ETV Bharat / state

আত্মসহায়ক গোটৰ মহিলাক ৰামঠগন দি আৰক্ষীৰ জালত দুই প্ৰৱঞ্চক

author img

By

Published : Jun 18, 2019, 5:37 PM IST

কলিয়াবৰৰ আৰক্ষীয়ে অভিযান চলাই আটক কৰে ফৰিদুল ইছলাম আৰু মেৰিলিন ধানোৱাৰ নামৰ দুই প্ৰৱঞ্চকক ৷ প্ৰৱঞ্চকক আটক কৰাৰ খবৰ লাভ কৰাৰ মাত্ৰকে প্ৰাপ্য ধন বিচাৰি থানা চৌহদত ভিৰ অগণন মহিলাৰ ৷

আৰক্ষীৰ জালত দুই প্ৰৱঞ্চক

কলিয়াবৰ,18 জুন: ১৮০ টা আত্মসহায়ক গোটৰ মহিলাৰ পৰা কোটি টকা সংগ্ৰহেৰে ৰামঠগন দি আৰক্ষীৰ জালত দুই প্ৰৱঞ্চক ৷ কলিয়াবৰৰ আৰক্ষীয়ে অভিযান চলাই মঙলবাৰে আটক কৰে কাজিৰঙাৰ ১নং শিলডুবিৰ ফৰিদুল ইছলাম আৰু হাতীগাঁও গাঁও পঞ্চায়তৰ কাউঞ্চিলৰ মেৰিলিন ধানোৱাৰ নামৰ দুই প্ৰৱঞ্চকক ৷ প্ৰৱঞ্চক দুগৰাকীৰ লগতে গোলাঘাটৰ সৰুপথাৰৰ হীৰামণি গোঁহাই নামৰ এগৰাকী যুৱতীকো সোধ-পোচৰ বাবে আটক কৰে আৰক্ষীয়ে ৷ হীৰামণি গোঁহাইয়ে আত্মসহায়ক গোটসমূহক প্ৰশিক্ষণ দিয়াৰ কামত নিয়োজিত আছিল ৷ দুয়ো প্ৰৱঞ্চককে মিছা আৰক্ষী চকীত জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে ।

আৰক্ষীৰ জালত দুই প্ৰৱঞ্চক

প্ৰৱঞ্চকক আটক কৰাৰ খবৰ লাভ কৰাৰ মাত্ৰকে প্ৰাপ্য ধন বিচাৰি থানা চৌহদত ভিৰ কৰিছেহি কলিয়াবৰৰ আঞ্জুকপানী,ৰেকাপাহাৰ, সোনাজুৰি,বালিজুৰি আদি অঞ্চলৰ মহিলাই। উল্লেখ্য যে, প্ৰায় ডেৰ শতাধিক মহিলা আত্মসহায়ক গোটক হস্ত শিল্পৰ প্ৰশিক্ষণৰ লগতে ঋণ দিয়াৰ নামত বিভিন্ন স্থানৰ পৰা প্ৰায় ১কোটি টকা সংগ্ৰহ কৰিছিল প্ৰৱঞ্চক ফৰিদুল ইছলাম আৰু বিজেপিৰ আঞ্চলিক পঞ্চায়তৰ মেৰিলিন ধানোৱাৰে। ইয়াৰ বিনিময়ত গোট সমূহৰ দ্বাৰা উৎপাদিত সামগ্ৰী ক্ৰয় কৰাৰ আশ্বাস দিয়াৰ লগতে ঋণ দিয়াৰো প্ৰলোভন দিছিল প্ৰৱঞ্চকৰ চক্ৰটোৱে। কিন্তু ধন সংগ্ৰহৰ পাচতে মহিলাসকলৰ লগত যোগাযোগ বিচ্ছিন্ন কৰে প্ৰৱঞ্চক ফৰিদুল ইছলামে আৰু প্ৰৱঞ্চক ফৰিদুলক সহযোগ কৰি আহিছিল কলিয়াবৰৰ হাতীগাঁও পঞ্চায়তৰ কাউঞ্চিলৰ তথা বিজেপি কৰ্মী মেৰিলিন ধানোৱাৰে।

