ETV Bharat / state

অসমীয়া জাতিৰ কফিনত শেষৰটো গজাল মাৰিলে বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই !

author img

By

Published : Dec 19, 2019, 8:07 PM IST

নগাঁও জিলা অগপৰ মতে প্ৰফুল্ল মহন্তই নেতৃত্ব দিয়ক আঞ্চলিক দলটোক ৷ দুটা শিবিৰত যেন বিভক্ত হৈছে আঞ্চলিক দল অসম গণ পৰিষদ ৷ এফালে যদি প্ৰফুল্ল কুমাৰ মহন্ত আনফালে অতুল বৰা,কেশৱ মহন্ত ৷ জাতিধ্বংসী নাগৰিকত্ব সংশোধনী আইনক সমৰ্থন কৰা অগপৰ বৰ্তমানৰ নেতৃত্বৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে নগাঁও জিলা অগপ ৷

AGP protest rally in Nagaon
বিভক্ত হৈছে আঞ্চলিক দল অগপ

নগাঁও,19 ডিচেম্বৰ : সংশোধিত নাগৰিকত্ব আইনৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত থকাৰ সময়ত আঞ্চলিক দল অসম গণ পৰিষদত আৰম্ভ হৈছে নেতৃত্বক লৈ খোৱা কামোৰা ৷ বহু বিতৰ্কিত আইনখন বাতিলৰ লগতে অগপ নেতৃত্বৰ পৰিৱৰ্তনৰ দাবীত নগাঁৱত দলটোৰ নেতা-কৰ্মীৰ প্ৰতিবাদ ৷ নগাঁও জিলা অগপৰ মতে প্ৰফুল্ল মহন্তই নেতৃত্ব দিয়ক আঞ্চলিক দলটোক ৷ দুটা শিবিৰত যেন বিভক্ত হৈছে আঞ্চলিক দল অসম গণ পৰিষদ ৷ এফালে যদি প্ৰফুল্ল কুমাৰ মহন্ত আনফালে অতুল বৰা,কেশৱ মহন্ত ৷

AGP protest rally in Nagaon
নগাঁৱত অগপৰ প্ৰতিবাদী সমদল

জাতিধ্বংসী নাগৰিকত্ব সংশোধনী আইনক সমৰ্থন কৰা অগপৰ বৰ্তমানৰ নেতৃত্বৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে নগাঁও জিলা অগপ ৷ বৃহস্পতিবাৰে অগপ দলৰ নেতৃত্বৰ পদত্যাগৰ লগতে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে নগাঁও জিলা অগপই সাব্যস্ত কৰে প্ৰতিবাদ ৷ সহস্ৰাধিক কৰ্মীক লগত লৈ দলটোৰ জিলা কাৰ্যালয়ৰ পৰা উলিওৱা হয় প্ৰতিবাদী সমদল ৷ সমদলৰ নেতৃত্ব দিয়ে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই ৷ নগাঁও চহৰৰ মাজেৰে উলিওৱা সমদলৰ অন্তত জিলা কাৰ্যালয়ৰ সন্মুখতে অনুষ্ঠিত হয় প্ৰতিবাদী সভা ৷ এই সভাতেই জিলা নেতৃবৰ্গই বিজেপিক উৎখাত কৰাৰ বাবে অগপৰ নেতৃত্বৰ পৰিৱৰ্তনৰ দাবী তোলে । ইয়াৰ লগতে দলীয় সদস্যসকলে অগপত পুনৰ প্ৰফুল্ল কুমাৰ মহন্তৰ নেতৃত্ব বিচাৰে ৷

সংশোধিত নাগৰিকত্ব আইন সন্দৰ্ভত প্ৰফুল্ল কুমাৰ মহন্তৰ মন্তব্য

কেন্দ্ৰীয় চৰকাৰে নাগৰিকত্ব সংশোধনী বিধেয়কক আইনত পৰিণত কৰি অবৈধ বিদেশীক ৰঙা দলিছা পাৰি দিয়া বুলি উল্লেখ কৰে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই ৷ তেখেতে কয় যে,এই আইনৰ অধীনত বাংলাদেশৰ পৰা আহিবলগীয়া অধিকাংশই অসমক বাছি ল'ব আৰু খিলঞ্জীয়াক সংখ্যালঘুত পৰিণত কৰি ৰাজনৈতিক অধিকাৰতো প্ৰত্যাহ্বানৰ সৃষ্টি কৰিব৷ বৰ্তমানৰ অগপ নেতৃত্বক বিশ্বাসঘাতক আখ্যা দি প্ৰফুল্ল কুমাৰ মহন্তই কয় যে,অসমীয়া জাতিৰ কফিনত শেষৰটো গজাল মাৰিলে একমাত্ৰ অগপ সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই ৷

সংশোধিত নাগৰিকত্ব আইন সন্দৰ্ভত গিৰিন বৰুৱাৰ মন্তব্য

আনহাতে, অসম গণ পৰিষদ দল যদি জাহ যায় তেন্তে তাৰ বাবে অতুল বৰা,কেশৱ মহন্ত,ফণীভূষণ চৌধুৰীৰ লগতে ছয় সাতজনেই জগৰীয়া বুলি মন্তব্য কৰে অগপৰ প্ৰাক্তন মন্ত্ৰী গিৰীন্দ্ৰ কুমাৰ বৰুৱাই ৷ ইয়াৰ লগতে অগপ দলৰ নাকি সদায় ৰাইজৰ লগতে থাকিব বুলিও মন্তব্য কৰে প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে ৷
লগতে পঢ়ক : ৰাজ্যৰ শেহতীয়া পৰিস্থিতিত শংকিত বিজেপি বিধায়ক, মুখ্যমন্ত্ৰীক সাক্ষাৎ

