নগাঁও,29 নৱেম্বৰ : জখলাবন্ধা আৰক্ষীৰ বৃহৎ সফলতা ৷ বৃহস্পতিবাৰে জখলাবন্ধা আৰক্ষীৰ জালত পৰে তেল টেংকাৰ চুৰিকাণ্ডৰ লগত জড়িত দুটাকৈ চোৰ ৷ চোৰ দুটাক জখলাবন্ধা আৰক্ষীয়ে বাগৰীৰ পৰা গ্ৰেপ্তাৰ কৰে ৷
উল্লেখ্য যে, বুধবাৰে কলিয়াবৰ মহকুমা আৰক্ষী বিষয়া মৃন্ময় দাসৰ নেতৃত্বত বাগৰি আৰক্ষী চকীৰ অন্তৰ্গত এলেকাত চলিছিল এক অভিযান ৷ এই অভিযানত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল সন্দেহযুক্ত পাঁচ অপৰাধীক ৷ এই অপৰাধীকেইজনৰ ভাষ্য অনুসৰিয়ে বৃহস্পতিবাৰে জখলাবন্ধা আৰক্ষীয়ে কৰায়ত্ত কৰে আন দুজন লোকক ৷ কলিয়াবৰ মহকুমা আৰক্ষী বিষয়া মৃন্ময় দাসৰ মন্তব্য অনুসৰি সাতজনীয়া এই দলটো জড়িত আছিল দুখনকৈ তেল টেংকাৰ চুৰিকাণ্ডৰ লগত ৷ দলটোৰ পৰা আৰক্ষীয়ে জব্দ কৰে এক লাখ সত্তৰ হাজাৰ টকাৰ লগতে তেল চুৰিৰ লগত ব্যৱহৃত হোৱা বহু সজুলি । ধৃত চোৰকেইটা কলিয়াবৰৰ বাগৰীৰ আব্দুল কাদিৰ, শ্ব'ৰহাব আলি, আলি হুছেইন, জামালুদ্দিন, আব্দুল জলিল, মজিবুৰ ৰহমান আৰু কাছেম আলি।
অন্য এক খবৰৰ বাবে : বিষয় কেব : মোদীলৈ 5 হেজাৰ গামোছা-চিঠি পঠাব কটনিয়ানে!!