ETV Bharat / state

নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত নগাঁৱত জোৰ সমদল

নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীৰে নগাঁৱত বাতিল কৰা হয় জোৰ সমদল ৷ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নেতৃত্বত এইদৰে উচ্চতম ন্যায়ালয়ত নাগৰিকত্ব (সংশোধনী) আইন, 2019ৰ শুনানিৰ পূৰ্বে জোৰ সমদল বাহিৰ কৰা হয় ৷

নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত নগাঁৱত জোৰ সমদল
নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত নগাঁৱত জোৰ সমদল
author img

By

Published : Jan 21, 2020, 11:51 PM IST

নগাঁও, 21 জানুৱাৰীঃ নাগৰিকত্ব (সংশোধনী) আইন, 2019ৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত দাখিল কৰা আবেদনৰ শুনানি গ্ৰহণৰ প্ৰাকমহুৰ্তত নগাঁৱত উত্তাল প্ৰতিবাদ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ৷ এই আইন বাতিলৰ দাবীত সংগঠনটোৰ নগাওঁ নগৰ সমিতি আৰু মৰিকলং শাখা সমিতিৰ উদ্যোগত উলিওৱা জোৰ সমদলত অংশগ্ৰহণ কৰে বহুটো লোকে । নগাঁৱৰ মৰিকলঙৰ পৰা নগাওঁ চহৰৰ মাজেৰে উলিওৱা হয় এই বিশাল প্ৰতিবাদী জোৰ সমদল ৷ প্ৰতিবাদী দলটোৱে চৰকাৰ বিৰোধী ধ্বনিৰে উত্তাল কৰি তোলে চহৰখনৰ আকাশ বতাহ ৷ জাতিধ্বংসী কা জাপি দিয়া নৰেন্দ্ৰ মোদী চৰকাৰৰ লগতে সোণোৱাল নেতৃত্বাধীন ৰাজ্য চৰকাৰো আগন্তক সময়ত ৰাইজে উফৰাই দিব বুলি হুংকাৰ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নগাওঁ জিলা সমিতিৰ সম্পাদক কাশ্যপ ফুকনৰ।

Intro:নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত নগাঁৱত জোৰ সমদল।

Body:নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত দাখিল কৰা আবেদনৰ শুনানি গ্ৰহণৰ প্ৰকমহুৰ্তত নগাঁৱত উত্তাল প্ৰতিবাদ জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ। নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত সংগঠনটোৰ নগাওঁ নগৰ সমিতি আৰু মৰিকলং শাখা সমিতিৰ উদ্যোগত উলিওৱা জোৰ সমদলত অংশগ্ৰহণ সহস্ৰাধিক জনতাৰ। নগাঁৱৰ মৰিকলঙৰ পৰা নগাওঁ চহৰৰ মাজেৰে উলিয়াই বিশাল প্ৰতিবাদী জোৰ সমদল। চৰকাৰ বিৰোধী ধ্বনিৰে উত্তাল কৰি তোলে চহৰখনৰ আকাশ বতাহ। জাতিধ্বংসী কা জাপি দিয়া নৰেন্দ্ৰ মোদী চৰকাৰৰ লগতে সোণোৱাল নেতৃত্বাধীন ৰাজ্য চৰকাৰো আগন্তক সময়ত ৰাইজে উফৰাই দিব বুলি হুংকাৰ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নগাওঁ জিলা সমিতিৰ সম্পাদক কাশ্যপ ফুকনৰ।
bite- কাশ্যপ ফুকন, সম্পাদক, নগাওঁ নগৰ সমিতি

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.