহায় কৰিবলৈ আগবাঢ়ি আহিছে। স্থানীয় বিধায়ক ততা মন্ত্ৰী কেশৱ মহন্তইও চিকিৎস‍্যা ব‍্যয়ৰ বাবে সহযোগিতা আগবঢ়োৱা আশ্বাস দিছে যদিও দৰিদ্ৰ শিল্পীগৰাকীৰ পৰ্বতসম চিকিৎস‍্যা ব‍্যয় যোগাৰ কৰিবলৈ গৈ পৰিয়াল-পৰিজন তথা কেশৱ পাচনীৰ শুভাকংখী ৰাইজ জটিলতাৰ সন্মুখীন হৈছে।
এইক্ষেত্ৰত আগবাঢ়ি আহিছে কলিয়াবৰৰ শিল্পীসমাজ, অনুষ্ঠান প্ৰতিষ্ঠান, কেশৱ পাচনীৰ গুণমুগ্ধ। সকলোৱে আকুণ্ঠ চিত্তে যিয়েই যেনেকৈ পাৰিছে সহায়ৰ হাত আগবঢ়াইছে। তথাপিও এই সাহায‍্য পৰ্য‍্যাপ্ত নহয়। পৰিয়ালৰ তৰফৰ পৰা অসমৰ মুখ‍্যমন্ত্ৰী আৰু স্বাস্থ‍্য মন্ত্ৰীৰো সহায় আশা কৰিছে। সেয়ে সকলোৱে আশা কৰিছে কলিয়াবৰৰ প্ৰতিটো শৈল্পীক কাৰ্য‍্যক্ৰমত একান্ত সহযোগী হৈ থিয় দিয়া কেশৱ পাচনীৰ সৈতে এই বিপদৰ সময়ত সকলো ঠিয় দিয়ক।
কেশৱ পাচনীৰ চিকিৎসাৰ বাবে ইচ্ছুক সহানুভূতিশীল ব‍্যক্তিয়ে ভাৰতীয় ষ্টেট ব‍্যঙ্কৰ কলিয়াবৰ শাখাৰ কেশৱ পাচনীৰ একাউণ্ট নং ১১৬৫৬৮০৮৮৯৫ (11656808895), IFSC SBIN0004273 ত আৰ্থিক সহায় আগবঢ়াবলৈ আহ্বান পৰিয়াল পৰিজনৰ।Conclusion:Visuals
Bite 1. Keshab Pachani,
Bite 2. Wife,
Bite 3. Dilip Hazarika, Rector, Shishu Bidyapith, Kuwaritol
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.