ETV Bharat / state

Protest in Morigaon: মৰিগাঁৱত তিৱা জাতীয় সংগঠনৰ উত্তাল প্ৰতিবাদ, উত্তপ্ত পৰিস্থিতি - Tiwa Organisation

তিৱা জাতীয় সংগঠনৰ প্ৰতিবাদত সোমবাৰে উত্তাল হৈ পৰিল মৰিগাঁৱৰ নেলী ৷ সদৌ তিৱা ছাত্ৰ ছাত্ৰ সন্থাৰ লগতে কেইবাটাও তিৱা সংগঠনে বিভিন্ন দাবীৰে 37 নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কাৰ্যসূচী গ্ৰহণ কৰে ৷

Tiwa Organisation Protest in Morigaon
উত্তপ্ত পৰিস্থিতি
author img

By

Published : Jun 19, 2023, 6:20 PM IST

তিৱা জাতীয় সংগঠনৰ উত্তাল প্ৰতিবাদ

মৰিগাঁও, 19 জুন: প্ৰতিবাদত উত্তাল মৰিগাঁৱৰ ৰাজপথ ৷ তিৱা জাতীয় সংগঠনৰ প্ৰতিবাদত সোমবাৰে উত্তাল হৈ পৰিল মৰিগাঁৱৰ নেলী ৷ তিৱা স্বায়ত্ত শাসিত পৰিষদলৈ যদি অসম চৰকাৰে প্ৰয়োজনী পুঁজি আবন্টন দিব নোৱাৰে তেতিয়া হ’লে এই স্বায়ত্ত শাসিত পৰিষদ ভংগ কৰি ষষ্ঠ অনুসূচীভুক্ত তিৱা স্বায়ত্তশাসিত পৰিষদ গঠন কৰক ৷ সোমবাৰে এই দাবী সদৌ তিৱা ছাত্ৰ সন্থাৰ সম্পাদক প্ৰশান্ত কোঁৱৰৰ ৷

সোমবাৰে সদৌ তিৱা ছাত্ৰ ছাত্ৰ সন্থাৰ লগতে কেইবাটাও তিৱা সংগঠনে বিভিন্ন দাবীৰে 37 নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কাৰ্যসূচী গ্ৰহণ কৰে ৷ এই পথ অৱৰোধ কাৰ্যসূচীত সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ ৷ ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰতে আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত সৃষ্টি হয় হতাহতিৰ ৷ প্ৰতিবাদস্থলীত প্ৰতিবাদ মষিমূৰ কৰিবলৈ আৰক্ষী-অৰ্ধসামৰিক বাহিনী মোতায়েন কৰে প্ৰশাসনে ৷ আৰক্ষীয়ে বাধা প্ৰদান কৰাত আৰক্ষীৰে সংঘাতৰ সৃষ্টি হয় প্ৰতিবাদকাৰীৰ ৷

তিৱা ছাত্ৰ সন্থা, তিৱা মহিলা সন্থা আৰু তিৱা সাংস্কৃতিক সমাজে পূৰ্বে ঘোষণা কৰা অনুসৰি তিৱা স্বায়ত্তশাসিত পৰিষদক ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীত অন্তৰ্ভুক্ত কৰা, কাৰ্বি আংলঙত থকা তিৱা সকলৰ বাবে আঞ্চলিক স্বায়ত্ত পৰিষদ গঠন কৰা, জাগীৰোডলৈ ৰাজধানী সম্প্ৰসাৰণ কৰাৰ বিৰোধিতা, তিৱা ভাষাৰ শিক্ষক নিযুক্তি আৰু ট্ৰাইবেল বেল্ট এণ্ড ব্লক সমূহত হিন্দু বাঙালীসকলক মাটিৰ অধিকাৰ দিয়াৰ বিৰোধিতা কৰা, তিৱা স্বায়ত্ত শাসিত পৰিষদক প্ৰয়োজনীয় ধন আবন্টন দিয়া, পৰিষদৰ নিৰ্বাচনত বাদ পৰা তিৱা গাঁও অন্তৰ্ভুক্ত কৰা আদি বিভিন্ন দাবীৰে সোমবাৰে প্ৰতিবাদ সাব্যস্ত কৰে ৷

কিছুদিন পূৰ্বে সদৌ তিৱা ছাত্ৰ সন্থাৰ নেতৃত্বত তিৱা জাতীয় সংগঠন সমূহে সংবাদ মেল সম্বোধন কৰি ঘোষণা কৰিছিল এলানি ধাৰাবাহিক প্ৰতিবাদী কাৰ্যসূচী ৷ ইয়াৰ অংশ স্বৰূপে সোমবাৰে নেলীত ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধৰ কাৰ্যসূচী ৰূপায়ণ কৰে তিৱা সংঘটন কেইটাই ৷ কিন্ত সদৌ তিৱা ছাত্ৰ সন্থাৰ এই প্ৰতিবাদী কাৰ্যসূচীত মৰিগাঁও আৰক্ষীয়ে বাধা প্ৰদান কৰাৰ লগতে প্ৰতিবাদী সকলক আটক কৰে ৷ ইফালে প্ৰতিবাদস্থলীৰ পৰাই তিৱা ছাত্ৰ সন্থাৰ নেতৃত্বই মৰিগাঁও ৰাজহ চক্ৰ বিষয়াৰ যোগেদি উপায়ুক্তলৈ প্ৰেৰণ কৰে কেইবাদফীয়া স্মাৰক পত্ৰ ৷ আনহাতে চৰকাৰে সদৌ তিৱা ছাত্ৰ সন্থাৰ দাবী যদি মানি নলয় তেন্তে আগন্তুক দিনত তিৱা জাতীয় সংগঠনৰ সহযোগতত জংগী আন্দোলন গঢ়ি তোলা হ’ব বুলি হুংকাৰ দিয়ে প্ৰতিবাদকাৰীসকলে ৷

লগতে পঢ়ক: Manipur Violence : মণিপুৰত হাতত জোঁৰ লৈ বৃহৎ মানৱ শৃংখল

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.