নগাঁও, 21 জানুৱাৰী: সমগ্ৰ বিশ্বতে কৰ'ণা সৃষ্ট পৰিৱেশৰ পৰিপ্ৰেক্ষিতত উদ্ভৱ হোৱা হাহাকাৰ পৰিস্থিতিৰ সময়ত বহু অসহায় লোকক সহায়ৰ হাত আগবঢ়োৱাৰ লগতে ক'ভিড-19 অতিমাৰীৰ পৰা হাত সাৰি থকাৰ বাবে সাৱধানতা অৱলম্বনৰ ক্ষেত্ৰত সজাগতাৰ সৃষ্টি কৰা 50 গৰাকী লোকক নগাঁৱত বৃহস্পতিবাৰে ক'ৰণা যোদ্ধাৰ সন্মান প্ৰদান কৰা হয় ৷ নিজৰ জীৱনকো তুচ্ছ কৰি ক'ৰণা যুদ্ধত জড়িত থকা নগাঁৱৰ 50 গৰাকী ব্যক্তিক বৃহস্পতিবাৰে এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ক'ৰণা যোদ্ধাৰ সন্মান প্ৰদান কৰা হয় ৷
বিশিষ্ট সমাজকৰ্মী তথা ৰাইজৰ দলৰ নেতা নজৰুল ইছলাম, জনপ্ৰিয় কণ্ঠশিল্পী নয়ন অসম কলিয়াবৰীয়া, শিল্পী ৰঞ্জন বেজবৰুৱা, নগাঁও ছলচলিৰ শিক্ষক আব্দুল বাৰেক সহ 50 জনকৈ ব্যক্তিক নগাঁও চহৰৰ আমোলা পট্টি নাট্য মন্দিৰত physiotherapy confident of Indiaৰ ৰাষ্ট্ৰীয় সভাপতি ডঃ ৰবি শংকৰ ৰবি, কেপিটেল বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য ডঃ এম কে বাজপেয়ীকে আদি কৰি বহুকেইজন বিশিষ্ট ব্যক্তিৰ উপস্থিতিত এই কৰ'ণা যোদ্ধৰ সন্মান প্ৰদান কৰা হয় ।
লগতে পঢ়ক:নগাঁও আৰক্ষীৰ জালত নিষিদ্ধ হেৰ'ইনসহ দুই সৰবৰাহকাৰী