বটদ্ৰৱা , 7 জুন : দৰিদ্ৰ শিক্ষার্থী আৰু দুৰাৰোগ্য ৰোগীৰ ঘৰত বটদ্ৰৱাৰ বিধায়িকা আঙুৰলতা ডেকা । সম্বর্ধনা জনোৱাৰ লগতে আগবঢ়ালে আৰ্থিক সাহাৰ্য ।
আৰ্থিক অভাৱৰ মাজতে হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত জিলিকি উঠা শিক্ষার্থীৰ বাসগৃহত শুকুৰবাৰে উপস্থিত হয় বিধায়িকা আঙুৰলতা ডেকাৰ লগতে দলীয় কৰ্মী সকল । উপস্থিত হৈ শিক্ষার্থীক গামোচা পিন্ধাই অভিনন্দন জ্ঞাপন কৰাৰ লগতে আগবঢ়ালে কিছু আৰ্থিক সাহাৰ্য । লগতে সমষ্টিৰ কেইবাগৰাকী দুৰাৰোগ্য ৰোগীৰ কাষত উপস্থিত হৈ মুখ্যমন্ত্ৰী সাহাৰ্য পুজিৰ পৰা 25 হেজাৰ টকাৰ চেক প্ৰদান কৰে বিধায়িকা গৰাকীয়ে ৷