কলিয়াবৰ,২৬ ফেব্ৰুৱাৰী: কলিয়াবৰ মহকুমাৰ বাৰ্বি হাজৰিকা নামৰ এগৰাকী নিৰ্বাচনী বিষয়াৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ কাৰ্যালয়ৰ কৰ্মচাৰীৰ । সাধাৰণ জনতাৰ লগতে কলিয়াবৰৰ মহকুমাধিপতি কাৰ্যালয়ৰ তলতীয়া কৰ্মচাৰীক মানসিক নিৰ্যাতন আৰু অপদস্থ কৰাৰ অভিযোগ বিষয়াগৰাকীৰ বিৰুদ্ধে । বিষয়াগৰাকীৰ বাবেই চাকৰিৰ পৰা ইস্তফা দিয়াৰ লগতে আত্মহননৰ দৰে পথ বাচি ল’ব বুলি পত্ৰ প্ৰেৰণ কৰিছে কলিয়াবৰ মহকুমাধিপতি কাৰ্যালয়ৰ ধ্ৰুৱজ্যোতি বৰা নামৰ কণিষ্ঠ সহায়কে ৷ কলিয়াবৰৰ মহকুমাধিপতি, স্থানীয় বিধায়ক তথা মন্ত্ৰী কেশৱ মহন্ত, নগাঁও জিলা উপায়ুক্ত, কৰ্মচাৰী পৰিষদকে ধৰি শীৰ্ষ পৰ্যায়লৈ পত্ৰ প্ৰেৰণ কৰি আত্মহননৰ পথ বাছি লোৱাৰ কথা অৱগত কৰিছে কৰ্মচাৰী গৰাকীয়ে ৷
অভিযোগ অনুসৰি যোৱা কেইবাদিন ধৰি কৰ্মচাৰীজনক অত্যাধিক মানসিক নিৰ্যাতন চলাই আহিছে বিষয়া বাৰ্বি হাজৰিকাই ৷ দীৰ্ঘদিন ধৰি কলিয়াবৰৰ ৰাজহুৱা স্থানত অশালীন আচৰণকে ধৰি বহু অসামাজিক কাৰ্য সংঘটিত কৰাৰো অভিযোগ বিষয়াগৰাকীৰ বিৰুদ্ধে ৷ এই সমগ্ৰ বিষয়ক লৈ এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে কলিয়াবৰত ৷ বিষয়াগৰাকীৰ বিৰুদ্ধে অতি শীঘ্ৰে শাস্তিমূলক ব্যৱস্থা গ্ৰহণৰো দাবী তুলিছে একাংশ লোকে ৷
আনহাতে এই কৰ্মচাৰীক দুৰ্ব্যৱহাৰ তথা আত্মহনন সংক্ৰান্তীয় অভিযোগৰ বিষয়ে জানিবলৈ কলিয়াবৰৰ প্ৰেছ ক্লাবকে ধৰি কলিয়াবৰৰ একাংশ সংবাদকৰ্মী উপস্থিত হৈছিল মহকুমাধিপতি কাৰ্যালয়ত । নিৰ্বাচনী বিষয়া বাৰ্বি হাজৰিকাই সকলো সংবাদকৰ্মীকে দুৰ্ব্যৱহাৰ কৰি সেই স্থানৰ পৰা ততাতৈয়াকৈ পলায়ন কৰাৰো অভিযোগ উত্থাপন হৈছে ৷ দুৰ্ব্যৱহাৰ কৰা বিষয়াগৰাকীৰ বিৰুদ্ধে আগন্তুক ২৪ ঘণ্টাৰ ভিতৰত ব্যৱস্থা গ্ৰহণ নকৰিলে সকলো সংবাদকৰ্মীয়ে আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰাৰ কথা ঘোষণা কৰে ৷
লগতে পঢ়ক:হিমন্ত বিশ্ব শৰ্মা আধাতে পলোৱা মানুহ : ৰকিবুল হুছেইন