মৰিগাঁও, 14 ছেপ্টেম্বৰঃ মৰিগাঁও জিলাৰ লাহৰীঘাটৰ টেঙাগুৰিত এটা অচিনাক্ত মৃতদেহ উদ্ধাৰ হয় । টেঙাগুৰি বজাৰৰ গাতে লাগি থকা টেঙাগুৰি এম ভি স্কুলৰ পিছ ফালে বাঁহৰ দলঙৰ ওচৰত ওপঙি থকা অৱস্থাত স্থানীয় ৰাইজে উলংগ মৃতদেহটো প্ৰত্যক্ষ কৰে ৷
স্থানীয় লোকে মৃতদেহটো ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীত উটি অহা বুলি অনুমান কৰাৰ লগতে কেইবাদিনৰ পূৰ্বে লোক জনৰ মৃত্যু হোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে ৷ মৃতদেহটো সম্পূৰ্ণ ৰূপে ফুলি উঠাৰ বাবে প্ৰতিবেদন প্ৰস্তুত কৰা সময়লৈকে মৃতলোক জনৰ চিনাক্তকৰণ হোৱা নাই ৷ পৰৱৰ্তী সময়ত স্থানীয় লোকৰ খবৰৰ ভিত্তিত লাহৰীঘাট আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে মৰিগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে৷