ETV Bharat / state

নগাঁৱৰ ধিং গেটত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত 1

author img

By

Published : Feb 5, 2021, 5:37 PM IST

শুক্ৰবাৰে দুপৰীয়া নগাঁও জিলাৰ ধিং গেটত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় । এখন চাৰিচকীয়া বাহনে খুন্দিওৱাৰ ফলত থিতাতে নিহত হয় এজন স্কুটি আৰোহী ।

a-road-accident-at-nagaon-dhing
নগাঁৱৰ ধিং গেটত ভয়ংকৰ পথ দুৰ্ঘটনা : নিহত এজন

নগাঁও, 5 ফেব্ৰুৱাৰী : শুক্ৰবাৰে দুপৰীয়া নগাঁও জিলাৰ ধিং গেটত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় । ধিং গেটৰ উৰণীয়া সেঁতুৰ সমীপত এখন চাৰিচকীয়া বাহন আৰু স্কুটিৰ মাজত হোৱা সংঘৰ্ষৰ ফলত সংঘটিত হয় এই দুৰ্ঘটনা ৷ দুৰ্ঘটনাটোৰ ফলত থিতাতে নিহত হয় এজন স্কুটি আৰোহী ।

স্থানীয় লোকে সদৰি কৰাতে AS-02-U-5643 নম্বৰৰ স্কুটিখনেৰে গৈ থকা অৱস্থাত চাৰিচকীয়া বাহনৰ খুন্দাত থিতাতে নিহত হয় নগাঁৱৰ জাজৰিৰ নেকিবোৰ ৰহমান নামৰ এজন লোক । দুৰ্ঘটনা সংঘটিত কৰিয়েই চাৰিচকীয়া বাহনখন পলায়ন কৰে বুলি জানিবলৈ দিছে স্থানীয় লোকে ।

উল্লেখ্য যে, মৃত লোকজনক উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰাৰ লগতে দুৰ্ঘটনা সংঘটিত কৰা বাহনৰ সন্ধান অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷

লগতে পঢ়ক :ঢেকিয়াজুলিত প্ৰধানমন্ত্ৰীৰ সভাৰ দায়িত্বত থকা নেতা-কৰ্মকৰ্তাৰ ক’ভিড পৰীক্ষা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.