মৰিগাঁও, 23 এপ্ৰিলঃ লক ডাউনৰ নীতি-নিয়ম মানি বুধবাৰে মৰিগাঁৱৰ ভূৰবন্ধাত পালন কৰা হয় শ্ৰী শ্ৰী কড়চুং সত্ৰৰ প্ৰতিষ্ঠা দিৱস ৷ সত্ৰৰ পৰম্পৰা আৰু প্ৰচলিত ৰীতিমতেই তথা লক ডাউনৰ পৰিপ্ৰেক্ষিতত সীমিত সংখ্যক ভকত বৈষ্ণৱৰ উপস্থিতিত পালন কৰা হয় সত্ৰৰ প্ৰতিষ্ঠা দিৱস ৷ ইপিনে সত্ৰ পৰিচালনা সমিতিৰ সভাপতি আৰু সত্ৰাধিকাৰগৰাকীয়ে মন্তব্য কৰি কয় যে,এইবাৰ কৰ'ণাৰ আতংকৰ বাবে কেৱল মাত্ৰ ৫ গৰাকী ভকত লগ হৈ ভাগৱত পাঠৰ লগতে সমগ্ৰ বিশ্বৰ শান্তিৰ অৰ্থে তথা কৰ'ণা মহামাৰীৰ পৰা যাতে বিশ্ববাসীয়ে মুক্তি লাভ কৰে তাৰ বাবে বন্তি প্ৰজ্বলন কৰা হয় সত্ৰৰ প্ৰতিষ্ঠা দিৱসত ৷
লগতে পঢ়কঃনগাঁৱত কেইবালক্ষ টকাৰ নিচাজাতীয় ঔষধ জব্দ