ETV Bharat / state

বিধায়ক ৰমাকান্ত দেউৰীৰ বিৰুদ্ধে সৰৱ তিৱা স্বায়ত্তশাসিত পৰিষদ - মুখ্য কাৰ্যবাহী সদস্য পবন মান্তা

মঙলবাৰে তিৱা স্বায়ত্ব শাসিত পৰিষদৰ সভাগৃহত সংবাদমেল সম্বোধন কৰি সাংবাদিকৰ আগত এইদৰে মন্তব্য কৰে তিৱা স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পবন মান্তাই ৷ তদুপৰি মুখ্য কাৰ্যবাহী সদস্যগৰাকীয়ে ৰমাকান্ত দেউৰীৰ এনে দূৰ্ভাগ্যজনক মন্তব্যৰ বাবে তিৱা জনগোষ্ঠীক ভুল নুবুজিবলৈ অসমবাসী ৰাইজক আহ্বান জনোৱাৰ উপৰিও বিধায়কগৰাকীৰ মন্তব্যক ধিক্কাৰ দিয়ে ৷

Tiwa Autonomous Council against MLA Ramakant Deuri's Comment
বিধায়ক ৰমাকান্ত দেউৰীৰ বিৰুদ্ধে সৰৱ তিৱা স্বায়ত্তশাসিত পৰিষদ
author img

By

Published : Oct 6, 2020, 9:09 PM IST

মৰিগাঁও, 6 অক্টোবৰঃ বিধায়ক ৰমাকান্ত দেউৰীৰ বিৰুদ্ধে জাঙুৰ খাই উঠিল তিৱা স্বায়ত্তশাসিত পৰিষদ ৷ বিধায়ক গৰাকীৰ মন্তব্য তিৱা জনগোষ্ঠীৰ মন্তব্য নহয়, তিৱা জনগোষ্ঠীয়ে গোসাঁই-ব্ৰাহ্মণ সকলক সদায় সন্মান কৰি আহিছে ৷ মঙলবাৰে তিৱা স্বায়ত্ব শাসিত পৰিষদৰ সভাগৃহত সংবাদমেল সম্বোধন কৰি সাংবাদিকৰ আগত এইদৰে মন্তব্য কৰে তিৱা স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পবন মান্তাই ৷ তদুপৰি মুখ্য কাৰ্যবাহী সদস্যগৰাকীয়ে ৰমাকান্ত দেউৰীৰ এনে দূৰ্ভাগ্যজনক মন্তব্যৰ বাবে তিৱা জনগোষ্ঠীক ভুল নুবুজিবলৈ অসমবাসী ৰাইজক আহ্বান জনোৱাৰ উপৰিও বিধায়কগৰাকীৰ মন্তব্যক ধিক্কাৰ দিয়ে ৷

বিধায়ক ৰমাকান্ত দেউৰীৰ বিৰুদ্ধে সৰৱ তিৱা স্বায়ত্তশাসিত পৰিষদ

উল্লেখযোগ্য যে, মৰিগাঁৱৰ দুই ছাত্ৰ নেতাক সমালোচনা কৰিবলৈ গৈ এখন সভাত বিধায়ক ৰমাকান্ত দেউৰীয়ে সকলো সীমা অতিক্ৰম কৰি মহন্ত আৰু শৰ্মা উপাধিj ছাত্ৰ নেতাক নিৰ্মমভাৱে হানি-খুঁচি হত্যা কৰিম বুলি মন্তব্য কৰিছিল ৷ আনহাতে সাম্প্ৰদায়িক বিষবাষ্প বিয়পোৱা বিধায়ক ৰমাকান্ত দেউৰীৰ বিৰুদ্ধে সৰৱ হৈ সদৌ তিৱা ছাত্ৰ সন্থাকে ধৰি আন 5 তিৱা জাতীয় সংগঠন নেতৃত্বই বিধায়ক ৰমাকান্ত দেউৰীৰ বিৰুদ্ধে বিহিত গ্ৰহণ কৰিবলৈ প্ৰশাসনক দাবী জনায় ৷

লগতে পঢ়কঃকৰিমগঞ্জৰ এগৰাকী অধিবক্তাৰ মহানুভৱতা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.