মৰিগাঁও,26 এপ্ৰিল: পৰকীয়া প্ৰেমৰ ভয়ংকৰ পৰিণতি ৷ কৰ্মসূত্ৰে কেৰালাত থকা অসমৰ যুৱকৰ সৈতে পলাই আহিল কেৰালাৰ 3 মহীয়া সন্তানৰ মাতৃ ৷ তাৰ পাচতে পত্নীক বিচাৰি হাহাকাৰ স্বামীৰ ৷ মৰিগাঁৱলৈ আহি নিখোজ হৈ পৰে মহিলাগৰাকী ৷ সামাজিক মাধ্যমযোগে স্ব-গৃহলৈ উভতি যাবলৈ আহ্বান স্বামীৰ ৷
ঘটনা অনুসৰি, কৰ্মসূত্ৰে কেৰালাত থকা মৰিগাঁৱৰ এজন যুৱকৰ সৈতে এগৰাকী মহিলাৰ দীৰ্ঘদিনীয়া প্ৰেমৰ সম্পৰ্ক আছিল ৷ মৰিগাঁও জিলাৰ জালুগুটিৰ যুৱকজনে অসমলৈ উভতি অহাৰ পাচৰে পৰা মহিলা গৰাকী নিৰুদ্দেশ হোৱাত দেওবাৰে মহিলাগৰাকীৰ স্বামীয়ে সামাজিক মাধ্যমযোগে মহিলাগৰাকীৰ ফটো প্ৰেৰণ কৰি ঘৰলৈ উভতি যাবলৈ আহ্বান জনায় ৷
লগতে পঢ়ক: ৰূপহীহাটত মীন মহলৰ ভূমি বেদখলৰ অভিযোগ