ETV Bharat / state

মেধাৱী ইবাদুলৰ সপোন বাস্তৱ কৰাত আপুনি সহায় কৰিবনে !

author img

By

Published : Jun 7, 2020, 1:17 PM IST

আৰ্থিক দীনতাক নেওচি হাইস্কুল শিক্ষান্ত পৰীক্ষাত আটাইকেইটা বিষয়ত লেটাৰ নম্বৰসহ শতকৰা 85.5 নম্বৰেৰে ডিষ্টিংশ্যন লাভ কৰিলে ধিঙৰ শালকাটিৰ ইবাদুল ইছলাম নামৰ এজন ছাত্ৰই ৷

a poor student from dhing secured distinction in hslc exam

বটদ্ৰৱা, 7 জুনঃ দৰিদ্ৰতাক নেওচি উজলিল ধিঙৰ শালকাটিৰ ইবাদুল ইছলাম নামৰ এজন ছাত্ৰ ৷ হাইস্কুল শিক্ষান্ত পৰীক্ষাত আটাইকেইটা বিষয়ত লেটাৰ নম্বৰসহ শতকৰা 85.5 নম্বৰেৰে ডিষ্টিংশ্যন লাভ কৰে ছাত্ৰগৰাকীয়ে ৷ ভূমিহীন পিতৃ নুৰুল হকে দিন হাজিৰা কৰাৰ লগতে বাঁহ-বেতেৰ সামগ্ৰী বিক্ৰী কৰি কোনোমতে পোহপাল দি আছে পৰিয়ালটো ৷ এই কামত পিতৃক সহযোগ কৰে ইবাদুলেও ৷

আৰ্থিক দীনতা বাধা হ'ব নোৱাৰে শিক্ষাৰ ক্ষেত্ৰত ! প্ৰমাণ কৰিলে ধিঙৰ ইবাদুল ইছলামে

প্ৰাথমিক পৰ্যায়ৰ পৰা শালকাটি হাজী চুলতান আলী জাতীয় বিদ্যালয়ে বিনামূলীয়াকৈ পঢ়ুৱাইছিল ইবাদুলক ৷ ইবাদুলৰ সপোন বিজ্ঞান শাখাত অধ্যয়ন কৰি এজন চিকিৎসক হোৱাৰ ৷ কিন্তু আৰ্থিক দীনতাই জুৰুলা কৰা ইবাদুলক এতিয়া প্ৰয়োজন কিছু সহায়ৰ ৷ কাৰোবাৰ এধানি সহায়ৰ বাব সম্প্ৰতি বাট চাই ৰৈছে ইবাদুলৰ পৰিয়ালৰ ৷

লগতে পঢ়কঃ দৰিদ্ৰতাক নেওচি উজ্বলি উঠিছে শিক্ষাৰ্থী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.