ETV Bharat / state

বঢ়মপুৰত চুৰি কাণ্ডৰ তদন্ত কৰিলে আনন্দ মিশ্ৰই

author img

By

Published : May 23, 2021, 10:16 PM IST

দেওবাৰে বঢ়মপুৰত এটা চুৰি কাণ্ড ঘটনাৰ খবৰ পোৱাৰ লগে লগে ঘটনাস্থলীত উপস্থিত হ’ল আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ ৷

বঢ়মপুৰত চুৰি কাণ্ডৰ তদন্ত কৰিলে আনন্দ মিশ্ৰই
বঢ়মপুৰত চুৰি কাণ্ডৰ তদন্ত কৰিলে আনন্দ মিশ্ৰই

চামগুৰি, 23মে’: আনন্দ মিশ্ৰৰ যোগদানৰ পিছতে পূৰ্বতকৈ অধিক সক্ৰিয় হৈ পৰিছে নগাঁও আৰক্ষী । নগাঁৱৰ আৰক্ষী অধীক্ষক হিচাপে আই পি এছ বিষয়া আনন্দ মিশ্ৰই যোগদান কৰাৰ পিছৰে পৰা ড্ৰাগছকে ধৰি বিভিন্ন অপৰাধৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান অব্যাহত ৰাখিছে নগাঁও আৰক্ষীয়ে ।

তাৰমাজতে দেওবাৰে বঢ়মপুৰত এটা চুৰি কাণ্ড ঘটনাৰ খৱৰ পোৱাৰ লগে লগে ঘটনাস্থলীত উপস্থিত হ’ল আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ ৷ উল্লেখযোগ্য যে, জয়শ্ৰী হাজৰিকাৰ নামৰ এগৰাকী মহিলা বঢ়মপুৰৰ দৈনিক বজাৰস্থিত গেলামালৰ দোকান চুৰি হোৱা ঘটনাৰ বিষয়ে ফোনযোগে অৱগত কৰিছিল আৰক্ষী অধীক্ষক গৰাকীক ৷

আনহাতে, আৰক্ষী অধীক্ষক গৰাকীয়ে চুৰি কাণ্ডটোৰ লগত জড়িত অপৰাধীক কৰায়ত্ব কৰাৰ আশ্বাস প্ৰদান কৰাৰ লগতে বঢ়মপুৰত হৈ থকা বিভিন্ন অবৈধ কাৰ্যকলাপ বন্ধ কৰাৰ কথা সদৰি কৰে ৷ লগতে সমগ্ৰ জিলাখনৰ লগতে বঢ়মপুৰকো ড্ৰাগছ মুক্ত কৰি তুলিব বুলি উল্লেখ কৰে নগাঁৱৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই ৷

লগতে পঢ়কঃ হুৰহুৰকৈ ওলাই গৈছে ৰাজকোষৰ ধনঃ সাহাৰ্য বিচাৰি বিজ্ঞাপন মুখ্যমন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.