ETV Bharat / state

লক ডাউনৰ বাবে বটদ্ৰৱাৰ এজন দিব্যাংগ শিল্পীৰ দুৰৱস্থা

author img

By

Published : May 21, 2020, 4:23 PM IST

দুমাহ ধৰি বটদ্ৰৱা থানলৈ তীৰ্থ যাত্ৰী তথা পৰ্যটকৰ আগমন নঘটাৰ বাবে এতিয়া দুবেলা দুমুঠি অন্নৰ বাবে হাহাকাৰ কৰিব লগিয়া হৈছে সুদীৰ্ঘ 21 বছৰ ধৰি বটদ্ৰৱা থানৰ আকাশীগংগালৈ যোৱাৰ পথৰ দাঁতিত গীত গাই জীনৱ নিৰ্বাহ কৰা শিল্পী গৰাকীয়ে ৷

A  disable artist of Batadrawa fight for survival
লক ডাউনৰ বাবে বটদ্ৰৱাৰ এজন দিব্যাংগ শিল্পীৰ দুৰৱস্থা

বটদ্ৰৱা, 21 মে': লক ডাউনৰ বাবে হাহাকাৰ অৱস্থা বটদ্ৰৱা থানৰ লগত নিবিড় সম্পৰ্ক থকা এগৰাকী দিব্যাংগ শিল্পীৰ ৷ মহাপুৰুষ শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱা থানৰ লগত এক দীঘলীয়া নিবিড় ভাবে জড়িত এই গৰাকী দিব্যাংগ শিল্পী গোপাল কাকতি ৷ গোলাঘাটৰ জামুগুৰি গাঁৱত জন্ম গ্ৰহণ কৰি পৰবৰ্তী সময়ত বটদ্ৰৱায়েই পৰিচয় হৈ পৰিছে গোপাল কাকতি নামৰ শিল্প গৰাকীৰ ৷ কিন্তু বৰ্তমান অব্যাহত থকা লকডাউনে শিল্পী জনৰ জীৱনলৈ নমাই আনিছে দুৰ্যোগ ৷ দুমাহ ধৰি বটদ্ৰৱা থানলৈ তীৰ্থ যাত্ৰী তথা পৰ্যটকৰ আগমন নঘটাৰ বাবে এতিয়া দুবেলা দুমুঠি অন্নৰ বাবে হাহাকাৰ কৰিব লগিয়া হৈছে সুদীৰ্ঘ 21 বছৰ ধৰি বটদ্ৰৱা থানৰ আকাশীগংগালৈ যোৱাৰ পথৰ দাঁতিত গীত গাই জীনৱ নিৰ্বাহ কৰা শিল্পী গৰাকীয়ে ৷

উল্লেখ্য যে, বটদ্ৰৱা থানত গীত গাই জীৱন নিৰ্বাহ কৰা লোকশিল্পী গোপাল কাকতিৰ কন্ঠক অসমৰ কেইবাগৰাকী জনপ্ৰিয় শিল্পীয়ে প্ৰসংশা কৰা উপৰিও শিল্পী জুবিন গাৰ্গৰ এটি গীতৰ এলবামত কন্ঠদানৰ সৌভাগ্য হৈছিল দিব্যাংগ শিল্পী গৰাকীৰ ৷ কিন্তু 21 বছৰ ধৰি এনেদৰে গীত গাই জীৱন নিৰ্বাহ কৰা এই শিল্পী গৰাকীয়ে আজিলৈকে পোৱা নাই কোনো চৰকাৰী সাহাৰ্য ৷ উপায়ন্তৰ হৈ স্থানীয় বিধয়িকা আঙুৰলতা ডেকাৰ পৰা সহায় বিচাৰিছে শিল্পী গৰাকীয়ে ৷

এই অসহায় সময়ত চৰকাৰলৈ সহায়ৰ বাবে আহ্বান জনাইছে শিল্পী গৰাকীয়ে ৷

লগতে পঢ়কঃ

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.