নগাঁও, 2 মাৰ্চ : নগাঁও ক্ৰীড়া সন্থাৰ উদ্যোগত দ্বিতীয় বজৰংগলাল নাহাতা সোঁৱৰণী ক্ৰীড়া সপ্তাহ অলপতে সুকলমে অনুষ্ঠিত হৈ যায় (Bajranglal Nahata Memorial Sports Week) ৷ ক্ৰীড়া সপ্তাহৰ ২০২২-২৩ আন্তঃ ক্লাৱ এথলেটিক্চ লীগত কলিয়াবৰৰ তেৰজনীয়া খেলুৱৈৰ এটা দলে আকৰ্ষণীয় প্ৰদৰ্শনেৰে এঘাৰটি পদক অৰ্জন কৰিবলৈ সক্ষম হয় । যোৱা ২০, ২১, ২২, ২৩, ২৪ আৰু ২৫ ফেব্ৰুৱাৰীত নগাঁৱৰ নুৰুল আমিন ষ্টেডিয়ামত অনুষ্ঠিত হয় এই ক্ৰীড়া সপ্তাহ ৷
এই ক্ৰীড়া সপ্তাহত কলিয়াবৰ জিলা ক্ৰীড়া সন্থাৰ তৰফৰ পৰা এথেলেটিক্চ সম্পাদক মঃ জাকিৰ হুচেইনৰ প্ৰশিক্ষণ আৰু তত্বাৱধানত যোগাদান কৰি ৰাজীৱ দাহাৰীয়াই দৌৰ প্ৰতিযোগিতাৰ ৩০০০ মিটাৰত সোণ আৰু ৮০০ মিটাৰত ব্ৰঞ্জৰ পদক লাভ কৰে । তদুপৰি বৰ্ষা দেৱীয়ে ৬০০ মিটাৰ দৌৰত ৰূপ আৰু ব্ৰ'ড জাম্পত ব্ৰঞ্জ, বাৰ্বী গগৈয়ে হাই জাম্পত ৰূপ, তনবীৰ মৰলে ৬০০ মিটাৰ দৌৰত ৰূপ, হিয়া দাসে ১৬০০ মিটাৰ দৌৰত ব্ৰঞ্জ, সুনীল বসুমতাৰীয়ে ৮০০ মিটাৰ দৌৰত ব্ৰঞ্জ, তনবীৰ অঞ্জুমে লং জাম্পত ব্ৰঞ্জ, শকুন্তলা দেৱী চৌহানে ২০০ মিটাৰ দৌৰত ব্ৰঞ্জ আৰু ত্ৰিপৰ্ণা বিশ্বাসে ৮০০ মিটাৰ দৌৰত ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হয় ।
![Medalist Athletes](https://etvbharatimages.akamaized.net/etvbharat/prod-images/a-klbr-mar-02-02-athelates-of-llkaliabor-vis-bite-as10053_02032023081931_0203f_1677725371_1056.jpg)
আজি কলিয়াবৰৰ নাগশংকৰস্থিত ডা: টি. আও গ্ৰাম্য ক্ৰীড়াংগনত অনুষ্ঠিত এক সভাত পদক বিজয়ী প্ৰতিযোগীসকলক প্ৰমাণ পত্ৰসমূহ বিতৰণ কৰি খেলুৱৈসকলক কলিয়াবৰ জিলা ক্ৰীড়া সন্থাৰ তৰফৰ পৰা উৎসাহিত কৰা হয় (Inter Club Athletics Meet) । কলিয়াবৰ জিলা ক্ৰীড়া সন্থাৰ কাৰ্যকৰী সভাপতি ৰবীন ভূঞা, মুখ্য সম্পাদক অচ্যুত শইকীয়াই পদক লাভ কৰা খেলুৱৈসকলে যাতে ভৱিষ্যতেও এই সফলতাৰ ধাৰা অব্যাহত ৰাখে তাৰ বাবে চেষ্টা অব্যাহত ৰাখিবলৈ আহ্বান জনোৱাৰ লগতে ক্ৰীড়া সন্থাৰ তৰফৰ পৰা সকলো ধৰণৰ সহায়-সহযোগিতা আগবঢ়োৱাৰ আশ্বাস প্ৰদান কৰে ।
![Medalist Athletes](https://etvbharatimages.akamaized.net/etvbharat/prod-images/a-klbr-mar-02-02-athelates-of-llkaliabor-vis-bite-as10053_02032023081931_0203f_1677725371_237.jpg)
বৰ্তমান নিৰ্মীয়মান অৱস্থাত থকা ষ্টেডিয়ামখন সম্পূৰ্ণ হ'লেই স্থানীয় খেলুৱৈসকল যথেষ্ট উপকৃত হ'ব বুলি আশাপ্ৰকাশ কৰে অচ্যুত শইকীয়াই (Stadium in Kaliabor) । এই অনুষ্ঠানত এথলেটিক্চ সম্পাদক মঃ জাকিৰ হুচেইন, আভ্যন্তৰীণ ক্ৰীড়া সম্পাদক জয়ন্ত খাউণ্ড, ফুটবল সম্পাদক গৌতম খাউণ্ড আৰু প্ৰচাৰ সম্পাদক ৰূপজ্যোতি গোস্বামী উপস্থিত থাকি খেলুৱৈসকলক উৎসাহিত কৰে ৷
![Medalist Athletes](https://etvbharatimages.akamaized.net/etvbharat/prod-images/a-klbr-mar-02-02-athelates-of-llkaliabor-vis-bite-as10053_02032023081931_0203f_1677725371_223.jpg)
উল্লেখযোগ্য যে, কলিয়াবৰ জিলা ক্ৰীড়া সন্থা অসম এথলেটিক্চ সন্থাৰ অন্তৰ্ভূক্ত নোহোৱাৰ বাবে নগাঁও জিলা ক্ৰীড়া সন্থাৰ অন্তৰ্ভূক্ত ক্লাৱৰ হৈ উক্ত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল । এই প্ৰতিযোগিতাত ৩০০০ মিটাৰত সোণ আৰু ৮০০ মিটাৰ ব্ৰঞ্জ পদক লাভ কৰা ৰাজীৱ দাহাৰীয়াই ৰাজ্যিক বাচনি শিবিৰৰ বাবে তালিকাভূক্ত হৈছে (Medalist Athletes Facilitated at Kaliabor) । বৰ্ষা দেৱীয়েও অলপতে পাটনাত অনুষ্ঠিত এখন এথলেটিক্চৰ প্ৰতিযোগিতাৰ দৌৰত অংশগ্ৰহণৰ সুবিধা লাভ কৰিছিল । খেলুৱৈসকলৰ এনে প্ৰদৰ্শনে কলিয়াবৰৰ ক্ৰীড়াপ্ৰেমী ৰাইজক আনন্দিত কৰাৰ লগতে উৎসাহিত কৰি তোলা পৰিলক্ষিত হৈছে ।
লগতে পঢ়ক : Protest Against Forest Officer: গোৱালপাৰাৰ লক্ষীপুৰত বন বিষয়াৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