নগাঁও, 30 নৱেম্বৰ: ৰূপহীহাটৰ জুৰীয়াত উদণ্ড যুৱকৰ তাণ্ডৱ ৷ আধাৰকাৰ্ড কেন্দ্ৰত উপদ্ৰৱ চলাই লণ্ড-ভণ্ড কৰে কেন্দ্ৰটোৰ লেপটপ, স্কেনাৰৰ লগতে আন আন সামগ্ৰী ৷ ৰূপহীহাটৰ জুৰীয়াৰ কান্দুলিমাৰী পৰমাইভেটি গাঁও পঞ্চায়তত থকা আধাৰ কাৰ্ড কেন্দ্ৰটোত কাৰ্ড বনোৱাৰ নামত ধন সংগ্ৰহৰ অভিযোগ উত্থাপন কৰি কৰ্তব্যৰত কৰ্মচাৰীক ভাবুকি প্ৰদান কৰে উদণ্ড যুৱকৰ দলটোৱে ৷
পৰিস্থিতি ইমানেই উত্তপ্ত হৈ পৰে যে উদণ্ড যুৱকৰ দলটোৱে আইন হাতত তুলিবলৈও কুণ্ঠাবোধ নকৰিলে ৷ ঘটনাস্থলীত জুৰীয়া আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰন কৰাৰ লগতে আধাৰ কাৰ্ড কেন্দ্ৰৰ অপাৰেটৰ কেইজনক থানালৈ লৈ আহে ৷ ঘটনা সন্দৰ্ভত অপাৰেটৰ কেইজনে উদণ্ড যুৱকৰ দলটোৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে ৷