ETV Bharat / state

নগাঁৱত সদৌ অসম জিলা কৰ্মচাৰী সন্থাৰ কেন্দ্ৰীয় অধিবেশন - মুখ্য কাৰ্যবাহী বিষয়া

শনিবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে নগাঁৱত অনুষ্ঠিত হ'ব সদৌ অসম জিলা প্ৰশাসন কৰ্মচাৰী সন্থাৰ একাদশ দ্বি-বাৰ্ষিক অধিবেশন । অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব বিত্ত আৰু স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, মন্ত্ৰী কেশৱ মহন্ত, পৰিমল শুক্লবৈদ্য ।

administration-employee-press-meet-in-ngaoan
নগাঁৱত সদৌ অসম জিলা কৰ্মচাৰী সন্থাৰ কেন্দ্ৰীয় অধিবেশন
author img

By

Published : Dec 25, 2020, 7:37 PM IST

নগাঁও, 25 ডিচেম্বৰ : শনিবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে নগাঁৱত অনুষ্ঠিত হ'ব সদৌ অসম জিলা প্ৰশাসন কৰ্মচাৰী সন্থাৰ একাদশ দ্বি-বাৰ্ষিক অধিবেশন । শনিবাৰে পুৱা 7.30 বজাৰ পৰা প্ৰতিনিধি পঞ্জীয়ন শিবিৰেৰে আৰম্ভ হ'ব দুদিনীয়া কেন্দ্ৰীয় অধিবেশন । শুকুৰবাৰে নগাঁও জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত সংবাদমেল আয়োজন কৰি অধিবেশনৰ কাৰ্যসূচী সন্দৰ্ভত অৱগত কৰে নগাঁও জিলা প্ৰশাসন কৰ্মচাৰী সন্থাই ।

নগাঁৱত সদৌ অসম জিলা কৰ্মচাৰী সন্থাৰ কেন্দ্ৰীয় অধিবেশন

নগাঁও জিলা প্ৰশাসন কৰ্মচাৰী সন্থাৰ সৌজন্যত অনুষ্ঠিত হ'বলগীয়া অধিবেশনৰ প্ৰথমদিনা পুৱা প্ৰতিনিধি শিবিৰ মুকলি কৰিব নগাঁও জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া অৰূপ কুমাৰ শৰ্মাই । অধিবেশনৰ দ্বিতীয় দিনা মুকলি সভাত অংশগ্ৰহণ কৰিব ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ।

উল্লেখ্য যে, অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব বিত্ত আৰু স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, মন্ত্ৰী কেশৱ মহন্ত, পৰিমল শুক্লবৈদ্য ।

লগতে পঢ়ক : পূৱ বিলাসীপাৰাত ভাৰতীয় জনতা যুৱ মৰ্চাৰ সু-শাসন দিৱস উদযাপন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.