ETV Bharat / state

অপৰাধ আৰু অপৰাধীৰ বিৰুদ্ধে নগাঁও আৰক্ষীৰ এটা সফল বর্ষ ২০২০ - কাজিৰঙা ৰাষ্ট্রীয় উদ্যান

বিভিন্ন অপৰাধৰ লগতে গঁড় চিকাৰীৰ বিৰুদ্ধে নগাঁও আৰক্ষীৰ কেইবাটাও সফল অভিযান । বৰ্ষটোত কাজিৰঙাৰ নগাঁও জিলা এলেকাত শূন্য গঁড় চিকাৰ । ড্ৰাগছৰ বিৰুদ্ধেও কেইবাটাও বৃহৎ সফলতা লাভ কৰিবলৈ সক্ষম হৈছিল নগাঁও আৰক্ষী । গৰু ছিণ্ডিগেট চক্ৰৰ বিৰুদ্ধেও সফলতা নগাঁও আৰক্ষীৰ । সকলো সামৰি ইটিভি ভাৰতৰ এক বিশেষ প্ৰতিবেদন ।

nagaon police success story
nagaon police success story
author img

By

Published : Jan 7, 2021, 5:49 PM IST

নগাঁও, 7 জানুৱাৰী : ইতিহাসত পাহৰিব নোৱাৰা এটা বর্ষ 2020 । ক’ভিড-১৯, লক ডাউনৰ মাজেৰেই পাৰ হৈ গ'ল বৰ্ষটো । এই সংকটৰ মাজতো কিন্তু ৰোধ হোৱা নাই অপৰাধ ৷ বহু অপৰাধীয়ে চলাই গৈছিল নানা অপৰাধৰ ঘটনা । কৰ'ণাসৃষ্ট আতংকময় পৰিবেশৰ মাজতো অপৰাধীৰ বিৰুদ্ধে অসম আৰক্ষীয়ে গ্ৰহণ কৰিছিল সদা জাগ্ৰত ভূমিকা । ২০২০ বর্ষত নগাঁও আৰক্ষীয়ে অপৰাধীৰ বিৰুদ্ধে লাভ কৰিছিল বহুকেইটা বৃহৎ সফলতা ।

অপৰাধ আৰু অপৰাধীৰ বিৰুদ্ধে নগাঁও আৰক্ষীৰ এটা সফল বর্ষ ২০২০

নগাঁও আৰক্ষীৰ তৎপৰতাৰ বাবেই বিগত দুটা বছৰে চোৰাং চিকাৰীয়ে হত্যা কৰিব নোৱাৰিলে কাজিৰঙা ৰাষ্ট্রীয় উদ্যানৰ নগাঁও জিলা এলেকাৰ এটাও গঁড় । অসম গৌৰৱ ৰক্ষাৰ বাবে বিগত বছৰ দুটাত পূৰ্বৰ আৰক্ষী অধীক্ষক শংকৰ ব্ৰত ৰায় মেধি আৰু বৰ্তমানৰ আৰক্ষী অধীক্ষক জি. অভিজিৎ দিলীপে গ্ৰহণ কৰা বিশেষ কিছু পদক্ষেপৰ বাবে চোৰাং চিকাৰীৰ কৱলত নপৰিল এটাও গঁড় । ২০১৯ আৰু ২০২০ বৰ্ষত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ নগাঁও জিলা এলেকা সম্পূৰ্ণ গঁড় হত্যা শূন্য হ'ল আৰক্ষীৰ বলিষ্ঠ পদক্ষেপৰ বাবেই । কেইবাবাৰো আৰক্ষীয়ে গঁড় চিকাৰৰ বাবে পৰিকল্পনা কৰিছিল যদিও বিগত দুটা বছৰত বৃহৎ অস্ত্ৰ শস্ত্ৰসহ ৩০ জনকৈ গঁড় চিকাৰীক গঁড় নিধন কৰাৰ পূৰ্বেই আটক কৰিবলৈ সক্ষম হয় ।

ইয়াৰোপৰিও বিগত বৰ্ষটোত ড্ৰাগছৰ বিৰুদ্ধেও ব্যাপক অভিযান চলাইছিল নগাঁও আৰক্ষীয়ে । নগাঁও জিলাৰ বিভিন্ন প্ৰান্তত আৰক্ষীয়ে অভিযান চলাই ২০০ৰো অধিক ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয় নগাঁও আৰক্ষী । জিলাখনৰ আৰক্ষী অধীক্ষক জি. অভিজিৎ দিলীপ আৰু অতিৰিক্ত আৰক্ষী অধীক্ষক মোহনলাল মীনাৰ নেতৃত্বত নগাঁও আৰক্ষীয়ে জিলাখনৰ বিভিন্ন প্ৰান্তত অভিযান চলাই দহ কোটিৰো অধিক টকাৰ, হেৰ'ইন, ব্ৰাউন চুগাৰকে ধৰি বিভিন্ন নিচাযুক্ত সামগ্ৰী জব্দ কৰিবলৈ সক্ষম হৈছিল । ড্ৰাগছৰ বিৰুদ্ধে অভিযান আৰু তীব্রতৰ কৰি তোলা হ'ব বুলিও জনাইছে আৰক্ষী অধীক্ষক গৰাকীয়ে ৷

কেৱল এয়াই নহয় মধ্য অসমৰ নগাঁৱত গঢ়ি উঠা গৰু ছিণ্ডিকেটৰ বিৰুদ্ধেও সষ্টম হৈ আছে নগাঁও আৰক্ষী । অবৈধভাৱে সৰবৰাহ কৰা ১০০০ ৰো অধিক গৰু জব্দ কৰাৰ লগতে গৰু ছিণ্ডিকেট চক্ৰৰে জড়িত এশতকৈয়ো অধিক লোকক গ্ৰেপ্তাৰ কৰিবলৈও সক্ষম হৈছিল নগাঁও আৰক্ষী । গৰু ছিণ্ডিকেটকে ধৰি অসমাজিক কাৰ্যকলাপৰ সৈতে জড়িত কোনো এজন লোকেও ৰেহাই নাপায় বুলি সকীয়াই দিলে আৰক্ষী অধীক্ষক গৰাকীয়ে ।

লগতে পঢ়ক : নমামি ব্ৰহ্মপুত্ৰৰ পিচত এইবাৰ চৰকাৰী খৰচত ব্ৰহ্মপুত্ৰ আমন্ত্ৰণ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.