কলিয়াবৰ, 21 জানুৱাৰী : কলিয়াবৰ মহকুমাৰ উলুৱনী থানাৰ অন্তৰ্গত খালৈআটীত বুধবাৰে 'মা-কালী জুৱেলাৰী'ৰ স্বত্বাধিকাৰী নিখিল মণ্ডলৰ ঘৰত সংঘটিত হয় ডকাইতি কাণ্ড ৷ নিশা প্ৰায় ২ বজাত বন্দুক আৰু চোকা অস্ত্ৰৰে সজ্জিত এটি ৭ জনীয়া ডকাইতৰ দলে ডকাইটিৰ চেষ্টা চলাই নিখিল মণ্ডলৰ ঘৰত ৷
ইফালে,নিশা বতৰ বেয়া হৈ থকাৰ সুযোগ বুজি ডকাইতৰ দলটোৱে নিখিল মণ্ডলৰ ঘৰত প্ৰৱেশ কৰি বহু লক্ষাধিক টকাৰ সোণৰ অলংকাৰ আৰু নগদ ধন লৈ যোৱাৰ লগতে চোকা অস্ত্ৰৰে নিখিল মণ্ডলৰ মূৰত আক্ৰমণ কৰে ৷ গুৰুতৰ ভাৱে আঘাতপ্ৰাপ্ত নিখিল মণ্ডলে ঘটনা সন্দৰ্ভত আৰক্ষীক অৱগত কৰিছিল যদিও তদন্ত প্ৰক্ৰিয়া অতি লেহেমীয়া কৰাৰ অভিযোগ তুলিছে পৰিয়ালৰ লোকে।
উল্লেখ্য যে,কিছুদিনৰ পূৰ্বেও নিখিল মণ্ডলে জুৱেলাৰী বন্ধ কৰি ঘৰলৈ গৈ থাকোতে দুজনীয়া ডকাইতৰ দলে আগভেটী ধৰি শূণ্যলৈ গুলী চালনা কৰি লুটপাত চলাবলৈ চেষ্টা কৰিছিল যদিও স্থানীয় লোকৰ তৎপৰতাত ডকাইত দুটাক আটক কৰি আৰক্ষীক গতাই দিছিল।