চামগুৰি, ৩১ জুলাই : যোৱা ২৬ জুলাইত মিজো আৰক্ষীয়ে অসমৰ আৰক্ষীৰ ওপৰত কৰা বৰ্বৰ আক্ৰমণৰ ঘটনাক ৰাজ্যৰ বিভিন্ন দল-সংগঠনে গৰিহণা দিছে । লগতে অসম আৰক্ষীৰ শ্বহীদ জোৱানসকলৰ ত্যাগৰ প্ৰতি সন্মান জনাই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰিছে বিভিন্ন দল-সংগঠনে । শুকুৰবাৰে সন্ধিয়া নগাঁও জিলাৰ পুৰণিগুদাম আৰক্ষী চকীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ পুৰণিগুদাম আঞ্চলিক সমিতিয়ে এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰে ।
সংগঠনটোৰ নেতা-কৰ্মীসকলে বন্তি প্ৰজ্বলন কৰি শ্বহীদ জোৱানসকললৈ শ্ৰদ্ধাঞ্জলি জনায় । লগতে শ্বহীদ আৰক্ষী জোৱানৰ শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে । আনহাতে, মিজোৰাম আৰক্ষীৰ বৰ্বৰ আক্ৰমণক গৰিহণা দিয়ে । শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত সদৌ অসম টাই আহোম ছাত্ৰ সন্থাৰ নগাঁও জিলা সমিতিৰ একাংশ বিষয়ববীয়াও উপস্থিত থাকে ।
অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সদস্যসকলে এই ঘটনাক লৈ ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীক ক্ষুৰধাৰ সমালোচনা কৰে । শীঘ্ৰেই অসম আৰু চুবুৰীয়া ৰাজ্যৰ মাজত অব্যাহত থকা সীমা বিবাদৰ শান্তিপূৰ্ণ সমাধান অথবা নিষ্পত্তি কৰিবলৈ সদস্যসকলে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰক আহ্বান জনায় ।
উল্লেখ্য যে, চৰকাৰে অসম-মিজোৰাম সীমান্তৰ ৰাইজক শংকিত নহ'বলৈ বাৰে বাৰে আহ্বান জনাই আহিছে যদিও মিজোৰামৰ আগ্ৰাসনে আতংকিত কৰিছে সীমান্তৰ ৰাইজক । শনিবাৰে অসম বিধানসভাৰ সৰ্বদলীয় প্ৰতিনিধিৰ দলে অসম-মিজোৰাম সীমান্তৰ বিবাদমান অঞ্চল পৰিদৰ্শন কৰিব । ইতিমধ্যে দলটো গুৱাহাটীৰ পৰা ৰাওনা হৈছে ।
আনহাতে, অসমৰ বিভিন্ন দল-সংগঠনে এই সমস্যাৰ বাবে চৰকাৰকে দোষাৰোপ কৰিছে । মিজোৰামত এন ডি এৰ মিত্ৰদলৰ চৰকাৰ থকা স্বত্বেও অসমৰ দৰে বিজেপি শাসনাধীন ৰাজ্যত কেনেকৈ মিজোৰামে আগ্ৰাসন কৰাৰ সাহস পাইছে বুলি এতিয়া প্ৰশ্ন উত্থাপিত হৈছে । এই ক্ষেত্ৰত কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ ভূমিকাক লৈও প্ৰশ্ন উত্থাপন হৈছে ।