ETV Bharat / state

জখলাবন্ধাত ইৰাণী গ্ৰুপৰ 10 সদস্যক গ্ৰেপ্তাৰ - নগাঁও

গাড়ী, মটৰচাইকেল চুৰি কৰাৰ লগতে বান্দৰ কেঁকোৱা ছটিয়াই বহু লোকৰ ধন লুট কৰি সন্ত্ৰাস চলাইছিল এই গেংটোৱে । দলটোৰ লগত জড়িত আন আন সদস্যৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে আৰক্ষীয়ে ।

জখলাবন্ধাত আটক ইৰাণী গ্ৰুপ
author img

By

Published : Jun 1, 2019, 6:50 PM IST

কলিয়াবৰ, 1 জুনঃ নগাঁৱৰ জখলাবন্ধাত আটক আন্তঃৰাজ্যিক ১০ জনীয়া ইৰাণী গেং৷ মহানগৰ আৰক্ষী আৰু কলিয়াবৰ আৰু জখলাবন্ধা আৰক্ষীৰ অভিযানত শুকুৰবাৰে নিশা জখলাবন্ধাৰ পৰা আটক কৰে দলটোৰ সদস্যকেইজনক । উল্লেখ্য যে ৰাজ্যৰ আন প্ৰান্তৰ লগতে জখলাবন্ধাটো দীৰ্ঘদিন ধৰি চলি আহিছিল ইৰাণী গ্ৰুপৰ সন্ত্ৰাস ৷ জখলাবন্ধাৰ বিভিন্ন স্থানত বিহাৰ আৰু পশ্চিমবংগৰ পৰা আহি থিতাপি লোৱা নগাঁও-শোণিতপুৰৰ বিভিন্ন অঞ্চলত 'বান্দৰ-কেঁকোৱা' ব্যৱহাৰৰে অব্যাহত ৰাখিছিল ডকাইতি ৷ আটকাধীন দলটোৰ পৰা এখন পালছাৰ বাইকৰ লগতে উদ্ধাৰ কৰা হয় বহু আপত্তিজনক সামগ্ৰী । গ্ৰুপটোৰ সদস্যকেইটা বিহাৰৰ ফিৰোজ যাদৱ, বিনয় যাদৱ, শিৱা যাদৱ ,দিপেশ সিং, অভয় যাদৱ, আকাশ যাদৱ , দিপেশ দাস আৰু পশ্চিমবংগৰ আনিশ গোৱালা, ৰিতেশ গোৱালা, আটিফ গোৱালা বুলি চিনাক্ত কৰা হৈছে । শুকুৰবাৰে নিশা মহানগৰীৰ পানবজাৰ আৰক্ষীৰ এক গোপন খবৰৰ ভিত্তিতে পানবজাৰ আৰক্ষী আৰু জখলাবন্ধা আৰক্ষীয়ে চলোৱা যৌথ অভিযানত জখলাবন্ধাৰ ভিন্ন স্থানৰ পৰা আটক কৰে দুৰ্ধৰ্ষ ইৰাণী দলৰ সদস্যকেইটাক ৷

জখলাবন্ধাত আটক ইৰাণী গ্ৰুপ

আনহাতে, শনিবাৰে পুৱা গেংটোৰ আন দুজন সদস্যক আটক কৰে আৰক্ষীয়ে ৷ AS-01-DY-5782 নম্বৰৰ চুৰি কৰা পালছাৰ বাইকেৰে পলায়নৰ চেষ্টা চলাওঁতেই বিহাৰৰ আকাশ যাদৱ আৰ দীপেশ দাস নামৰ দুই চোৰক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ৷ 12 বছৰীয়া কিশোৰকে ধৰি মুঠ 10 জনীয়া ইৰাণী গ্ৰুপটোৰ বিৰুদ্ধে ইতিমধ্যে ৰাজ্যৰ কেইবাখনো আৰক্ষী চকীত ৰুজু হৈছে গোচৰ ৷ গাড়ী, মটৰচাইকেল চুৰি কৰাৰ লগতে বান্দৰ কেঁকোৱা ছটিয়াই বহু লোকৰ ধন লুট কৰি সন্ত্ৰাস চলাইছিল এই গেংটোৱে । দলটোৰ লগত জড়িত আন আন সদস্যৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে আৰক্ষীয়ে ।

