নগাঁও, 19 মাৰ্চঃ আগন্তুক লোকসভা নিৰ্বাচনকলৈ ৰাজনৈতিক দল সমূহে তৎপৰতা অব্যাহত ৰখাৰ মাজতে মঙলবাৰে কলিয়াবৰ সমষ্টিৰ ৰূপহীহাটত নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰে কলিয়াবৰৰ কংগ্ৰেছৰ প্ৰাৰ্থী গৌৰৱ গগৈয়ে ৷ দীৰ্ঘদিনধৰি গগৈ পৰিয়ালৰ দখলত থকা এই সমষ্টিটো পুনৰবাৰ নিজৰ দখললৈ অনাৰ ক্ষেত্ৰত যেন পিচ হুহকি ৰোৱা নাই ৷ মঙলবাৰে জুৰীয়াত ৰকিবুল হুছেইন আৰু নুৰুল হুদাসহ বহু কংগ্ৰেছ কৰ্মীক লগত লৈ প্ৰচাৰ অভিযান আৰম্ভ কৰে তৰুণ তনয় গৌৰৱে ৷ জুৰীয়াৰ কালিয়াডিঙাত অনুষ্ঠিত এক সভাত অগপ বিজেপিক তীব্ৰ কটাক্ষ কৰে গৌৰৱ গগৈৰ লগতে ৰকিবুল হুছেইনে । অগপৰ তিনি মন্ত্ৰীয়ে পদত্যাগৰ নাটক কৰিছিল বুলি উল্লেখ কৰি লোকসভা নিৰ্বাচনৰ পিছতেই তিনিওজনে বিজেপিত যোগদান কৰিব বুলি মন্তব্য গৌৰৱ গগৈৰ । ইফালে, অগপৰ তৃণমূল পৰ্যায়ৰ নিষ্ঠাবান কৰ্মীয়ে কংগ্ৰেছৰ সৈতে যোগাযোগ কৰি আছে বুলি উল্লেখ কৰে গৌৰৱ গগৈয়ে । উল্লেখ্য যে, এ আই ইউ ডি এফ ৰ সৈতে কোনো ক্ষেত্ৰতে কংগ্ৰেছৰ মিত্ৰতা নহয় বুলি উল্লেখ কৰা ৰকিবুল হুছেইনে এ আই ইউ ডি এফৰ ভোট যোগ কৰি দেখুৱালে গৌৰৱ গগৈৰ জয়ৰ অংক । এতিয়া প্ৰশ্ন হয় , অগপ মন্ত্ৰী কেশৱ মহন্তৰ ভাতৃ মণিমাধৱ মহন্তৰ নাম মিত্ৰজোঁটৰ প্ৰাৰ্থীৰূপে চৰ্চা চলি থকাৰ মাজতে গৌৰৱ গগৈৰ এনে মন্তব্যই কিদৰে প্ৰভাৱ পেলাব সেয়া সময়তহে পৰিস্ফূট হ’ব ৷
পদত্যাগৰ নাটক কৰা অগপ নেতাই নিৰ্বাচনৰ পাচতেই যোগ দিব বিজেপিত : গৌৰৱ গগৈ - MP ELECTION
অগপৰ তৃণমূল পৰ্যায়ৰ নিষ্ঠাবান কৰ্মীয়ে কংগ্ৰেছৰ সৈতে যোগাযোগ কৰি আছে বুলি উল্লেখ কৰে গৌৰৱ গগৈয়ে