ETV Bharat / state

মগজুৰ অস্ত্ৰোপচাৰ সম্পন্ন কৰিয়েই কৰ'ণাত আক্ৰান্ত কৃষ্টি

author img

By

Published : Jun 11, 2020, 5:12 PM IST

মগজুৰ অস্ত্ৰোপচাৰৰ বাবে কৃষ্টিৰ পিতৃ-মাতৃয়ে ৰাইজৰ সহায় বিচাৰি কৃষ্টিক মগজুৰ অস্ত্ৰোপচাৰৰ বাবে লৈ গৈছিল মহাৰাষ্ট্ৰলৈ । দুৰাৰোগ্য ৰোগত আক্ৰান্ত হোৱা কৃষ্টি দেৱীয়ে ৰাইজৰ সহায়ৰ জৰিয়তে মগজুৰ অস্ত্ৰোপচাৰ কৰি অসমলৈ ঘূৰি আহিল ঠিকেই কিন্তু উভতি আহিয়ে কৃষ্টি পুনৰ আক্ৰান্ত হ'ল Covid-19ত ।

After brain surgery Krishti devi infected with Corona
মগজুৰ অস্ত্ৰোপচাৰ সম্পন্ন কৰিয়েই কৰ'ণাত আক্ৰান্ত কৃষ্টি

নগাঁও, 11 জুন : মগজুৰ জটিল অস্ত্ৰোপচাৰ সম্পন্ন কৰাৰ পিছতে Covid-19 ত আক্ৰান্ত নগাঁৱৰ চামগুৰিৰ পদুমনিৰ ১২ বছৰীয়া কিশোৰী কৃষ্টি। পখিলা খেদাৰ বয়সতে কৃষ্টি দেৱী নামৰ অষ্টম শ্ৰেণীৰ ছাত্ৰীগৰাকী আক্ৰান্ত হৈছিল মগজুৰ এক জটিল ৰোগত । মগজুৰ অস্ত্ৰোপচাৰৰ বাবে কৃষ্টিৰ পিতৃ-মাতৃয়ে ৰাইজৰ সহায় বিচাৰি কৃষ্টিক মগজুৰ অস্ত্ৰোপচাৰৰ বাবে লৈ গৈছিল মহাৰাষ্ট্ৰলৈ। দুৰাৰোগ্য ৰোগত আক্ৰান্ত হোৱা কৃষ্টি দেৱীয়ে ৰাইজৰ সহায়ৰ জৰিয়তে মগজুৰ অস্ত্ৰোপচাৰ কৰি অসমলৈ ঘূৰি আহিল ঠিকেই কিন্তু উভতি আহিয়ে কৃষ্টি পুনৰ আক্ৰান্ত হ'ল Covid-19 ত ।

কৃষ্টিৰ লগতে মুম্বাইলৈ যোৱা কৃষ্টিৰ আত্মীয় আন এজন লোকৰ দেহতো ধৰা পৰিছে COVID-19 ৷ পুৰণিগুদামস্থিত বৰ্ষা বিবাহ ভৱনৰ কোৱাৰেন্টাইন চেন্টাৰত ৰখা হৈছিল লোকজনক । আনহাতে ২ জুনৰ পৰা হোম কোৱাৰেন্টাইনত আছিল কণমানি কৃষ্টি দেৱী । ইফালে হোম কোৱাৰেন্টাইনত থকা কৃষ্টি দেৱীৰ সংস্পৰ্শলৈ অহা লোকৰ সন্ধান বিচাৰি অনুসন্ধান আৰম্ভ কৰিছে স্বাস্থ্য বিভাগে । উল্লেখ্য যে পুৰণিগুদাম বৰ্ষা বিবাহভৱনত কোৱাৰেন্টাইন হৈ থকা সৰ্বমুঠ ৪ জন লোকৰ বৰ্তমান COVID-19 ত আক্ৰান্ত ।
লগতে পঢ়কঃ জীৱন যুঁজত হাৰ মানিব নোখোজা কৃস্তি....

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.