ETV Bharat / state

ইতিহাসপ্ৰসিদ্ধ নাককাটি পাহাৰ আৰু ইয়াৰ বুকুৰ নানা কথা

author img

By

Published : Jan 22, 2020, 7:13 AM IST

2016 চনৰ কথা ৷ বঙাইগাঁও জিলাৰ যুৱক নৱজ্যোতি ৰায়ে পোনপ্ৰথমবাৰৰ বাবে এই নাককাটি পাহাৰৰ অৱস্থিতিৰ উমান লাভ কৰে ৷ পেচাত এজন চাইক্লিষ্ট নৱজ্যোতিয়ে এই কথা সামাজিক কাৰ্যত জড়িত স্থানীয় যুৱক অনুজ চৌধুৰীক অৱগত কৰে ৷ যুৱকদ্বয়ে ঠাই টুকুৰাৰ ছবি গুগলত মিলাই চোৱাত হুবহু সাদৃশ্য লাভ কৰে বিশ্ববিখ্যাত আমেৰিকাৰ ভাৰ্জিনীয়া চিটিৰ মেক্​ফি নব আৰু নৰৱে'ৰ টুলটুঙ্গা পাহাৰৰ শৃংগৰ সৈতে ৷

a story on the nakkati hill
ইতিহাসপ্ৰসিদ্ধ নাককাটি পাহাৰৰ বিশেষ বিৱৰণ

বঙাইগাঁও,21 জানুৱাৰী : সেউজীয়া মনোমোহা পৰিৱেশে পৰিপুষ্ট চহৰ বঙাইগাঁও ৷ পৰ্যটনৰ প্ৰচুৰ সম্ভাৱনাপুষ্ট বঙাইগাঁৱত আছে কেবাটাও উল্লেখযোগ্য পৰ্যটনক্ষেত্ৰ ৷ এটুকুৰা বিশেষ শিলে বৰ্তমান স্থান লাভ কৰিবলৈ সক্ষম হৈছে বঙাইগাঁৱৰ পৰ্যটন ক্ষেত্ৰ হিচাপে ৷ প্ৰায় চাৰিবছৰ পূৰ্বে এগৰাকী চাইক্লিষ্টে আৱিষ্কাৰ কৰা শিলচটা আছে বঙাইগাঁৱৰ সমীপৰ ইতিহাসপ্ৰসিদ্ধ নাককাটি পাহাৰত

nakkati hill in Bongaigaon
নাককাটি পাহাৰৰ নান্দনিক দৃশ্য

প্ৰবাদমতে হেজাৰ বছৰৰ পূৰ্বে বঙাইগাঁও জিলাৰ বইটামাৰীৰ নিকটৱৰ্তী দেৱানগাঁৱত ৰাজত্ব কৰিছিল ভূমেশ্বৰ নামৰ এজন ৰজাই ৷ ভূমেশ্বৰ ৰজাৰ পত্নীৰ নাম আছিল সোণাময়ী ৷ ৰজাৰ অনুপস্থিতিত ৰাণী ভৃত্যৰ সৈতে অবৈধ প্ৰেমত মত্ত হৈ আছিল ৷ এই কথাৰ ভূ পাই এদিন ৰজাই হাতে-লোটে ৰাণীক ধৰা পেলায় ৷ ৰাণীৰ এই কাণ্ডত ৰজাই খঙ দমাব নোৱাৰি ততালিকে ৰাণীৰ নাকটো কাটি পেলায় ৷ তেতিয়াৰে পৰা সোণাময়ীৰ নাম সলনি হৈ নাককাটি হয় ৷ সেইসূত্ৰে পাহাৰখনৰ নাম হয় নাককাটি পাহাৰ

nakkati hill in Bongaigaon
নাককাটি পাহাৰত দৰ্শনাৰ্থী

2016 চনৰ কথা ৷ বঙাইগাঁও জিলাৰ যুৱক নৱজ্যোতি ৰায়ে পোনপ্ৰথমবাৰৰ বাবে এই নাককাটি পাহাৰৰ অৱস্থিতিৰ উমান লাভ কৰে ৷ পেচাত এজন চাইক্লিষ্ট নৱজ্যোতিয়ে এই কথা সামাজিক কাৰ্যত জড়িত স্থানীয় যুৱক অনুজ চৌধুৰীক অৱগত কৰে ৷ যুৱকদ্বয়ে ঠাই টুকুৰাৰ ছবি গুগলত মিলাই চোৱাত হুবহু সাদৃশ্য লাভ কৰে বিশ্ববিখ্যাত আমেৰিকাৰ ভাৰ্জিনীয়া চিটিৰ মেক্​ফি নব আৰু নৰৱেৰ টুলটুঙ্গা পাহাৰৰ শৃংগৰ সৈতে ৷ ইয়াৰ পিছত ৰায়ে প্ৰথমবাৰৰ বাবে নাককাটি পাহাৰৰ ফটো ছ’চিয়েল মেডিয়াযোগে প্ৰচাৰ কৰে ৷ ছ’চিয়েল মেডিয়াত এই ফটো ভাইৰেল হোৱাৰ পিছতে শিলটুকুৰাই লাভ কৰে অন্য এক পৰিচয় ৷ তেতিয়াৰে পৰা ঠাই টুকুৰালৈ সোঁত বয় দেশী-বিদেশী পৰ্যটকৰ ৷ সকলোৰে হেঁপাহ শিলচটাত বহি এবাৰ ফটো উঠাৰ,এখন ছেলফি তোলাৰ লগতে বঙাইগাঁৱৰ নৈসৰ্গিক দৃশ্য উপভোগ কৰাত ৷

