নগাঁও, 8 এপ্ৰিল : চ’তৰ বোকোচাত উঠি আকৌ আহিল হেঁপাহৰ ৰঙালী ৷ ৰাজ্যৰ চৌদিশে ৰঙালীক আদৰাৰ ব্যাপক প্ৰস্তুতি ৷ সকলোৱে বিহুৰ কৰ্মশালা আখৰাত ব্যস্ত ৷ বিহুৰ বাবে সাজু হৈছে ঢুলীয়া,নাচনী সকলো ৷ সমান্তৰালভাৱে নগাঁৱৰ বৰপাঠৰীতো আৰম্ভ হৈছে বিহুৰ আখৰা ৷ বৰপথৰিত আন্তঃ পাঠৰী ছাত্ৰ সন্থাৰ উদ্যোগত আৰু অংকুৰণ গোষ্ঠীৰ সহযোগত বিহুৰ আখৰা অনুষ্ঠিত হয় ৷
2 এপ্ৰিলৰ পৰা 11 এপ্ৰিললৈ 10 দিনীয়া কাৰ্যসূচীৰে অনুস্থিত হয় এই কৰ্মশালা ৷ ঢোল, পেপাঁৰ মাতেৰে ৰজনজনাই পৰিছে বৰপাঠৰী অঞ্চল ৷ শিশুৰ পৰা জীয়ৰী বোৱাৰীসকলোৱে অংশগ্ৰহণ কৰিছে বিহুৰ আখৰাত ৷ নিৰ্বাচনৰ পিছত এতিয়া যেন সকলো ব্যস্ত হৈ পৰিছে বিহুৰ প্ৰস্তুতিত ৷ উল্লেখ্য যে, বিগত বৰ্ষত মহামাৰী ক’ৰোণাৰ বাবে বিহু উদযাপনৰ পৰা বঞ্চিত হ’বলগীয়া হোৱাত এইটো বছৰ দুগুণ উল্লাসেৰে বিহুক আদৰাৰ প্ৰস্তুতি ৰাজ্যবাসীৰ ৷
লগতে পঢ়ক : জলীউডৰ মোহময়ী অভিনেত্ৰী আইমী বৰুৱাৰ জন্মদিন