ETV Bharat / state

বঢ়মপুৰত নৱম অসম আৰক্ষী বাহিনীৰ সোণালী জয়ন্তী উদযাপন

author img

By

Published : Sep 14, 2020, 10:38 PM IST

সোমবাৰে বঢ়মপুৰত অনুষ্ঠিত কৰা হয় নৱম অসম আৰক্ষীৰ সোণালী জয়ন্তী ৷ এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্ত ৷

9th Assam police Golden Jubilee celebration at Barhampur
বঢ়মপুৰত নৱম অসম আৰক্ষী বাহিনীৰ সোণালী জয়ন্তী উদযাপন

নগাঁও,14 ছেপ্তেম্বৰঃ সোমবাৰে বঢ়মপুৰত নৱম অসম আৰক্ষী বাহিনীৰ সোণালী জয়ন্তী কাৰ্যসুচীত অংশগ্ৰহণ কৰাৰ বাবে উপস্থিত হয় অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্ত । এই অনুষ্ঠানলৈ গায়ন-বায়নেৰে আদৰি অনা হয় আৰক্ষী সঞ্চালক প্ৰধানগৰাকীক ৷ উল্লেখ্য যে, ১৯৭০ চনৰ ১৪ ছেপ্তেম্বৰত বৰ্তমান মেঘালয়ৰ ৰাজধানী শ্বিলঙত জন্মলাভ কৰা নৱম অসম আৰক্ষী বাহিনী পৰৱৰ্তী সময়ত ১৯৯৬ চনৰ জানুৱাৰী মাহৰ প্ৰথম সপ্তাহত বঢ়মপুৰলৈ স্থানান্তৰ কৰা হৈছিল ৷ সোণালী জয়ন্তী উপলক্ষে অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান এল.আৰ.বিষ্ণুৰ উপস্থিতিত কে'ক কটাৰ লগতে স্মৃতি গ্ৰন্থ "অভিজ্ঞানম" উন্মোচন কৰে আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে ৷

আনহাতে,সভাত বক্তব্য আগবঢ়াই আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই কয়,এতিয়াৰে পৰা প্ৰতিবছৰে আৰক্ষীৰ লোকসকলক এবাৰ স্বাস্থ্য পৰীক্ষা কৰাৰ ব্যৱস্থা কৰা হ'ব ৷ লগতে তেখেতে অসমৰ বিভিন্ন ঠাইত আৰক্ষী চকীসমূহ ‘মৈত্ৰী’ আঁচনিৰ অধীনত পুনৰ নিৰ্মান কৰাৰ কথাও ব্যক্ত কৰে ৷ আনহাতে, দেওবাৰে নগাঁৱৰ মৰিকলঙত মাস্ক নিপিন্ধা একাংশ উদণ্ড লোকে এগৰাকী আৰক্ষী কনিষ্টবলক প্ৰহাৰ কৰা ঘটনাৰ ওপৰত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি তেখেতে এইসকল লোকৰ ওপৰত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আৰক্ষী সদায় প্ৰস্তুত বুলি জনায় ৷

লগতে পঢ়ক-পৰ্যটকৰ সোঁত বৈছে ঐতিহাসিক দেওশালি পাহাৰলৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.