বটদ্ৰৱা,20 জুলাইঃ বটদ্ৰৱাৰ চকলাঘাটৰ পুৰণি খাটোৱাল গাঁৱত শোকাৱহ অঘটন । কঁঠাল পাৰিবলৈ গৈ মৃত্যু এজনৰ । দ্ৰুন ৰাজা নামৰ এজন ব্যক্তিয়ে পুৰণি খাটোৱালৰ ৰূপৰাম (বোপা) তালুকদাৰ নামৰ এজন লোকৰ পদূলিত থকা এজোপা কঁঠাল গছৰ পৰা পকা কঁঠাল পাৰিবলৈ গছত উঠে ৷ কিন্তু হঠাৎ তেওঁ কঁঠাল গছৰ ডাল ভাগি তলৰ পকী পথত সৰি পৰে ৷ মুখেৰে সামান্য ৰক্তক্ষৰণ হৈ অচেতন হৈ পৰা দ্ৰুন ৰাজাক ততাতৈয়াকৈ চিকিৎসালয়লৈ নিবলৈ প্ৰস্তুতি চলাওঁতেই তেওঁৰ মৃত্যু হয় ৷ এনেদৰে কঁঠাল পাৰিবলৈ গৈ এজন সৰবৰহী ব্যক্তিয়ে মৃত্যুক আঁকোৱালি ল’ব লগা হোৱাত সমগ্ৰ অঞ্চলটোতে গভীৰ শোকৰ ছাঁ পৰিছে ৷ মৃত্যুৰ সময়ত তেওঁ পত্নীসহ এজন পুত্ৰ, পাঁচগৰাকী জীয়ৰী আৰু বহু আত্মীয়-কুটুম্বক ইহসংসাৰত এৰি থৈ যায় ৷
কঁঠাল পাৰিবলৈ গৈ এজনৰ মৃত্যু - কঁঠাল
বটদ্ৰৱাৰ চকলাঘাটৰ খাটোৱাল গাৱঁত অঘটন । কঁঠাল পাৰিবলৈ গৈ এজনৰ কৰুণ মৃত্যু ।
বটদ্ৰৱা,20 জুলাইঃ বটদ্ৰৱাৰ চকলাঘাটৰ পুৰণি খাটোৱাল গাঁৱত শোকাৱহ অঘটন । কঁঠাল পাৰিবলৈ গৈ মৃত্যু এজনৰ । দ্ৰুন ৰাজা নামৰ এজন ব্যক্তিয়ে পুৰণি খাটোৱালৰ ৰূপৰাম (বোপা) তালুকদাৰ নামৰ এজন লোকৰ পদূলিত থকা এজোপা কঁঠাল গছৰ পৰা পকা কঁঠাল পাৰিবলৈ গছত উঠে ৷ কিন্তু হঠাৎ তেওঁ কঁঠাল গছৰ ডাল ভাগি তলৰ পকী পথত সৰি পৰে ৷ মুখেৰে সামান্য ৰক্তক্ষৰণ হৈ অচেতন হৈ পৰা দ্ৰুন ৰাজাক ততাতৈয়াকৈ চিকিৎসালয়লৈ নিবলৈ প্ৰস্তুতি চলাওঁতেই তেওঁৰ মৃত্যু হয় ৷ এনেদৰে কঁঠাল পাৰিবলৈ গৈ এজন সৰবৰহী ব্যক্তিয়ে মৃত্যুক আঁকোৱালি ল’ব লগা হোৱাত সমগ্ৰ অঞ্চলটোতে গভীৰ শোকৰ ছাঁ পৰিছে ৷ মৃত্যুৰ সময়ত তেওঁ পত্নীসহ এজন পুত্ৰ, পাঁচগৰাকী জীয়ৰী আৰু বহু আত্মীয়-কুটুম্বক ইহসংসাৰত এৰি থৈ যায় ৷
Body:বটদ্ৰৱাৰ চকলাঘাটৰ পুৰণি খাটোৱাল গাৱঁত শোকাৱহ অঘটন । কঁঠাল পাৰিবলৈ গৈ মৃত্যু এজনৰ । দ্ৰুন ৰাজা নামৰ এজন ব্যক্তিয়ে পুৰণি খাটোৱালৰ ৰূপৰাম (বোপা) তালুকদাৰ নামৰ এজন লোকৰ পদূলিত থকা এজোপা কঁঠাল গছৰ পৰা পকা কঁঠাল পাৰিবলৈ গছত উঠে ৷ কিন্ত হঠাৎ তেওঁ কঁঠাল গছৰ ডাল ভাগি তলৰ পকী পথত সৰি পৰে ৷ মুখেৰে সামান্য ৰক্তক্ষৰণ হৈ অচেতন হৈ পৰা দ্ৰুন ৰাজাক ততাতৈয়াকৈ চিকিৎসালয়লৈ নিবলৈ প্ৰস্তুতি চলাওতেই তেওঁৰ মৃত্যু হয় ৷ এনেদৰে কঠাল পাৰিবলৈ গৈ এজন সৰবৰহী ব্যক্তিয়ে মৃত্যুক আঁকোৱালি ল’ব লগা হোৱাত সমগ্ৰ অঞ্চলটোতে গভীৰ শোকৰ ছাঁ পৰিছে৷মৃত্যুৰ সময়ত তেওঁ পত্নীসহ এজন পুত্ৰ, পাঁচগৰাকী জীয়ৰী আৰু বহু আত্মীয়-কুটুম্বক ইহসংসাৰত এৰি থৈ যায়৷___________________বটদ্ৰৱাৰ পৰা প্ৰাঞ্জল বৰা ই টি ভি ভাৰত অসম ।Conclusion: