ETV Bharat / state

Karbi Youth Festival : ৩১ সংখ্যক মাণ্ডলিক কাৰ্বি যুৱ মহোৎসৱৰ আয়োজন

২১ অক্টোবৰৰ পৰা আৰম্ভ ৩১ সংখ্যক মাণ্ডলিক কাৰ্বি যুৱ মহোৎসৱ ৷ কাৰ্বি যুৱক-যুৱতীৰ প্ৰতিভা বিকাশৰ বাবে এই যুৱ মহোৎসৱৰ আয়োজন কৰা হৈছে ৷ এই যুৱ মহোৎসৱৰ বাবে কলিয়াবৰ মহকুমাৰ সীমামূৰীয়া লংকিমিৰ ছেৰদিহুন আক্লামত ব্যস্ত হৈ পৰিছে কাৰ্বি যুৱক-যুৱতী ৷

author img

By ETV Bharat Assamese Team

Published : Oct 23, 2023, 5:18 PM IST

Karbi Youth Festival
৩১ সংখ্যক মাণ্ডলিক কাৰ্বি যুৱ মহোৎসৱ
৩১ সংখ্যক মাণ্ডলিক কাৰ্বি যুৱ মহোৎসৱ

কলিয়াবৰ, ২৩ অক্টোবৰ : ভৈয়ামৰ দুৰ্গা পূজাৰ পাৰভঙা উছাহৰ মাজতে আৰম্ভ হৈছে পাহাৰৰ কাৰ্বি সামাজিক-সাংস্কৃতিক পৰম্পৰা জীয়াই ৰখাৰ প্ৰয়াস মাণ্ডলিক কাৰ্বি সাংস্কৃতিক যুৱ মহোৎসৱ । কাৰ্বি যুৱক-যুৱতীসকলৰ সৰ্বাংগীন উন্নতিৰ বাবে কাৰ্বি সাংস্কৃতিক সমিতিয়ে যোৱা ত্ৰিশ বছৰে কাৰ্বি যুৱ মহোৎসৱ আয়োজন কৰি আহিছে ।

আনজুক মণ্ডলৰ উদ্যোগত লংকিমিত কাৰ্বি সামাজিক-সাংস্কৃতিক পৰম্পৰা জীয়াই ৰখাৰ প্ৰয়াস কৰা হৈছে । কাৰ্বি যুৱ মহোৎসৱ আনজুক মণ্ডল সমিতিৰ ব্যৱস্থাপনাত লংকিমিৰ ছেৰদিহুন আক্লামত অনুষ্ঠিত কৰা হৈছে । ছুচেং ধেণ্টা ক্ৰীড়া সন্থাৰ উদ্যোগত যোৱা ২১ অক্টোবৰৰ পৰা আৰম্ভ হৈছে ৩১ সংখ্যক মাণ্ডলিক কাৰ্বি যুৱ মহোৎসৱভাগ ।

এই মহোৎসৱৰ মণ্ডলটোৰ মুঠ দহটা গোটৰ প্ৰায় তিনিশ পঞ্চাশগৰাকীৰো অধিক যুৱক-যুৱতীয়ে অংশগ্ৰহণ কৰিছে । কাৰ্বি গীত-মাত-নৃত্য প্ৰতিযোগিতাৰ লগতে থলুৱা ক্ৰীড়া প্ৰতিযোগিতাও অনুষ্ঠিত কৰা হৈছে । লংকিমিৰ ছেৰদিহুন আক্লামত এতিয়া কাৰ্বি যুৱক-যুৱতীয়ে কাৰ্বি ক্ৰীড়া আৰু সাংস্কৃতিক ঐতিহ্য প্ৰদৰ্শন কৰা হৈছে ৷

লগতে কাৰ্বি যুৱক-যুৱতীক কাৰ্বি গীত-মাত-নৃত্যৰ চৰ্চাত মগন হোৱা দেখা গৈছে । যোৱা ২১ অক্টোবৰৰ পৰা আৰম্ভ হোৱা এই মহোৎসৱ অহা ২৪ অক্টোবৰত সামৰণি পৰিব বুলি সংবাদ মাধ্যমৰ আগত সদৰী কৰিছে আয়োজকসকলে ।

ইফালে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৰে নগাঁও জিলাৰ বিভিন্ন প্ৰান্তত অনুষ্ঠিত কৰা হৈছে দুৰ্গা পূজা ৷ মহা অষ্টমীৰ দিনাই পুৱাৰে পৰা বিভিন্ন পূজা মণ্ডপত ভক্তই ভিৰ কৰা পৰিলক্ষিত হৈছে ৷ দেৱী দুৰ্গাৰ আশিস বিচাৰি ভক্তই নিশাৰ ভাগতো পূজা মণ্ডপসমূহত ভিৰ হোৱা দেখা গৈছে ৷

লগতে পঢ়ক : Durga Puja in Sivasagar : মহা নৱমী উপলক্ষে শিৱসাগৰৰ পূজাস্থলীত মা দুৰ্গাৰ আৰতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.