চামগুৰি, ১৪ আগষ্ট : চলিত অসম বিধানসভাৰ বাজেট অধিৱেশনত বঢ়মপুৰ সমষ্টিৰ (Barhampur Constituency) বিধায়ক জিতু গোস্বামীয়ে সৌৰশক্তি উৎপাদনৰ প্ৰসংগ উত্থাপন কৰি এজুউৰ পাৱাৰ কোম্পানীয়ে কৰা কামৰ বিষয়ে বৰ্ণনা কৰিছিল । কোম্পানীটোৱে ১৫ মেগাৱাট বিদ্যুৎ উৎপাদনৰ বাবে সৌৰ প্ৰকল্প স্থাপন কৰাৰ কথাও তেওঁ সদনত কৈছিল ।
বিতৰ্কৰ আৱৰ্তত সোমাই পৰা এজুউৰ পাৱাৰ কোম্পানীয়ে ভাল কাম কৰা বুলি সদনৰ মজিয়াত কৈছিল বিধায়কগৰাকীয়ে ৷ বিধায়কগৰাকীৰ এই মন্তব্যৰ তীব্ৰ বিৰোধিতা কৰিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতি, নিখিল ভাৰত কৃষক সভা, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আৰু বিভিন্ন দল-সংগঠনে ।
উল্লেখ্য যে, মিকিৰ বামুনীৰ ৰায়তী খতিয়ান থকা কৃষকৰ প্ৰায় ৩০০ বিঘা কৃষিভূমি কোম্পানীটোৱে ৰাজহুৱা শুনানি অবিহনে, উচিত ক্ষতিপূৰণ নিদিয়াকৈ, ৰাইজৰ সন্মতি অবিহনে কাঢ়ি লোৱাৰ অভিযোগ উত্থাপিত হৈছিল ।
এই গোচৰৰ বিচাৰ এতিয়াও ন্যায়ালয়ৰ মজিয়াত বিচাৰাধীন হৈ আছে । মিকিৰ বামুনীৰ ৰাইজ তথা কেইবাটাও দল-সংগঠনৰ নেতৃত্বত আজিও প্ৰতিবাদমুখৰ হৈ আছে বৃহত্তৰ মিকিৰ বামুনী অঞ্চল । তাৰোপৰি যোৱা মে' মাহত ১৮ টাকৈ হাতীৰ মৃত্যুৰ প্ৰকৃত কাৰণ এতিয়াও ফাদিল হ'বলৈ বাকী আছে । ইফালে, বিতৰ্কই লগ এৰা নিদিয়া এজুউৰ পাৱাৰ কোম্পানীৰ বিৰুদ্ধে বিশিষ্ট পৰিৱেশ কৰ্মী অপূৰ্ব বল্লভ গোস্বামীয়ে চামগুৰি থানাত ৰুজু কৰা গোচৰৰ তদন্ত প্ৰক্ৰিয়াও আগবঢ়া নাই ।
তেনেস্থলত, মিকিৰ বামুনীৰ দুৰ্ভগীয়া কৃষকৰ খবৰ ল’বলৈ আহৰি নেপোৱা বিধায়ক জিতু গোস্বামীয়ে কোম্পানীটোক ক্লিন শ্বিট দিবলৈ ক'ত সাহস পালে বুলি সংগঠনকেইটাই প্ৰশ্ন উত্থাপন কৰিছে । লগতে বিধায়কজনে বিদ্যুৎ চুৰি কাৰ্যত জড়িত এজুউৰ পাৱাৰ কোম্পানীটোৰ পক্ষ লোৱাৰো অভিযোগ উত্থাপিত কৰিছে সংগঠনকেইটাই ।