ETV Bharat / state

পুৰণিগুদাম আৰক্ষীৰ জালত দুৰ্ধৰ্ষ চোৰাং চিকাৰী টুটু মানকি - চোৰাং কাঠৰ ব্যৱসায়

আৰক্ষীৰ জালত পৰা চোৰাং চিকাৰীটোৰ নাম টুটু মানকি ৷ হস্তনিৰ্মিত এটা খাজা বন্দুকসহ এই দুৰ্ধৰ্ষ টুটু মানকিক বালিজুৰিৰ কাজিৰঙাৰ নিজ বাসগৃহৰ পৰা কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে আৰক্ষী ৷

পুৰণিগুদাম আৰক্ষীৰ জালত দুধৰ্ষ চোৰাং চিকাৰী টুটু মানকি

author img

By

Published : Aug 5, 2021, 10:14 PM IST

চামগুৰি, 5 আগষ্ট : ৰাজ্যত এতিয়া প্ৰতিদিনে বন বিভাগ আৰু আৰক্ষীৰ জালত পৰিছে এটাৰ পাছত আন এটা চোৰাং চিকাৰী ৷ তাৰ মাজতে বৃহস্পতিবাৰে পুৰণিগুদাম আৰক্ষীৰ জালত পৰিছে এটা দুৰ্ধৰ্ষ চোৰাং চিকাৰী ৷ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা চোৰাং চিকাৰীটোৰ নাম টুটু মানকি বুলি জানিব পৰা গৈছে ৷ হস্তনিৰ্মিত এটা খাজা বন্দুকসহ এই দুৰ্ধৰ্ষ টুটু মানকিক বালিজুৰিৰ কাজিৰঙাৰ নিজ বাসগৃহৰ পৰা কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে আৰক্ষী ৷

উল্লেখযোগ্য যে, চামগুৰি থানাৰ অন্তৰ্গত পুৰণিগুদাম আৰক্ষী চকীৰ এলেকাধীন তথা বঢ়মপুৰ সমষ্টিৰ বালিজুৰি কাজিৰঙাৰ নিবাসী মৃত দুৰ্যোধন মানকিৰ ৪৫ বছৰীয়া পুত্ৰ টুটু মানকি ৷ এক গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত পুৰণিগুদাম আৰক্ষী পহৰা চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বীৰদাউ গয়াৰীৰ নেতৃত্বত যোৱা এটা আৰক্ষীৰ দলে হস্তনিৰ্মিত খাজা বন্দুকসহ কৰায়ত্ব কৰিবলৈ সক্ষম হয় ৷

আৰক্ষীৰ জালত দুৰ্ধৰ্ষ চোৰাং চিকাৰী টুটু মানকি

টুটু মানকিয়ে দীৰ্ঘদিন ধৰি এটা কাঠফলা মেচিনৰ সহায়ত পাহাৰৰ গছ-গছনি কাটি চোৰাং কাঠৰ ব্যৱসায় কৰি আহিছিল ৷ লগতে বনৰীয়া জন্তুৰ চিকাৰ কৰি আহিছিল । সম্প্ৰতি টুটু মানকিক অধিক তথ্যৰ সন্ধানত চামগুৰি আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে ৷ সাম্প্ৰতিক সময়ত ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে বন বিভাগক চোৰাং চিকাৰীৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে ৷

সেই সময়তে এতিয়া ৰাজ্যৰ বিভিন্ন প্ৰান্তত এনেদৰে চোৰাং চিকাৰীক গ্ৰেপ্তাৰ কৰাৰ ঘটনাই সকলোকে উদ্বিগ্ন কৰি তুলিছে ৷ সেই অনুসৰি বুধবাৰে হোজাই জিলাৰ অন্তৰ্গত লামডিং আৰু বিশ্বনাথত দুটাকৈ চোৰাং চিকাৰী গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল বন বিভাগ ৷ চলিত সপ্তাহৰ মঙলবাৰে মানাহ ৰাষ্ট্ৰীয় উদ্যানত দুটাকৈ দুৰ্ধৰ্ষ চোৰাং চিকাৰীক জীৱ-জন্তুৰ অংগ-প্ৰত্যংগৰ সৈতে বন বিভাগে আটক কৰিবলৈ সক্ষম হৈছিল ৷

লগতে পঢ়কঃ কম্বল বিচাৰি গোলঘাট পালেগৈ দিছপুৰ আৰক্ষী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.