নগাঁও, 20 জানুৱাৰী: 'কা' (নাগৰিকত্ব সংশোধনী আইন) বাতিলৰ দাবীৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগত জোঁৰ সমদল কৰিবলৈ উলাই অহা প্ৰায় অৰ্ধশতাধিক প্ৰতিবাদকাৰীক বুধবাৰে নগাঁও আৰক্ষীয়ে আটক কৰে ৷ আকক্ষীয়ে জোঁৰ সমদলত বাধা প্ৰদান কৰাৰ পাছতে প্ৰতিবাদকাৰী আৰু আৰক্ষীৰ মাজত খণ্ডযুদ্ধৰ উদ্ভৱ হয় আৰু প্ৰতিবাদকাৰী সকলে জোঁৰ সমদল প্ৰত্যাহাৰ নকৰো বুলি নিজৰ স্থিতিত অটল থকাৰ পাছতে আইন শৃংখলাত সহযোগ নকৰাৰ পৰিপ্ৰেক্ষিতত প্ৰতিবাদকাৰী সকলক আৰক্ষীয়ে আটক কৰে ৷
উল্লেখ্য যে বুধবাৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, নগাঁও জিলা সমিতিৰ উদ্যোগত নগাঁৱৰ প্ৰায় অৰ্ধশতাধিক লোক হাতে হাতে জোঁৰ লৈ প্ৰতিবাদ সাব্যস্ত কৰিবলৈ ওলাই আহিছিল ৷ সন্ধিয়াৰ সময়ত আৰক্ষীয়ে প্ৰতিবাদকাৰী সকলক জোঁৰ লৈ প্ৰতিবাদ নকৰিবলৈ আহ্বান জনোৱাৰ লগতে উক্ত প্ৰতিবাদী কাৰ্যসূচীত বাধা আৰোপ কৰে ৷ ইয়াৰ পাছতে নগাঁও আৰক্ষীৰ উচ্চ পদস্থ বিষয়াৰ নেতৃত্বত যোৱা আৰক্ষীৰ দলটোৰ সৈতে প্ৰতিবাদকাৰী সকল খণ্ডযুদ্ধত লিপ্ত হয় ৷ আৰক্ষীৰ আদেশ নামানি প্ৰতিবাদকাৰী সকল জোঁৰ লৈ সমদল কৰাৰ সিদ্ধান্তত অটল থকাৰ পাছতে আৰক্ষীয়ে প্ৰতিবাদকাৰী সকলক গ্ৰেপ্তাৰ কৰে ৷
আৰক্ষীয়ে প্ৰতিবাদকাৰী সকলক গ্ৰেপ্তাৰ কৰাৰ পাছতে বিজেপি চৰকাৰক ফেচিষ্ট চৰকাৰ বুলি কটাক্ষ কৰাৰ লগতে ইয়াৰ প্ৰত্যুত্তৰ চৰকাৰখনে আগন্তুক বিধানসভা নিৰ্বাচনত পাব বুলি মন্তব্য কৰে ৷
লগতে পঢ়ক:সংখ্যালঘু অধ্যুষিত সমষ্টিত কংগ্ৰেছ,এআইইউডিএফেই জয়ী হ’ব : পীযুষ হাজৰিকা