ETV Bharat / state

নগাঁৱত বিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰিলে মন্ত্ৰী পীযুষ হাজৰিকাই - বাগিছাত বিদ্যালয়

নিৰ্বাচনলৈ মাজত মাথোঁ কেইমাহমান বাকী। কৰ'ণাসৃষ্ট পৰিৱেশৰ মাজতে বি জে পি চৰকাৰৰ আধাৰশিলাৰ ৰাজনীতি ৷ চাহ বাগিছা অঞ্চলত ১১৯ খন বিদ্যালয় নিৰ্মাণৰ চৰকাৰী আঁচনিৰ আধাৰশিলা স্থাপন । নগাঁৱত কন্দলী শগুনবাহী চাহ বাগিছাত বিদ্যালয়ৰ আধাৰশিলা স্থাপন ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পীযুষ হাজৰিকাৰ ৷ সামজিক দূৰত্বৰ চিন-চাবেই নাই আধাৰশিলা স্থাপনৰ অনুষ্ঠানত।

নগাঁৱত বিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰিলে মন্ত্ৰী পিযুষ হাজৰিকাই

author img

By

Published : Nov 2, 2020, 5:57 PM IST

বঢ়মপুৰ, ২ নৱেম্বৰ : শিক্ষামন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণাৰ পিছতে ৰাজ্যৰ চাহ বাগিছা অঞ্চলত ১১৯খন বিদ্যালয় নিৰ্মাণৰ আধাৰ শিলা স্থাপন কৰিলে মন্ত্ৰী-বিধায়কে । সোমবাৰে নগাঁৱৰ কন্দলী শগুনবাহী চাহ বাগিছাত বিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰে ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পীযুষ হাজৰিকাই ৷ আধাৰশিলা স্থাপনৰ লগত সংগতি ৰাখি এখন ৰাজহুৱা সভাও অনুষ্ঠিত কৰা হয় ৷

নগাঁৱত বিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰিলে মন্ত্ৰী পিযুষ হাজৰিকাই
নগাঁৱত বিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰিলে মন্ত্ৰী পীযুষ হাজৰিকাই

পূৰ্বে স্বাস্থ্য বিধি উলংঘন কৰি ক্ষমা খুজিবলৈ বাধ্য হোৱা মন্ত্ৰীগৰাকীৰ আধাৰশিলা স্থাপন অনুষ্ঠানলৈ আহিল দলটোৰ নেত-কৰ্মী । সভাত উপস্থিত থকা বহু লোকৰে মুখত নাই মাস্ক । আধাৰশিলা স্থাপন অনুষ্ঠানত সামজিক দূৰত্বক একাষৰীয়া কৰি থৈ পালিনেতাৰ কাষতে থিয় দিলে মন্ত্ৰীয়ে ।

আনহাতে, মিঞা মিউজিয়াম সন্দৰ্ভত মন্ত্ৰী গৰাকীয়ে মন্তব্য কৰে যে, বিধায়ক শ্বেৰমান আলীয়ে বাহিৰত যিমানেই চিঞৰ-বাখৰ নকৰক কিয় বিধানসভাৰ মজিয়াত মিঞা মিউজিয়াম বিষয়ে কোনো মন্তব্য কৰিবলৈ সুবিধা দিয়া নহ'ব ৷ কোনো কাৰণতে মিঞা মিউজিয়াম স্থাপন কৰা ন'হব বুলিও মন্তব্য কৰাৰ লগতে পুনৰ মিঞা মিউজিয়ামৰ বিষয়ে কোনো কথা ক’বলৈ সাহস নকৰিবলৈ বিধায়ক শ্বেৰমান আলীক সকিয়াই দিয়ে মন্ত্ৰী পীযুষ হাজৰিকাই ৷

লগতে পঢ়ক:সংকটত মৰাপাট কলৰ শ্ৰমিক !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.