Intro:নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত থকাৰ সময়ত আঞ্চলিক দল অসম গণ পৰিষদত আৰম্ভ হৈ নেতৃত্বক লৈ খোৱা কামোৰা। কা' বাতিলৰ লগতে অগপৰ নেতৃত্বৰ পৰিবৰ্তনৰ দাবীত নগাঁৱত অগপৰ প্ৰতিবাদ। অগপত পুনৰ প্ৰফুল্ল কুমাৰ মহন্তৰ নেতৃত্ব বিচাৰিছে নগাওঁ জিলা অগপই। অগপৰ নেতৃত্বক বিশ্বাসঘাতক আখ্যা দিলে প্ৰফুল্ল কুমাৰ মহন্তই। অগপ দল জাহ গলে বৰ্তমানৰ নেতৃত্বই দায়ী বুলি মন্তব্য কৰে প্ৰাক্তন মন্ত্ৰী গিৰিন্দ্ৰ কুমাৰ বৰুৱাই।

Body:সংশোধিত নাগৰিকত্ব আইনৰ বিৰুদ্ধে জ্বলিছে সমগ্ৰ ৰাজ্য। চৌদিশে কেৱল কা বিৰোধী প্ৰতিবাদ। তাৰ মাজতে দুটা শিবিৰত যেন বিভক্ত হ'ল আঞ্চলিক দল অসম গণ পৰিষদ। এফালে যদি প্ৰফুল্ল কুমাৰ মহন্ত আনফালে অতুল বৰা, কেশৱ মহন্ত। জাতিধ্বংসী নাগৰিকত্ব সংশোধনী আইনক সমৰ্থন কৰা অগপৰ বৰ্তমানৰ নেতৃত্বৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে নগাওঁ জিলা অগপ। বৃহস্পিতিবাৰে অগপ দলৰ নেতৃত্বৰ পদত্যাগৰ লগতে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে নগাওঁ জিলা অগপই সাব্যস্ত কৰে প্ৰতিবাদ। সহস্ৰাধিক কৰ্মীক লগত লৈ দলটোৰ জিলা কাৰ্য্যালয়ৰ পৰা উলিয়াই প্ৰতিবাদী সমদল। সমদলৰ নেতৃত্বত প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত। নগাওঁ চহৰৰ মাজেৰে উলিওৱা সমদলৰ অন্তত জিলা কাৰ্য্যালয়ৰ সন্মুখতে অনুষ্ঠিত হয় প্ৰতিবাদী সভা। প্ৰতিবাদী সভাতেই জিলা নেতৃবৰ্গৰ দাবী বিজেপিক উৎখাত কৰাৰ বাবে প্ৰয়োজন অগপৰ নেতৃত্বৰ পৰিৱৰ্তন। লগতে স্পষ্টকৈ বিচাৰিলে অগপত পুনৰ প্ৰফুল্ল কুমাৰ মহন্তৰ নেতৃত্ব।
bite-1
vo- কেন্দ্ৰীয় চৰকাৰে নাগৰিকত্ব সংশোধনী বিধেয়কক আইনত পৰিণত কৰি অবৈধ বিদেশীক ৰঙা দলিছা পাৰি দিয়া বুলি উল্লেখ কৰি প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ মন্তব্য। এই আইনৰ অধীনত বাংলাদেশৰ পৰা আহিবলগীয়া অধিকাংশই বাছি লব অসমক। খিলঞ্জীয়াক সংখ্যালঘুত পৰিণত কাঢ়ি ৰাজনৈতিক অধিকাৰতো প্ৰত্যাহ্বানৰ সৃষ্টি কৰিব। বৰ্তমানৰ অগপ নেতৃত্বক বিশ্বাসঘাতক আখ্যা দি প্ৰফুল্ল কুমাৰ মহন্তই কয় অসমীয়া জাতিৰ কফিনত শেষৰটো গজাল মাৰিলে একমাত্ৰ সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই।
bite- ভাষণ, মহন্ত।
vo_ অসম আন্দোলনৰ পৰিসমাপ্তিৰ পিছত গঠন হোৱা অসম গণ পৰিষদ দলৰ সৈতে ৮৫৫ জন শ্বহীদৰ তেজৰ সম্পৰ্ক আছে বুলিও উল্লেখ কৰি অসমবাসীৰ আৱেগ, অনুভূতি আৰু যুক্তিক সমৰ্থন নকৰিলে অগপৰ বৰ্তমানৰ নেতৃত্বক ৰাইজে সুধাই নেৰে বুলিও মন্তব্য কৰে প্ৰফুল্ল কুমাৰ মহন্তই।
bite- মহন্ত।

Conclusion:ইপিনে অসম গণ পৰিষদ দল যদি জাহ যায় তেন্তে অতুল, কেশৱ, ফণীৰ লগতে ছয় সাতজনেই জগৰীয়া বুলি মন্তব্য কৰে অগপৰ প্ৰাক্তন মন্ত্ৰী গিৰিন্দ্ৰ কুমাৰ বৰুৱাই। লগতে অগপ দলৰ নাকী সদায় ৰাইজৰ লগতে থাকিব বুলিও মন্তব্য কৰে গিৰিন্দ্ৰ কুমাৰ বৰুৱাই।
bite - গিৰিন্দ্ৰ কুমাৰ বৰুৱা
--------------------------------------------------------------
নগাঁৱৰ পৰা ৰকিবুল ওৱাহিদ, ই টি ভি ভাৰত অসম
১৯-১২-১৯
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.