ETV Bharat / state

Alumni Meet at Nagaon Govt Girls High School: প্ৰাক্তন ছাত্ৰীৰে উখল মাখল নগাঁও চৰকাৰী বালিকা বিদ্যালয়

author img

By

Published : Dec 26, 2022, 12:53 PM IST

নগাঁও চৰকাৰী বালিকা বিদ্যালয়ত উৎসৱমুখৰ পৰিৱেশ ৷ প্ৰাক্তন ছাত্ৰীৰে উখল মাখল বালিকা বিদ্যালৰ চৌহদ (Alumni Meet at Nagaon Govt Girls High School) ৷

Alumni Meet at Nagaon Govt Girls High School in Nagaon
প্ৰাক্তন ছাত্ৰীৰে উখল মাখল নগাঁও চৰকাৰী বালিকা বিদ্যালয়

নগাঁও, 26 ডিচেম্বৰ: নগাঁও চৰকাৰী বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয় (Nagaon Govt Girls High School)দেওবাৰে এক উখল মাখল পৰিৱেশে বিৰাজ কৰে ৷ নগাঁও জিলাৰ স্ত্ৰী শিক্ষাৰ প্ৰায় শতবৰ্ষ গৰকা অগ্ৰণী শিক্ষানুষ্ঠান বালিকা বিদ্যালয়খনত আড়ম্বৰপূৰ্ণ আয়োজনেৰে অনুষ্ঠিত কৰা হয় প্ৰাক্তন ছাত্ৰী সন্মিলনী আৰু সম্বৰ্ধনা অনুষ্ঠান (Alumni Meet at Nagaon Govt Girls High School)৷ এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা(MLA Rupak Sarma in Alumni meet)৷

বিদ্যালয়খনৰ পৰাই শিক্ষা লাভ কৰি বিভিন্ন ক্ষেত্ৰত প্ৰতিষ্ঠা লাভ কৰা বহু প্ৰাক্তন ছাত্ৰীয়ে অংশগ্ৰহণ কৰে প্ৰাক্তন ছাত্ৰী সন্মিলনীত ৷ বিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰী সংস্থা (২০২২) ৰ সহযোগত অনুষ্ঠিত হোৱা অনুষ্ঠানত অংশগ্ৰহণ কৰি বিধায়ক ৰূপক শৰ্মাই বিদ্যালয়খনৰ নতুন বিজ্ঞান ভৱন, দুটাকৈ ছাত্ৰী আবাসৰ নৱ নিৰ্মানকে ধৰি বিদ্যালখনৰ সৰ্বাংগীন উন্নয়নৰ বাবে সহযোগিতা আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে ৷

নগাঁও চৰকাৰী বালিকা বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰী সমাৰোহত আগন্তুক 1 আৰু 2 এপ্ৰিলত অনুষ্ঠিত হ’বলগীয়া বিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি এক বিস্তৃত কাৰ্যসূচী গ্ৰহণ কৰাৰো পৰিকল্পনা কৰে প্ৰাক্তন ছাত্ৰী সংস্থাই ৷

বিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰী সমাৰোহত বিধায়ক ৰূপক শৰ্মাৰ উপৰিও বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি ডঃ স্বপ্না নেওগ বৰা, উপ সভাপতি ববিতা শইকীয়া, অধ্যক্ষা ৰীতা কাকতিৰ লগতে বিদ্যালয়খনৰ বৰ্তমান আৰু প্ৰাক্তন শিক্ষক শিক্ষয়িত্ৰীও উপস্থিত থাকে ৷

অসমৰ ভিতৰতে এখন সু-প্ৰাচীন আৰু সমগ্ৰ নগাঁও জিলাৰ ভিতৰতে প্ৰাচীনতম উচ্চশিক্ষাৰ অনুষ্ঠান নগাঁও গৱৰ্ণমেণ্ট হাইস্কুল ৷ বৰ্তমান এই শিক্ষানুষ্ঠান নগাঁও চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয় ৰূপে পৰিচিত ৷ ১৮৬৫ চনৰ ১৭ নৱেম্বৰত প্ৰতিষ্ঠিত হোৱা বিদ্যালয় খন ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্য অসমৰ নগাঁও চহৰত অৱস্থিত এখন উচ্চশিক্ষাৰ প্ৰতিষ্ঠান ৷

লগতে পঢ়ক: Illegal Liquor in Nalbari: নলবাৰীৰ আৰিকুছিত ৰাইজে আবদ্ধ কৰি ৰাখিলে আৰক্ষীক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.