কলিয়াবৰ, ৯ নৱেম্বৰ: 'কলং পুনৰ জীৱিতকৰণ আঁচনি'ৰ অধীনত সোমবাৰৰ পৰা নগাঁৱৰ কলংমুখত 'শ্লুইছ গে'ট' নিৰ্মাণৰ কাম আৰম্ভ হৈছে। পুৱা কলংমুখৰ হাতীমুৰাত বন্তি প্ৰজ্বলন কৰি নিৰ্মাণকাৰ্যৰ শুভাৰম্ভণি কৰে জলসম্পদ মন্ত্ৰী কেশৱ মহন্তই। যোৱা ৩০ অক্টোবৰত প্ৰায় ১৩৫ কোটি টকীয়া 'কলং পুনৰ জীৱিতকৰণ আঁচনি'ৰ ঘোষণা কৰা হৈছিল। ৰাজ্য চৰকাৰৰ জলসম্পদ বিভাগৰ অভিলাষী আঁচনিৰ কথা ঘোষণা কৰাৰ দিনাই নৱেম্বৰ মাহৰ পৰাই কলং মুখত 'শ্লুইছ গে'ট' নিৰ্মাণৰ কাম আৰম্ভ হ'ব বুলি ঘোষণা কৰিছিল জলসম্পদ মন্ত্ৰীগৰাকীয়ে।
সোমবাৰৰ পৰা এই আঁচনিৰ অধীনত ২০২১ চনৰ ফ্ৰেব্ৰুৱাৰী মাহত সম্পূৰ্ণ কৰাৰ লক্ষ্যৰে 'শ্লুইছ গে'ট' নিৰ্মাণৰ কাম কৰা হৈছে। মন্ত্ৰী কেশৱ মহন্তই প্ৰকাশ কৰিছে যে, দিনে-নিশাই চলিব 'শ্লুইছ গে'ট' নিৰ্মাণৰ কাম আৰু অহা ৩ মাহৰ ভিতৰত নিৰ্মাণকাৰ্য সম্পূৰ্ণ হ'ব। বোৱতী কলঙৰ সপোন অহা বাৰিষাৰ পূৰ্বে বাস্তৱায়িত হোৱাৰ আশা কৰিছে কলিয়াবৰবাসী তথা নগাঁওবাসীয়ে।
লগতে পঢ়ক: সদৌ বিটিএডি নাথ-যোগী সন্মিলনীৰ শপত গ্ৰহণ