মৰিগাঁও,8 মে’: শুকুৰবাৰে মৰিগাঁৱৰ বিভিন্ন ক’ভিড পৰীক্ষা কেন্দ্ৰত 2,852 গৰাকী লোকৰ ক’ভিড-19 পৰীক্ষা সম্পন্ন কৰা হয় । ইয়াৰে 187 গৰাকী ব্যক্তিৰ দেহত ধৰা পৰে ক’ভিড-19 ৰ অৱস্থিতি । যাৰ ফলত শুকুৰবাৰৰ দিনটোলৈকে মৰিগাঁৱত ক’ভিড ৰোগীৰ সংখ্যা 1,223 জনলৈ বৃদ্ধি হৈছে ।
পহিলা এপ্ৰিলৰ পৰা জিলাখনৰ মুঠ 44,346 গৰাকী ব্যক্তিক ৰেপিড এণ্টিজেন পৰীক্ষা সম্পন্ন কৰা হয় ৷ আক্ৰান্তসকলৰ ভিতৰৰ 474 গৰাকী ক’ভিড ৰোগীক হাস্পতালৰ পৰা অব্যাহতি দিয়া হৈছে । আনহাতে, শুকুৰবাৰে চিকিৎসাধীন 31 গৰাকী ক’ভিড ৰোগীক হাস্পতালৰ পৰা অব্যাহতি দিয়া হৈছে বুলি জিলা স্বাস্থ্য বিভাগে সদৰী কৰে ।
ইফালে স্বাস্থ্য বিভাগৰ সূত্ৰত প্ৰকাশ কৰা তথ্য অনুসৰি, ঘৰত থকা ক’ভিড ৰোগীৰ সংখ্যা 704 গৰাকী আৰু চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা ৰোগীৰ 43 গৰাকী । শুকুৰবাৰৰ দিনটোত সংক্ৰমণৰ হাৰ 6.2 (RAT) শতাংশ । আনহাতে, (RAT+RTPCR) য়ে প্ৰকাশিত তথ্য অনুসৰি সংক্ৰমণৰ হাৰ 2.7 বুলি সদৰী কৰিছে জিলা স্বাস্থ্য বিভাগে ।
লগতে পঢ়ক: ক’ভিড আক্ৰান্ত হৈ শোণিতপুৰত 4 জনৰ মৃত্যু