Intro:অসমৰ চৌদিশে ইৰাণী গ্ৰুপৰ চোৰৰ সন্ত্ৰাসৰ মাজতে আটক ১০ চোৰ
এখন মটৰচাইকেলসহ বহু আপত্তিজনক সামগ্ৰী উদ্ধাৰ দলটোৰ পৰা
গুৱাহাটী আৰু কলিয়াবৰ আৰক্ষীৰ যৌথ অভিযানত ধৃত এই বৃহৎ চোৰৰ দলটোBody:ৰাজ‍্যৰ চৌ-দিশে ইৰাণী গ্ৰুপৰ সন্ত্ৰাসৰ মাজতে জখলাবন্ধাত থিতাপি লোৱা আন্তঃৰাজ্যিক ১০ জনীয়া ইৰাণী গ্ৰুপৰ বৃহৎ 'গেং' আটক। মহানগৰ আৰক্ষী আৰু কলিয়াবৰৰ মহকুমা আৰক্ষীৰ নেতৃত্বত জখলাবন্ধা আৰক্ষীৰ যৌথ অভিযানত নিশা জখলাবন্ধাৰ পৰা আটক গেংটো। জখলাবন্ধাৰ বিভিন্ন স্থানত বিহাৰ আৰু পশ্চিমবংগৰ পৰা আহি থিতাপি লৈ নগাঁও শোণিতপুৰৰ বিভিন্ন অঞ্চলত দীৰ্ঘ দিন ধৰি 'বান্দৰ-কেকোৰা' ব্যৱহাৰৰে অব্যাহত ৰাখিছিল ডকাইতি।
পশ্চিম-বংগ আৰু বিহাৰৰ পৰা অহা এই দলটোৱে গুৱাহাটী, তেজপুৰ, নগাঁও, ৰঙিয়া আদি ঠাইত সন্ত্ৰাস চলাইছিল। দলটোৰ পৰা এখন পালছাৰ বাইকৰ লগতে উদ্ধাৰ বহু আপত্তিজনক সামগ্ৰী। লগতে কমলা-পচন্দৰ পেকেটত উদ্ধাৰ বান্দৰ-কেকোৰা।
আটকাধীন গ্ৰুপটোৰ সদস্য – বিহাৰৰ ফিৰোজ যাদৱ, বিনয় যাদৱ, শিৱা যাদৱ ,দিপেশ সিং, অভয় যাদৱ, আকাশ যাদৱ , দিপেশ দাস আৰু পশ্চিমবংগৰ আনিশ গোৱালা, ৰিতেশ গোৱালা, আটিফ গোৱালা।
শুক্ৰবাৰে নিশা মহানগৰীৰ পাণবজাৰ আৰক্ষীৰ এক গোপন খবৰৰ ভিত্তিত পানবজাৰ আৰক্ষী আৰু জখলাবন্ধা আৰক্ষীয়ে চলোৱা যৌথ অভিযান জখলাবন্ধাৰ ভিন্ন স্থানৰ পৰা আটক কৰে ইৰানী গ্ৰুপৰ ৮ জনীয়া দলটো।
আনহাতে গেংটোৰ আন সদস্যক আটক কৰাৰ লক্ষ্যৰে অভিযান অব্যাহত ৰখা আৰক্ষীয়ে শনিবাৰে পূৱা আটক কৰে দলটোৰ আন দুই সদস্যক। এখন চুৰি কৰা পালছাৰ বাইকৰে পলায়নৰ চেষ্টা চলাওতেই পৰে আৰক্ষীৰ জালত। এ. এছ. ০১ - ডি ৱাই ৫৭৮২ নম্বৰৰ পালছাৰ মটৰচাইকেলখন বৰপেটাৰ পৰা চুৰি কৰি আনিছিল শনিবাৰে পুৱা আৰক্ষী জালত পৰা বিহাৰৰ আকাশ যাদৱ আৰ দিপেশ দাস নামৰ দুই চোৰে। কলিয়াবৰ মহকুমাৰ আৰক্ষী বিষয়া মৃন্ময় দাস, জখলাবন্ধা আৰক্ষী নিৱেশৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নিপু কলিতা আৰু পাণবজাৰ আৰক্ষী নিৱেশৰ সহকাৰী আৰক্ষী পৰিদৰ্শক সনৎ কুমাৰ মুদৈৰ নেতৃত্বত যৌথ অভিযানত আটক হোৱা ১০ জনীয়া ইৰাণী গ্ৰুপটোৰ সাতজন বিহাৰৰ আৰু আন তিনিজন পশ্চিমবংগৰ। এই দলটোত আছে এজন ১২ বছৰীয়া কিশোৰ।
গুৱাহাটী, তেজপুৰ, নগাঁও, ৰঙিয়া আদিকে ধৰি ৰাজ্যৰ কেইবাখনো আৰক্ষী চকীত গোচৰ ৰুজু হৈছে এই দলটোৰ বিৰুদ্ধে। গাড়ী, মটৰচাইকেল চোৰ কৰাৰ লগতে বান্দৰ কেকোৰা চটিয়াই বহু লোকৰ ধন লুট কৰি সন্ত্ৰাস চলাইছিল এই গেংটোৱে। দলটোৰ লগত জড়িত আন আন সদস্যৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে আৰক্ষীয়ে।Conclusion:visuals
bite of sdpo kaliabor
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.