ETV Bharat / state

প্ৰফুল্ল মহন্তক বঞ্চিত কৰাক লৈ জ্যেষ্ঠ নেতা গিৰিন্দ্ৰ বৰুৱাৰ ক্ষোভ

author img

By

Published : Mar 8, 2021, 10:32 PM IST

অগপৰ প্ৰাৰ্থীৰ তালিকাৰ পৰা বাদ পৰিল প্ৰাক্তন মুখ্যমন্ত্ৰী তথা অগপৰ প্ৰতিষ্ঠাপক সভাপতি প্ৰফুল্ল কুমাৰ মহন্ত ৷ প্ৰফুল্ল কুমাৰ মহন্তক প্ৰাৰ্থীত্বৰ পৰা বঞ্চিত কৰাত ক্ষোভ জ্যেষ্ঠ অগপ নেতাৰ ৷ ক্ষোভিত হৈ পৰিছে অগপৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন মন্ত্ৰী গিৰিন্দ্ৰ কুমাৰ বৰুৱা ৷

agp leader girindra baruah not happy over the issue of depriving prafulla mahanta

নগাঁও, 8 মাৰ্চ: সমাগত অসম বিধানসভা নিৰ্বাচনৰ বাবে সকলো ৰাজনৈতিক দলে প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰিছে ৷ ইতিমধ্যে বিভিন্ন দলৰ মাজত সৃষ্টি হোৱা প্ৰাৰ্থীত্বকেন্দ্ৰীক সংঘাতে যে আগন্তুক নিৰ্বাচনত এক উল্লেখনীয় ভূমিকা গ্ৰহণ কৰিব সেই কথা স্পষ্ট হৈ পৰিছে ৷

প্ৰফুল্ল কুমাৰ মহন্তক বঞ্চিত কৰাক লৈ জ্যেষ্ঠ অগপ নেতা গিৰিন্দ্ৰ বৰুৱাৰ ক্ষোভ

বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ অংশ হিচাপে অসম গণ পৰিষদেও প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰাৰ লগে লগে ৰাজ্যৰ ৰাজনীতিত এই লৈ ব্যাপক চৰ্চা চলা পৰিলক্ষিত হৈছে ৷ কিয়নো অগপৰ প্ৰাৰ্থীৰ তালিকাৰ পৰা এইবাৰ বাদ পৰিছে বৃন্দাবন গোস্বামীৰ লগতে অগপৰ প্ৰতিষ্ঠাপক সভাপতি তথা অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত ৷ অগপৰ প্ৰতিষ্ঠাপক সভাপতি গৰাকীক প্ৰাৰ্থীত্বৰ পৰা বঞ্চিত কৰাক লৈ ক্ষোভিত হৈ পৰিছে অগপৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন মন্ত্ৰী গিৰিন্দ্ৰ কুমাৰ বৰুৱা ৷

প্ৰফুল্ল কুমাৰ মহন্তক প্ৰাৰ্থীত্বৰ পৰা বঞ্চিত কৰা পদ্ধতি অতি নিন্দনীয় হৈছে বুলি মন্তব্য কৰিছে অগপৰ জ্যেষ্ঠ নেতাগৰাকীয়ে ৷ মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ এক মন্তব্যৰ প্ৰসংগত জ্যেষ্ঠ অগপ নেতাগৰাকীয়ে দল বাগৰি ফুৰা নেতাই আন দলক ইতিকিং কৰে বুলিও কটাক্ষ কৰে ৷

লগতে পঢ়ক: বৃন্দাবন গোস্বামীক ক্ষমা বিচাৰিলে পৃথ্বীৰাজ ৰাভাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.