ETV Bharat / state

নদীবান্ধৰ বিৰুদ্ধে নগাঁৱত AJYCP ৰ প্ৰতিবাদ - অমিত শ্বাহ

বৃহৎ নদী বান্ধৰ বিৰোধিতা কৰি নগাঁৱত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতিয়ে । বৃহৎ নদী বান্ধে অসমীয়া লোকৰ জীৱন সম্পত্তিৰ নিৰাপত্তাৰ প্ৰতি ভাবুকি আনিব বুলিও মন্তব্য কৰে সংগঠনটোৰ নেতাই ।

AJYCP
নদীবান্ধৰ বিৰুদ্ধে নগাঁৱত AJYCP ৰ প্ৰতিবাদ
author img

By

Published : Sep 6, 2021, 9:28 PM IST

নগাঁও, 6 ছেপ্টেম্বৰ : নামনি সোৱণশিৰী জলবিদ্যুৎ প্ৰকল্পৰ কাম বন্ধ কৰাৰ দাবীত সোমবাৰে ৰাজ্যজুৰি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে । বৃহৎ নদীবান্ধৰ বিৰোধিতা কৰি নগাঁৱতো প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতিয়ে ।

লগতে পঢ়ক : তীব্ৰতৰ হৈছে বৃহৎ নদী বান্ধ বিৰোধী আন্দোলন

বৃহৎ নদী বান্ধৰ বিৰোধিতা কৰি সংগঠনটোৱে নগাঁও জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত ৰূপায়ন কৰে ধৰ্ণা কাৰ্যসূচী । প্ৰতিবাদী কাৰ্যসূচীত চৰকাৰ বিৰোধী বিভিন্ন শ্ল'গানেৰে উত্তাল কৰি তোলে পৰিবেশ । চৰকাৰ গঠন কৰাৰ পূৰ্বে বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহ আৰু ৰাজনাথ সিঙে নদীবান্ধ বন্ধ কৰাৰ প্ৰতিশ্ৰুতি দি চৰকাৰ গঠন কৰাৰ পিছতেই পুনৰ নদীবান্ধৰ কাম আৰম্ভ কৰা বুলি উল্লেখ কৰি শাসকীয় চৰকাৰ তীব্ৰ সমালোচনা কৰে সংগঠনটোৰ নগাঁও জিলা সমিতিয়ে ।

নদীবান্ধৰ বিৰুদ্ধে নগাঁৱত AJYCP ৰ প্ৰতিবাদ

বৃহৎ নদী বান্ধে অসমীয়া লোকৰ জীৱন সম্পত্তিৰ নিৰাপত্তাৰ প্ৰতি ভাবুকি আনিব বুলিও মন্তব্য কৰে সংগঠনটোৰ নেতাই । বৃহৎ নদীবান্ধৰ কাম বন্ধ নোহোৱা পৰ্যন্ত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ প্ৰদান কৰে ।

লগতে পঢ়ক : চাৰি মাহত অসম আৰক্ষীয়ে সংঘটিত কৰিলে 53 টা এনকাউন্টাৰ

উল্লেখযোগ্য যে, প্ৰথমৰ পৰাই বৃহৎ নদীবান্ধৰ বিৰুদ্ধে আন্দোলন কৰি আহিছে অন্যান্য সংগঠনৰ লগতে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে । বৃহৎ নদীবান্ধৰ বিৰোধিতা কৰাৰ বাবেই অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নেতা-কৰ্মীক একাংশই তুচ্ছ তাচ্ছিল্য কৰা বুলিও অভিযোগ উত্থাপন কৰিছে সংগঠনটোৰ নগাঁও জিলা সমিতিয়ে ।

বৰ্তমানৰ চৰকাৰখনে বিশেষজ্ঞ সমিতিৰ প্ৰতিবেদনকো আওকাণ কৰা বুলিও মন্তব্য কৰে সংগঠনটোৰ নেতাসকলে । সোমবাৰে নগাঁও জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত ৰূপায়ন কৰা ধৰ্ণা কাৰ্যসূচীৰ জৰিয়তে বৃহৎ নদীবান্ধ বন্ধৰ দাবীত জিলা উপায়ুক্তৰ জৰিয়তে দেশৰ প্ৰধানমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে সংগঠনটোৱে ।

লগতে পঢ়ক : বজালীত 20 টা প্ৰকল্পৰ বাবে 290 বিঘা ভূমি আবন্টন: মন্ত্ৰী ৰণজিৎ কুমাৰ দাস

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.