চামগুৰি,২ আগষ্ট : সদৌ ভাৰত কৃষি আৰু গ্ৰামীণ শ্ৰমিক সন্থাই দেশজুৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে (AIAWU Protest in India)। প্ৰধানমন্ত্ৰী আৰু অমিত শ্বাহৰ কোম্পানীৰাজ আৰু বুলড'জাৰ ৰাজৰ বিৰুদ্ধে দেশৰ ভিন্ন প্ৰান্তৰ লগতে সন্থাই অসমতো প্ৰতিবাদ সাব্যস্ত কৰে । সন্থাৰ কেন্দ্ৰীয় সমিতি আহ্বানমৰ্মে সদৌ অসম গ্ৰামীণ শ্ৰমিক সন্থাৰ নগাঁও জিলা সমিতিৰ উদ্যোগত জিলাখনৰ দলংঘাট উন্নয়ন খণ্ড কাৰ্যলয়ত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয় (All Assam Agricultural Workers Union in Nagaon)।
মোদী-শ্বাহৰ কোম্পানীৰাজ আৰু বুলড’জাৰ ৰাজৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে বিভিন্ন ধৰণৰ দাবী উত্থাপন কৰে সন্থাই (AIAWU protest against Central govt)। দেশত সকলোৰে বাব সংস্থাপন, আবাসগৃহ, ভূমি, খাদ্য, শিক্ষা, স্বাস্থ্য, মজুৰি বৃদ্ধি আৰু সমতাৰ দাবীত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয় । প্ৰতিবাদকাৰীসকলে হাতে হাতে বেনাৰ-ফেষ্টুন লৈ এক প্ৰতিবাদী সমদল উলিয়াই ।
মূল্যবৃদ্ধি ৰোধ কৰা; দাইল, মিঠাতেল, গাখীৰ, কণী, চেনী, পিয়াঁজ আদি সুলভ মূল্যত যোগান ধৰা, অসমৰ বানপানী সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰা, প্ৰতিটো বান ক্ষতিগ্ৰস্ত পৰিয়ালক চৰকাৰে ঘোষণা কৰা মতে ৩৮০০ টকা মোকোলাই দিয়া, প্রধানমন্ত্রী আৱাস যোজনাৰ হিতাধিকাৰীৰ তালিকা পঞ্চায়ত কাৰ্যালয়ত ৰাজহুৱা কৰা আদিও দাবী উত্থাপন কৰে সংস্থাই ।
প্ৰতিবাদী কাৰ্যসূচীত সন্থাৰ নগাঁও জিলা সমিতিৰ সম্পাদক স্বপন হাজৰিকা আৰু সন্থাৰ কেন্দ্ৰীয় নেত্ৰী আয়েফা বেগম, গোপী বৰ্মন, চম্পা দেউৰী, দিপ্তী সেনাপতি, চায়েৰা বেগম আৰু মৃণালি বৰাৰ লগতে কেইবাগৰাকী নেতৃত্বই অংশগ্ৰহণ কৰে ।
লগতে পঢ়ক :KNCA 63rd foundation day : কাৰ্বি আংলঙত উদযাপন KNCAৰ ৩৬ সংখ্যক প্ৰতিষ্ঠা দিৱস