Intro:প্ৰৱঞ্চকৰ দৰ্শন পাবলৈ মিছা আৰক্ষী থানাত ভূক্তভোগী মহিলাৰ ভীৰ

প্ৰবঞ্চকসহ আটক গাঁও পঞ্চায়তৰ সদস্যা

আত্মসহায়ক গোটক ৰামঠগন দি সংগ্ৰহ প্ৰায় ১কোটি টকা
কলিয়াবৰত মহিলাক ঠগী আটক বিজেপিৰ মহিলা পঞ্চায়ত প্ৰতিনিধিBody:
কলিয়াবৰৰ আৰক্ষীৰ অভিযানত আজি আটক হয় দুই প্ৰবঞ্চক। ধৃত দুই প্ৰবঞ্চক কাজিৰঙাৰ ১নং শিলডুবিৰ ফৰিদুল ইছলাম আৰু হাতীগাঁও গাঁও পঞ্চায়তৰ কাউঞ্চিলৰ মেৰিলিন ধানোৱাৰ। উল্লেখযোগ্য যে মহিলা আত্মসহায়ক গোটক প্ৰশিক্ষণ আৰু ঋণ দিয়াৰ নামত এই দুই প্ৰবঞ্চকে প্ৰবঞ্চনা কৰে প্ৰায় ১৮০ টা গোটক আৰু এই গোটৰ পৰা সংগ্ৰহ কৰে প্ৰায় ১কোটি টকা। ধৃত প্ৰবঞ্চকটোৰ লগতে আন এগৰাকী যুৱতীকো সোধপোছৰ বাবে আটক কৰে। যুৱতী গৰাকী গোলাঘাট সৰুপথাৰৰ হীৰামনি গোঁহাই। তেওঁ প্ৰশিক্ষক ৰূপত নিয়োজিত হৈ আছিল। আনহাতেদি দুয়ো প্ৰবঞ্চককে মিছা আৰক্ষী চকীত জেৰা অব্যাহত ৰাখিছে। দুখজনক ভাবে প্ৰাপ্য ধন বিচাৰি থানা চৌহদত কলিয়াবৰৰ আঞ্জুকপানী,ৰেকাপাহাৰ, সোনাজুৰি, বালিজুৰি আদিৰ মহিলাই ভীৰ কৰিছেহি। উল্লেখ্য যে, প্ৰায় ডেৰ শতাধিক মহিলা আত্ম সহায়ক গোটক হস্ত শিল্পৰ প্ৰশিক্ষণৰ লগতে ঋণ দিয়াৰ নামত বিভিন্ন স্থানৰ পৰা প্ৰায় ১কোটি টকা সংগ্ৰহ কৰিছিল প্ৰবঞ্চক ফৰিদুল ইছলাম আৰু বিজেপিৰ আঞ্চলিক পঞ্চায়তৰ সদস্যা মেৰিলিন ধানোৱাৰে। ইয়াৰ বিনিময়ত গোট সমূহৰ দ্বাৰা উৎপাদিত সামগ্ৰী ক্ৰয় কৰাৰ আশ্বাস দিয়াৰ লগতে ঋণ দিয়াৰো প্ৰলোভন দিছিল প্ৰবঞ্চক চক্ৰটোৱে। কিন্তু ধন সংগ্ৰহৰ পিছতে মহিলাসকলৰ লগত যোগাযোগ বিচ্ছিন্ন কৰে প্ৰবঞ্চক ফৰিদুল ইছলামে। আনহাতে প্ৰবঞ্চক ফৰিদুলক সহযোগ কৰি আহিছিল কলিয়াবৰৰ হাতীগাঁও পঞ্চায়তৰ কাউঞ্চিলৰ তথা বিজেপি কৰ্মী মেৰিলিন ধনোৱাৰে। ভুক্তভোগী মহিলাসকলৰ অভিযোগৰ পিছতে আৰক্ষীয়ে দুয়োকে আটক কৰি জেৰা অব্যাহত ৰাখিছে। ইফালে, প্ৰবঞ্চক চক্ৰটোক আটক কৰাৰ পিছতে ধন বিচাৰি মিছা আৰক্ষী চকীৰ চৌহদত ভীৰ কৰে ভুক্তভোগী মহিলাসকলে।Conclusion:visuals
bites
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.