ETV Bharat / state

কামপুৰৰ তেতেলিসৰা গুজুঙা ডুবা বিলত মাছৰ অস্বাভাৱিক মৃত্যু - কামপুৰ বাতৰি

কামপুৰৰ তেতেলিসৰা গুজুঙা ডুবা বিলত অস্বাভাৱিকভাৱে মৃত্যু ঘটিছে মাছৰ ৷ শুকুৰবাৰে পুৱা বিলখনত মৃত মাছবোৰ ওপঙি থকা প্ৰত্যক্ষ কৰে স্থানীয় লোকে ৷ এইপৰ্যন্ত কি কাৰণে মাছবোৰৰ এনেদৰে মৃত্যু ঘটিছে সেয়া স্পষ্ট হোৱা নাই যদিও উৎকট গৰমৰ বাবে এয়া সংঘটিত হৈছে বুলি অনুমান কৰা হৈছে ৷

Abnormal death of fish in Tetlisara Guzunga bill kampur nagaon assam etv bharat news
মাছৰ অস্বাভাৱিক মৃত্যু
author img

By

Published : Aug 7, 2020, 1:31 PM IST

বঢ়মপুৰ,7 আগষ্ট: নগাঁৱৰ কামপুৰৰ তেতেলিসৰা গুজুঙা ডুবা বিলত অস্বাভাৱিকভাৱে মৃত্যু ঘটিছে মাছৰ ৷ শুকুৰবাৰে পুৱা বিলখনত মৃত মাছবোৰ ওপঙি থকা প্ৰত্যক্ষ কৰে স্থানীয় লোকে ৷ বিলখনত কাৱৈ,গৰৈ,বৰালী,পুঠিকে ধৰি কেইবাটাও থলুৱা প্ৰজাতিৰ মাছ আছিল ৷ উল্লেখ্য যে,বৃহস্পতিবাৰে বিয়লি বিলখনত এটা-দুটাকৈ মাছ মৰি ওপঙি উঠা প্ৰত্যক্ষ কৰিছিল স্থানীয় গাঁওবাসীয়ে ৷

মাছৰ অস্বাভাৱিক মৃত্যু

কিন্তু শুকুৰবাৰে ব্যাপক হাৰত মাছ মৰি ওপঙি উঠে বিলখনত ৷ এইপৰ্যন্ত কি কাৰণে মাছবোৰৰ এনেদৰে মৃত্যু ঘটিছে সেয়া স্পষ্ট হোৱা নাই যদিও উৎকট গৰমৰ বাবে এয়া সংঘটিত হৈছে বুলি অনুমান কৰা হৈছে ৷ বিগত চাৰি-পাঁচ দিন ধৰি ৰাজ্যত অব্যাহত তীব্ৰ গ্ৰীষ্ম প্ৰবাহৰ বাবে পানী শুকাই গৈছিল বিলখনৰ ৷ যাৰ ফলত এনেদৰে বিলখনত মাছৰ অস্বাভাৱিক মৃত্যু ঘটাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে ৷

লগতে চাওকঃ ডিমা হাছাওত ক'ভিড-19ত আক্ৰান্তৰ সংখ্যা 202 লৈ বৃদ্ধি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.