nakkati hill in Bongaigaon
নাককাটি পাহাৰৰ মনোৰম দৃশ্য

লগতে পঢ়ক : 24 তাৰিখলৈ বাতিল উত্তৰ-পূৱৰ বহুকেইখন ৰেল

প্ৰায় চাৰিবছৰ অতিক্ৰম কৰা নাককাটি পাহাৰখনৰ সমীপৰ ঠাই টুকুৰা পৰ্যটন ক্ষেত্ৰৰূপে গঢ় দিয়াৰ বাবে যত্নপৰ হৈছে দেৱানগাঁৱৰ নাককাটী সংঘ ৷ কেইজনমান উদীয়মান যুৱকৰ প্ৰচেষ্টাত গঢ় লোৱা সংঘটোৱে নাককাটি পাহাৰক বিশ্বত পৰিচয় কৰাই দিবলৈ যত্নপৰ হোৱা পৰিলক্ষিত হৈছে ৷ পাহাৰটোৰ একেবাৰে ওখ শৃঙ্গটোৰ ওপৰত এচটা শিল আছে য’ৰ পৰা পৰ্যটকসকলে বঙাইগাঁও জিলাৰ বিভিন্ন প্ৰান্তৰ দৃশ্য উপভোগ কৰিব পাৰে ৷ প্ৰাকৃতিকভাৱে বাঢ়ি অহা এই শিলচটা পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু ৷ নাককাটী পাহাৰৰ তলেৰে বৈছে টুনীয়া নৈ ৷

নাককাটি পাহৰৰ শৃংগৰ পৰা দৃশ্যমান সমগ্ৰ বঙাইগাঁও

প্ৰচুৰ পৰ্যটনৰ সম্ভাৱনা থকা নাককাটি পাহাৰে ভৌগোলিক মানচিত্ৰত সুকীয়া স্থান অধিকাৰ কৰি আছে যদিও আজিকোপতি দৃষ্টি আকৰ্ষণ কৰিব পৰা নাই পৰ্যটন বিভাগৰ ৷ চৰকাৰৰ পৰ্যটন আৰু পুৰাতত্ত্ব বিভাগে গুৰুত্ব প্ৰদান কৰিলে নিশ্চয় বহু গুৰুত্বপুৰ্ণ ঐতিহাসিক তথ্য উদ্ধাৰ হ’ব নাককাটিৰ পৰা ৷ অসম চৰকাৰৰ লগতে বি টি চি প্ৰশাসনে এইক্ষেত্ৰত গুৰুত্ব আৰোপ কৰা উচিত ৷ নাককাটী ভ্ৰমণ কৰি অহা প্ৰতিজন লোকে সম্প্ৰতি এয়া কামনা কৰে ৷ অঞ্চলটোৱে পৰ্য্যটনৰ ক্ষেত্ৰত বহু গুৰুত্বপুৰ্ণ ভূমিকা গ্ৰহণ কৰিবলৈ সক্ষম হ’ব বুলি দাবী কৰে স্থানীয় লোকসকলে ।

বঙাইগাঁও চহৰৰ পৰা নাককাটি পাহাৰলৈ দুৰত্ব প্ৰায় 19.5 কিল’মিটাৰ ৷ যাতায়াতৰ তীব্ৰ অসুবিধা থকা নাককাটীলৈ অহা-যোৱাৰ ক্ষেত্ৰত পৰ্যটকে পাৰ হ’বলগীয়া হয় টুনীয়া নৈ ৷ স্থানীয় লোকে নিৰ্মাণ কৰি দিয়া একমাত্ৰ বাঁহৰ সাঁকোকে সাৰথি কৰি নাককাটি অভিমুখে যাত্ৰা কৰে প্ৰতিজন পৰ্যটকে ৷ ফলত তীব্ৰ অসুবিধাৰ সন্মুখীন হয় বিদেশী পৰ্য্যটকসকল ৷ যাতায়াতৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিলে অঞ্চলটোত পৰ্যটকৰ সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে ৷ এতিয়া মাথোঁ প্ৰয়োজন চৰকাৰৰ বিভাগীয় মুৰব্বীৰ গুৰুত্ব ৷

nakkati hill in Bongaigaon
নাককাটি পাহাৰত দৰ্শনাৰ্থী

সম্প্ৰতি প্ৰাকৃতিকভাৱে বিভিন্ন কাৰণত ফাঁট মেলিছে পাহাৰখনৰ শৃংগত থকা শিলচটাত ৷ দিনক দিনে বৃদ্ধি পোৱা পৰ্যটকৰ সংখ্যাৰ প্ৰতি লক্ষ্য ৰাখি ই এক অশুভ লক্ষণ বুলি ক’ব পাৰি ৷ কাৰণ যিকোনো মুহুৰ্ততে ঠাই টুকুৰাত সংঘটিত হ’ব পাৰে দুৰ্ঘটনা ৷ কোনো বিষম পৰিস্থিতি সৃষ্টি হোৱাৰ পূৰ্বে চৰকাৰে বিশেষকৈ পৰ্যটন বিভাগে এইক্ষেত্ৰত অৰিহণা আগবঢ়ালে সাম্ভাব্য বিপদৰ পৰা হাত সাৰিব পৰা যাব ৷

লগতে পঢ়ক : তিনিস্তৰীয় সুৰক্ষা ব্যৱস্থাৰে গণতন্ত্ৰ দিৱসৰ আয়োজন খানপাৰাত

Intro:add

Body:add

Conclusion:add
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.