ETV Bharat / state

বঢ়মপুৰত শ্মশান নিৰ্মাণৰ নামত ধন আত্মসাতৰ অভিযোগ

author img

By

Published : Jun 21, 2021, 3:36 PM IST

নগাঁও জিলাৰ বঢ়মপুৰ সমষ্টিৰ অন্তৰ্গত বঢ়মপুৰ উন্নয়ন খণ্ডৰ জৰিয়তে তথা বঢ়মপুৰ গাঁও পঞ্চায়তৰ দ্বাৰা ২০১৯-২০ বৰ্ষত চতুৰ্দশ বিত্তীয় আয়োগৰ অধীনত নেধাৰগাঁৱস্থিত এখন ৰাজহুৱা শ্মশান নিৰ্মাণৰ বাবদ ৬ লাখ টকা ধাৰ্য কৰা হৈছিল ৷ কিন্তু শ্মশান নিৰ্মাণৰ নামত অহা ধন পঞ্চায়তৰ প্ৰতিনিধিয়ে আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন হৈছে ৷

Allegations of embezzlement
বঢ়মপুৰত শ্মশান নিৰ্মাণৰ নামত ধন আত্মসাত কৰাৰ অভিযোগ

চামগুৰি, 21 জুন : বঢ়মপুৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত এখন শ্মশান নিৰ্মাণৰ নামত অহা ধন পঞ্চায়তৰ প্ৰতিনিধিয়ে আত্মসাৎ কৰাৰ এক গুৰুতৰ অভিযোগ উত্থাপন হৈছে ৷ অসম জাতীয়দাবাদী যুৱ পৰিষদৰ সদস্যই সংবাদ মাধ্যমক জানিব দিয়া মতে, নগাঁও জিলাৰ বঢ়মপুৰ সমষ্টিৰ অন্তৰ্গত বঢ়মপুৰ উন্নয়ন খণ্ডত সংঘটিত হৈছে এই ঘটনা ৷ বঢ়মপুৰ গাঁও পঞ্চায়তৰ দ্বাৰা ২০১৯-২০ বৰ্ষত চতুৰ্দশ বিত্তীয় আয়োগৰ অধীনত নেধাৰগাঁৱস্থিত ৰাজহুৱা শ্মশানখনত মাটি পেলোৱা আৰু নলা নিৰ্মাণৰ বাবদ ৬ লাখ টকা ধাৰ্য কৰা হৈছিল ৷

কিন্তু নেধাৰগাঁৱস্থিত এখন নৈৰ কাষতে থকা প্ৰায় ৭ বিঘা ৪ কঠা মাটিৰ প্ৰায় তিনি কঠা মাটিত সামান্য পৰিমাণৰ মাটি পেলাই আৰু দুটা কালভাৰ্ট দিয়েই পঞ্চায়তে কাম সম্পন্ন কৰে বুলি অভিযোগ উত্থাপন কৰিছে ৰাইজে ৷ শ্মশানখন নিৰ্মাণৰ নামত সৰহভাগ ধন আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন কৰি পঞ্চায়ত প্ৰতিনিধিৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰিছে স্থানীয় ৰাইজ ৷ এই বিষয়টোক কেন্দ্ৰ কৰি পঞ্চায়তখনৰ সভাপতি গৰাকীয়ে আনলৈ দোষ জাপি দিয়াত সম্প্ৰতি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে অঞ্চলটোত ।

লগতে পঢ়ক : বৰপথাৰৰ ঐতিহাসিক প্ৰত্নতাত্বিক স্থান পৰিদৰ্শন বিধায়ক বিশ্বজিৎ ফুকনৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.